ETV Bharat / health

এতিয়া আৰু ক্ৰয় কৰাৰ প্ৰয়োজন নাই বজাৰৰ দামী কণ্ডিচনাৰ : জানক ঘৰতে প্ৰস্তুত কৰাৰ উপায় - Homemade Conditioner

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:39 PM IST

Homemade Conditioner: চিন্তা নাই, কাৰণ এতিয়াৰে পৰা আপুনি ঘৰতে তৈয়াৰ কৰিব পাৰিব হেয়াৰ কণ্ডিচনাৰ । ইয়াৰ ফলত আপোনাৰ খৰচো কম হ’ব আৰু চুলিও মজবুত হ’ব । জানি লওক পদ্ধতি-

Now you don't need to purchase expensive conditioner from the store Learn how to make it at home
এতিয়া আৰু ক্ৰয় কৰাৰ প্ৰয়োজন নাই বজাৰৰ দামী কণ্ডিচনাৰ; জানক ঘৰতে প্ৰস্তুত কৰাৰ উপায় (FREEPIK)

সকলোৱে চুলি দীঘল, ঘন আৰু মজবুত কৰিবলৈ বিভিন্ন উপায় অনুসৰণ কৰে, আনকি কিছুমানে চুলি ধুনীয়া কৰিবলৈ দামী সামগ্ৰীও প্ৰয়োগ কৰে । ইয়াৰ ভিতৰত শ্বেম্পু, ছিৰাম, কণ্ডিচনাৰ আদি অন্তৰ্ভুক্ত, কিন্তু আপুনি জানেনে যে আমি ঘৰতে অতি সহজে হেয়াৰ কণ্ডিচনাৰ তৈয়াৰ কৰিব পাৰো । ইয়াৰ ফলত আপোনাৰ খৰচো কমকৈ হ’ব আৰু চুলিও মজবুত হ’ব । ঘৰতে হেয়াৰ কণ্ডিচনাৰ তৈয়াৰ কৰাটো অতিকৈ সহজ । ইয়াক তৈয়াৰ কৰাৰ পদ্ধতি জানো আহক-

Now you don't need to purchase expensive conditioner from the store Learn how to make it at home
ঘৰতে হেয়াৰ কণ্ডিচনাৰ তৈয়াৰ কৰাৰ উপায় (FREEPIK)

ঘৰতে হেয়াৰ কণ্ডিচনাৰ প্ৰস্তুত কৰক

ঘৰতে হেয়াৰ কণ্ডিচনাৰ বনাবলৈ প্ৰথমে দুচামুচ মৌ, দুচামুচ এলোভেৰা জেল আৰু চাৰি চামুচ অলিভ অইল এটা বাটিত লৈ এই তিনিবিধ সামগ্ৰী ভালদৰে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক । ইচ্ছা কৰিলে তাত অলপ পানীও যোগ কৰিব পাৰে । এই পেষ্ট তৈয়াৰ হ’লে ১০ৰ পৰা ১৫ মিনিটৰ বাবে একাষৰীয়াকৈ ৰাখিব, তাৰ পিচত বটলত ভৰাই কেইসপ্তাহমান ব্যৱহাৰ কৰি চাওক আপুনি অতি সোনকালে ভাল ৰিজাল্ট লাভ কৰিব ।

লগতে পঢ়ক: Hair Care Tips: গা ধোৱাৰ আধা ঘণ্টা পূৰ্বে লগাওক পাকঘৰত থকা এই ৩বিধ বস্তু, দামীতকৈও দামী কণ্ডিচনাৰ হ’ব ফেইল

চুলিত কণ্ডিচনাৰ ব্যৱহাৰ কৰক

চুলিত হেয়াৰ কণ্ডিচনাৰ লগোৱাৰ আগতে চেম্পুৰে চুলিখিনি ভালদৰে ধুই লওক । ইয়াৰ পিচত হেয়াৰ ব্ৰাছ বা আঙুলিৰ সহায়ত এই ঘৰতে তৈয়াৰ কৰা কণ্ডিচনাৰটো চুলিত ২০ মিনিটৰ বাবে ভালদৰে লগাই ৰাখক । ২০ মিনিটৰ পিচত মাইল্ড শ্বেম্পুৰ সহায়ত চুলিখিনি ধুই লওক । এতিয়া ঘৰতে তৈয়াৰ কৰা কণ্ডিচনাৰখিনি আপুনি সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰে ।

ঘৰতে তৈয়াৰ কৰা কণ্ডিচনাৰৰ উপকাৰিতা

যদি আপুনি সপ্তাহত দুবাৰকৈ এই ঘৰতে তৈয়াৰ কৰা কণ্ডিচনাৰ ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ চুলি সৰা বন্ধ কৰাত সহায় কৰিব আৰু আপোনাৰ চুলি আকৰ্ষণীয় কৰি তুলিব । মৌ আৰু এলোভেৰা জেলত এন্টিঅক্সিডেন্ট থাকে, যিয়ে চুলিক মজবুত কৰাত সহায় কৰে আৰু আৰ্দ্ৰ কৰি ৰাখে । ইচ্ছা কৰিলে এই কণ্ডিচনাৰত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে । ঘৰতে তৈয়াৰ কৰা কণ্ডিচনাৰ ব্যৱহাৰ কৰিলে চুলি কোমল হোৱাই নহয়, চুলিয়ে আৰ্দ্ৰতা লাভ কৰাৰ লগতে শুকানতা দূৰ হয় ।

এটা পেচ টেষ্ট কৰক

মনত ৰাখিব যে যিকোনো হেয়াৰ কণ্ডিচনাৰ অত্যধিক ব্যৱহাৰ নকৰিব, ই চুলিৰ ক্ষতি কৰিব পাৰে আৰু চুলি ধূসৰ হ’বলৈ আৰম্ভ কৰে । ঘৰতে তৈয়াৰ কৰা এই কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক । কাৰণ কিছুমান মানুহৰ ইয়াৰ ফলত এলাৰ্জী হ’ব পাৰে, যাৰ বাবে চুলি আৰু অধিক সৰিবলৈ আৰম্ভ কৰে । যদি এনেকুৱা হয় তেন্তে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লওক ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: সুস্থ চুলিৰ বাবে শ্বেম্পু, কণ্ডিচনাৰৰ উপৰিও খাদ্যৰ তালিকাত যোগ কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.