ETV Bharat / health

ঔষধ খায়ো কমাব পৰা নাই কলেষ্টেৰল ? এইকেইবিধ খাদ্যই কৰিব সহায় - Bad Cholesterol

How To Control Cholesterol: আমাৰ শৰীৰৰ বাবে উচ্চ কলেষ্টেৰল কোনো মাৰাত্মক ৰোগতকৈ কম নহয় । ইয়াৰ উপৰিও কলেষ্টেৰলে যকৃত, বৃক্ক আৰু অন্যান্য অংগৰো ক্ষতিসাধন কৰে । অৱশ্যে ইয়াৰ নিয়ন্ত্ৰণ কৰাৰ উপায় কি আজিয়েই জানি লওক...

HOW TO CONTROL CHOLESTEROL
ঔষধ খাইয়ো কমাব পৰা নাই কলেষ্টেৰল ? এইকেইবিধ খাদ্যই কৰিব সহায় (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 2:27 PM IST

বৰ্তমানৰ ব্যস্ততাৰে ভৰা এই জীৱনত অনিয়মিত খাদ্যাভ্যাস তথা জীৱনশৈলীৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰিছে । ইয়াৰ ফলত আমাৰ শৰীৰত মাৰাত্মক ৰোগে আশ্ৰয় ল’বলৈ ধৰিছে ৷ যাক সময়ে সময়ে পৰীক্ষা কৰি নাথাকিলে কেতিয়া ই আপোনাৰ শৰীৰৰ ক্ষতিসাধন কৰিবলৈ ধৰিব আপুনি কোনো উমানেই নাপাব ৷

অনিয়মিত জীৱনশৈলীৰ বাবে উচ্চ কলেষ্টেৰল এটা সাধাৰণ কথাত পৰিণত হৈছে । কলেষ্টেৰল হৈছে আমাৰ তেজত পোৱা এবিধ আঠাযুক্ত পদাৰ্থ । আমি সঠিক তথা সুষম আহাৰ গ্ৰহণ নকৰা সুস্থ জীৱনশৈলী অনুসৰণ নকৰাৰ ফলতেই বাবেই আমাৰ শিৰাত কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে । যদিও, সুষম পৰিমাণত কলেষ্টেৰল হৰম’ন উৎপাদন আৰু হজম শক্তিত সহায়ক হয়, কিন্তু ইয়াৰ বৃদ্ধিয়ে বহু সমস্যাৰ সৃষ্টি কৰে ।

কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে শিৰাৰ গতি সংকীৰ্ণ হৈ পৰে আৰু ইয়াৰ ফলত ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে । কলেষ্টেৰল বৃদ্ধিৰ ফলত হৃদযন্ত্ৰৰ আটাইতকৈ বেছি ক্ষতি হোৱা দেখা যায় । কলেষ্টেৰলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে । ইয়াৰ উপৰিও ই যকৃত, বৃক্ক আৰু অন্যান্য অংগৰো ক্ষতিসাধন কৰিব পাৰে ।

উল্লেখযোগ্য যে, আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত খাদ্যই শৰীৰত তেজৰ কলেষ্টেৰল বৃদ্ধি আৰু নিয়ন্ত্ৰণৰ কাম কৰে । যদি আপুনি কণী, ৰন্ধন তেল, ঘিউ আদি বস্তু সেৱন কৰে, তেন্তে শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে । একে সময়তে সতেজ ফল-মূল আৰু শাক-পাচলিয়ে ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰে । এনে পৰিস্থিতিত সঠিক খাদ্য গ্ৰহণ কৰি সহজে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

লগতে পঢ়ক: Spiny Gourd benefits: বেয়া কলেষ্টেৰলক শৰীৰৰ পৰা কৰিব বাহিৰ; খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

এই ফলমূল আৰু শাক-পাচলি গ্ৰহণ কৰক

জনাই দিও যে, খাদ্যৰ আঁহ সতেজ ফল-মূলৰ পৰা পোৱা যায়, যিয়ে কলেষ্টেৰল শোষণ কৰাত সহায় কৰে । কেৱল এয়াই নহয়, ফাইবাৰে কলেষ্টেৰল তেজত দ্ৰৱীভূত হ’বলৈ নিদিয়ে ।

এনে পৰিস্থিতিত যদি আপুনিও খাদ্যৰ জৰিয়তে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে আপেল আৰু নাচপতিৰ দৰে ফলমূল আৰু ভেন্দি, পানীলাও, জিকা, পালেং আদি শাক-পাচলি প্ৰচুৰ পৰিমাণে খাবলৈ চেষ্টা কৰক ।

শণৰ গুটিয়ে কৰিব সহায়

শণৰ গুটিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে । যদি আপুনি কলেষ্টেৰল কমাব বিচাৰে, তেন্তে শণৰ গুটি শুকানকৈ ভাজি দৈনিক চোবাই খাবলৈ আৰম্ভ কৰক । ইয়াৰ ফলত আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাব ।

ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰক

ব্ৰাউন ৰাইচ, ব্ৰাণ ফ্লাৱাৰ, বাৰ্লি ফ্লাৱাৰ আৰু বাজৰা সেৱন কৰিলেও কলেষ্টেৰল হ্ৰাস কৰিব পৰা যায় । দৰাচলতে এই খাদ্যবোৰতো আঁহ পোৱা যায়, যাৰ ফলত বেয়া কলেষ্টেৰল দূৰ হোৱাত সহায় হয় ।

লগতে পঢ়ক: Bad Cholesterol ক সিৰাৰ পৰা বাহিৰ কৰিব এই ৫বিধ পাতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.