ETV Bharat / health

পৰ্যাপ্ত শাৰিৰীক শ্ৰম নকৰাৰ বাবে ৰোগৰ আশংকাত ভোগে 1.8 নিযুত প্ৰাপ্তবয়স্কই : বিশ্ব স্বাস্থ্য সংস্থা - Risk Of Disease

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:16 AM IST

WHO REPORT : প্ৰাপ্তবয়স্কসকলৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শাৰীৰিক নিষ্ক্ৰিয়তা ৷ যাৰ হাৰ 2010 ৰ পৰা 2022 চনৰ ভিতৰত প্ৰায় 5 শতাংশ বৃদ্ধি পাইছে ৷ বিশ্ব স্বাস্থ্য় সংস্থাই এক অধ্যয়নৰ পিছতে সদৰী কৰিছে এই তথ্য ৷

RISK OF DISEASE
শাৰীৰিক নিষ্ক্ৰিয়তা বৃদ্ধিৰ কাৰণ (Etv Bharat)

পৰ্যাপ্ত পৰিমাণৰ শ্ৰম নকৰাৰ ফলতে প্ৰাপ্তবয়স্ক লোকসকলৰ মাজত বৃদ্ধি পাইছে ৰোগৰ আশংকা ৷ বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰায় 1.8 নিযুত লোকে পৰ্যাপ্ত পৰিমাণৰ শ্ৰম নকৰাৰ ফলত তেওঁলোকৰ মাজত বৃদ্ধি পাইছে ৰোগৰ আশংকা ৷

2022 চনত সমগ্ৰ বিশ্বৰ প্ৰায় এক তৃতীয়াংশ(31 শতাংশ) প্ৰাপ্তবয়স্ক অৰ্থাৎ প্ৰায় 1.8 নিযুত লোকে শাৰিৰীকভাৱে সক্ৰিয় হৈ নাছিল বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্যত প্ৰকাশ পাইছে ৷ 2010 চনৰ পৰা 2022 চনৰ ভিতৰত এই মাত্ৰা প্ৰায় 5 শতাংশলৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক: দৈনিক খাদ্যাভ্যাসৰ তালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পাব আচৰিত লাভ - Garlic Benefits

যদিহে এই ধাৰা অব্যাহত থাকে, তেন্তে 2030 চনৰ ভিতৰত এই হাৰ প্ৰায় 35 শতাংশলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে ৷ 2030 চনৰ ভিতৰত শাৰীৰিক নিষ্ক্ৰিয়তা হ্ৰাস কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই সম্প্ৰতি প্ৰয়াস অব্যাহত ৰাখিছে ৷ শাৰীৰিক নিষ্ক্ৰিয়তাই প্ৰাপ্তবয়স্কসকলৰ মাজত হৃদৰোগ বিশেষকৈ ষ্ট্ৰোক, টাইপ 2 ডায়েবেটিচ, ডিমেনচিয়া, স্তন আৰু মলাশয়ৰ কৰ্কট ৰোগৰ উপৰিও কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

এই অধ্যয়নত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকসকলে শৈক্ষিক সহকৰ্মীসকলৰ সৈতে যুটীয়াভাৱে এই অধ্যয়ন চলাইছিল বুলি দ্য লেঞ্চেট গ্লোবেল হেল্থ জাৰ্ণেলত প্ৰকাশিত হৈছিল ।

গৱেষণাৰ অন্তত লাভ কৰা নতুন ফলাফলবোৰে কৰ্কট ৰোগ, হৃদৰোগ হ্ৰাস কৰা আৰু বৰ্ধিত শাৰীৰিক সক্ৰিয়তাৰ জৰিয়তে মানসিক সুস্থতা উন্নত কৰাৰ হেৰুওৱা সুযোগৰ ওপৰত আলোকপাত কৰে বুলি প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক ডাঃ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে ।

লগতে পঢ়ক: বিশ্ব ভিটিলিগো দিৱস : ছাল সম্পৰ্কীয় ৰোগৰ সজাগতা বৃদ্ধিয়ে মূল লক্ষ্য - World Vitiligo Day

উচ্চ আয়ৰ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চল(48 শতাংশ) আৰু দক্ষিণ এছিয়াত(45 শতাংশ) শাৰীৰিক নিষ্ক্ৰিয়তাৰ সৰ্বাধিক হাৰ দেখা গৈছিল ৷ তদুপৰি উচ্চ উপাৰ্জনৰ পশ্চিমীয়া দেশবোৰত 28 শতাংশৰ পৰা ওচেনিয়াত 14 শতাংশলৈকে অন্যান্য অঞ্চলত নিষ্ক্ৰিয়তাৰ পৰ্যায় আছিল । পুৰুষৰ তুলনাত বিশ্বব্যাপী মহিলাসকলৰ মাজত শাৰীৰিক নিষ্ক্ৰিয়তাৰ মাত্ৰা সৰ্বাধিক বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰে ৷ এই হাৰ পুৰুষৰ ক্ষেত্ৰত 29 শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত হৈছে 34 শতাংশ ।

আনহাতে, একাংশ দেশত এই পাৰ্থক্য হৈছে প্ৰায় 20 শতাংশ ৷ ইয়াৰোপৰি 60 বছৰতকৈ অধিক লোক আন প্ৰাপ্তবয়স্কৰ তুলনাত কম সক্ৰিয়, বয়সস্থ প্ৰাপ্তবয়স্কসকলৰ বাবে শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি অধ্য়য়নটোত প্ৰকাশ পায় ।

উল্লেখ্য় যে, শাৰীৰিক নিষ্ক্ৰিয়তা হৈছে বিশ্ব স্বাস্থ্যৰ বাবে এক নীৰৱ ভাবুকি, যি দীৰ্ঘম্যাদী ৰোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় বুলি সদৰী কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য প্ৰচাৰৰ সঞ্চালক ডাঃ ৰুদিগাৰ ক্ৰেচে ৷

লগতে পঢ়ক: ডায়েবেটিছ, মেদবহুলতাকে ধৰি ৫৬ শতাংশ ৰোগৰ মূল কাৰণ অস্বাস্থ্যকৰ খাদ্য - ICMR

উদ্বেগজনক ফলাফল স্বত্বেও, কেইখনমান দেশত উন্নতিৰ কিছুমান লক্ষণ আছে । অধ্যয়নটোৱে দেখুৱাইছে যে, বিগত এটা দশকত বিশ্বৰ প্ৰায় আধাসংখ্যক দেশে এইক্ষেত্ৰত কিছু উন্নতি লাভ কৰিছে ৷ আন 22 খন দেশে 2030 চনৰ ভিতৰত নিষ্ক্ৰিয়তা 15 শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে ৷

এই ফলাফলবোৰৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই দেশসমূহক প্ৰাথমিক আৰু সামূহিক ক্ৰীড়া তথা সক্ৰিয় মনোৰঞ্জন আৰু পৰিবহণৰ(খোজ কঢ়া, চাইকেল চলোৱা আৰু ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ) জৰিয়তে শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি আৰু সক্ষম কৰাৰ বাবে তেওঁলোকৰ নীতি কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: আপোনাৰ এইসমূহ শাৰীৰিক সমস্যাৰ সমাধান দিব ধনিয়া পাতে - CORIANDER BENEFITS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.