ETV Bharat / health

শীতকালত চৰ্দি-কাহৰ পৰা সকাহ দিয়াত সক্ষম এইসমূহ বস্তু - COLD COUGH AND SORE THROAT

শীতকাল আহিলে ডিঙি, নাক তথা মুখৰ সৈতে জড়িত নানান সমস্যাই দেখা দিয়ে ৷ যদি আপোনাৰ সৈতেও এনে হয় তেন্তে এয়া লওক উপায়-

Natural Remedies for Winter Ailments: Items to Provide Relief from Colds and Coughs
শীতকালত চৰ্দি-কাহৰ পৰা সকাহ দিয়াত সক্ষম এইসমূহ বস্তু (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 7, 2024, 8:37 PM IST

ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ঠাণ্ডা আৰু অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ বতৰৰ এই পৰিৱৰ্তনে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰাৰ লগতে ইটোৰ পিছত সিটো সমস্য়াই দেখা দিবলৈ আৰম্ভ কৰে ৷ বহু সময়ত চৰ্দি ভাল হোৱাৰ পিছতো ডিঙিৰ বিষ বহুদিনলৈকে থাকে বা কফ জমা হোৱাৰ বাবে, কাহৰ লগতে বুকুৰ বিষ আৰম্ভ হয় ৷ কিছুমান প্ৰাকৃতিক বস্তুৱে ঔষধৰ দৰে কাম কৰে যিয়ে ডিঙিৰ বিষৰ সমস্যাৰ পৰা উপশম দিয়াই নহয়, কাহ আৰু চৰ্দিৰ পৰাও মুক্তি দিয়ে ৷

ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ’লে কেতিয়াবা খোৱা-বোৱা বা কথা কওঁতেও অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় আৰু ইয়াৰ যত্ন নল’লে সমস্যা বাঢ়িব পাৰে ৷ বৰ্তমান ভাইৰাছজনিত সমস্যাৰ বাবে বাৰে বাৰে ঔষধ খোৱাটো উচিত নহয়, গতিকে ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ বস্তু আপোনাৰ বাবে উপযোগী হ’ব পাৰে জানো আহক-

তুলসীৰ ৰস

তুলসী গছ ঘৰত সহজে পোৱা যায় ৷ ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ’লে তুলসীৰ ৰস খালে উপশম পাব পাৰে ৷ ইয়াৰ দ্বাৰা চৰ্দি আৰু কাহৰ পৰাও বহুখিনি সকাহ পোৱা যায় ৷

আদা বা শুকান আদা

শীতকালত প্ৰায় প্ৰতিটো ঘৰতে চাহ বনোৱাৰ বাবে আদা থাকে ৷ যদি কেঁচা আদা পোৱা নাযায় তেন্তে শুকান আদাও ব্যৱহাৰ কৰিব পাৰি ৷ ডিঙিৰ বিষ হ’লে দাঁতৰ গুৰিত শুকান আদাৰ সৰু টুকুৰা এটা হেঁচা মাৰি ধৰিব, ইয়াৰ ফলত ৰস লাহে লাহে ডিঙিত উপনীত হ’ব আৰু আপুনি সকাহ অনুভৱ কৰিব ৷ ইয়াৰ উপৰিও মৌৰ লগত মিহলি শুকান আদাৰ গুড়ি চেলেকিলেও সকাহ পোৱা যায় ৷ আদাৰ ৰসৰ সৈতে মৌ মিহলায়ো খাব পাৰি ৷

হালধিয়ে কৰিব সহায়

ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ কেঁচা হালধি আৰু অলপ নিমখ পানীত উতলাই এই পানী চেকনিৰে চেকি দিনে দুই-তিনিবাৰ গাৰ্গল কৰক ৷ ইয়াৰ ফলত ডিঙিৰ বিষ কম হোৱাৰ লগতে আপুনি উপশম লাভ কৰিব ৷

জালুকে দিব সকাহ

ডিঙিৰ বিষ, জমা হোৱা কফ আৰু চৰ্দিৰ পৰাও উপশম পোৱাত জালুক অতি ফলপ্ৰসূ ৷ ইয়াক খুন্দি ঘিউৰ লগত খাব পাৰে বা মৌৰ লগত খাব পাৰে ৷ ইয়াৰ উপৰিও চাহত জালুক দি পান কৰিলেও আপুনি যথেষ্ট সকাহ অনুভৱ কৰিব ৷

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে কি নিতৌ এই ৭বিধ সামগ্ৰীৰ দ্বাৰা তৈয়াৰী চাহ খোৱা উচিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.