আজি শনি জয়ন্তী আপোনাৰ বাবে বৰ বিশেষ হ'ব ৷ দৃক পঞ্চাংগ অনুসৰি, ৬ জুনত অৰ্থাৎ আজি শনি জয়ন্তী উদযাপন কৰা হৈছে ৷ ইয়াৰ উপৰিও চলিত মাহত কুম্ভ ৰাশিত শনিদেৱৰ প্ৰভাৱো সকলো লোকৰ ওপৰতে পৰিব ৷
২০২৪ চনৰ ৩০ জুনত দিনৰ ১২:৩৫ বজাত শনিদেৱে কুম্ভ ৰাশিত ওলোটাকৈ গতি কৰিব ৷ ১৩৯ দিন অৰ্থাৎ ১৫ নৱেম্বৰলৈকে শনিদেৱৰ এই প্ৰভাৱ বৰ্তি থাকিব ৷ যিয়ে ১২টা ৰাশিৰ ওপৰতো শুভ আৰু অশুভ প্ৰভাৱ পেলাব ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি শনি জয়ন্তীৰ দিনা শনিদেৱৰ কৃপাত কিছু ৰাশিৰ জাতক-জাতিকাই বিশেষ আশীৰ্বাদ লাভ কৰিব ৷ ই প্ৰতিটো কামতে সুখদায়ক ফল দিব আৰু জীৱনৰ সকলো বিপদৰ পৰা আপোনাক মুক্ত কৰিব ৷ শনি জয়ন্তীৰ দিনা কোনবোৰ ৰাশিৰ ভাগ্য উজলিব জানো আহক-
মেষ ৰাশি: কেৰিয়াৰৰ বাধা দূৰ হ’ব ৷ সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব ৷ আয় বৃদ্ধিৰ নতুন সুযোগ আহিব ৷ দীৰ্ঘদিন ধৰি বাকী থকা কাম সফল হ’ব ৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব ৷ আকাংক্ষিত চাকৰিৰ সন্ধান সম্পূৰ্ণ হ’ব ৷ নিয়োজিত লোকৰ পদোন্নতি হ’ব পাৰে ৷ ব্যৱসায়ত বৃদ্ধিৰ নতুন সুযোগ আহিব ৷
কন্যা ৰাশি: শনি জয়ন্তীৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব ৷ দীৰ্ঘদিন ধৰি বাকী থকা কাম সফল হ’ব ৷ জীৱনৰ সকলো বিপদৰ পৰা আপুনি সকাহ পাব ৷ ভৱিষ্যতৰ বাবে লোৱা সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ’ব ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব অপৰিসীম সফলতা ৷ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন পাব ৷ প্ৰতিটো ক্ষেত্ৰতে বৃহৎ সফলতা লাভ কৰিব ৷
কুম্ভ ৰাশি: শনিদেৱে কুম্ভ ৰাশিৰ লোকসকলক অতি শুভ ফল দিব ৷ শৈক্ষিক দিশত যথেষ্ট সফলতা লাভ কৰিব ৷ অর্থনৈতিক পৰিস্থিতিৰ উন্নতি হ’ব ৷ টকাৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব ৷ চাকৰিত পদোন্নতিৰ সুযোগ বাঢ়িব ৷ ঘৰুৱা বিপদৰ পৰা আপুনি সকাহ পাব ৷ মানসিক শান্তি পাব ৷ কেৰিয়াৰৰ লগত জড়িত ভাল খবৰ পাব ৷
লগতে পঢ়ক: শনিৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ শনি জয়ন্তীৰ দিনা কৰক এই কাম - Shani Jayanti 2024