ETV Bharat / health

আপোনাৰ মগজুৰ বাবে ঔষধৰ দৰে কাম কৰে সংগীতে

Music Is Medicine for Your Brain: ইণ্টাৰনেচনেল জাৰ্নেল অফ জেৰিয়াট্ৰিক চাইকিয়াট্ৰিত প্ৰকাশিত এক গৱেষণাত, গৱেষকসকলে ৪০ বছৰতকৈ অধিক বয়সৰ ১০০০ৰো অধিক প্ৰাপ্তবয়স্কৰ তথ্য পৰীক্ষা কৰি মগজুৰ স্বাস্থ্যৰ সন্দৰ্ভত গৱেষণা কৰিছিল ৷

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:41 PM IST

Music Is Medicine for Your Brain, and It Has a Lot of Benefits
আপোনাৰ মগজুৰ বাবে ঔষধৰ দৰে কাম কৰে সংগীতে: গৱেষণা

বৰ্ধিত বয়সৰ সৈতে আমাৰ শৰীৰটোক বহু বেমাৰে আগুৰি ধৰে ৷ বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ আৰু মস্তিষ্কৰ সমস্যা হ'বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত, শেহতীয়া এক নতুন গৱেষণাই এক আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে ৷ এই গৱেষণা অনুসৰি, সংগীত শুনি থাকিলে আপোনাৰ মগজু ভালদৰে বিকশিত হ'ব পাৰে ৷ ইণ্টাৰনেচনেল জাৰ্নেল অফ জেৰিয়াট্ৰিক চাইকিয়াট্ৰিত প্ৰকাশিত এই গৱেষণাত, গৱেষকসকলে ৪০ বছৰতকৈ অধিক বয়সৰ ১০০০ৰো অধিক প্ৰাপ্তবয়স্কৰ তথ্য পৰীক্ষা কৰি মগজুৰ স্বাস্থ্যৰ সন্দৰ্ভত গৱেষণা কৰিছিল ৷

১০ বছৰ ধৰি চলি থকা প্ৰটেক্ট নামৰ গৱেষণাটোত প্ৰায় ২৫০০০ লোকে অংশগ্ৰহণ কৰিছিল ৷ এই গৱেষণাত প্ৰমাণ হয় যে পিয়ানোৰ দৰে বাদ্যযন্ত্ৰ বজালে স্মৃতিশক্তি আৰু কাম সম্পাদন কৰাৰ সামৰ্থ্য উন্নত কৰে ৷ তদুপৰি, সংগীতে মগজুৰ স্বাস্থ্যও উন্নত কৰে ৷

ইউকেৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ ডিমেনচিয়া গৱেষণা অধ্যাপক এনি কৰ্বেটে প্ৰকাশ কৰা মতে, ‘আমাৰ এই গৱেষণাই আমাক মগজু আৰু সংগীতৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰাৰ এক নতুন সুযোগ প্ৰদান কৰে ৷ আমাৰ ফলাফলে সূচায় যে সংগীত মগজুৰ স্বাস্থ্যৰ বাবে অতি লাভজনক ৷ বিশেষকৈ বৃদ্ধসকলৰ জীৱনটো সুলচ কৰাত সংগীতৰ ভূমিকা অপৰীসীম ৷’ আনহাতে, কৰ্বেটে লগতে জনায় যেডিমেনচিয়াত ভুগি থকা ব্যক্তিসকলৰ বাবেও সংগীত লাভজনক বুলি প্ৰমাণিত হৈছে ৷ একে সময়তে, প্ৰাপ্তবয়স্কলোকৰ মগজুৰ স্বাস্থ্যৰ লগতে আয়ুস বৃদ্ধিতো সংগীত যথেষ্ট সহায়ক ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: স্বাস্থ্যকৰ যেন লগা এই খাদ্যবোৰ আপোনাৰ শিশুটিৰ বাবে হ’ব পাৰে বিপদজনক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.