বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত প্ৰতি দ্বিতীয়জন ব্যক্তি কোনোবা নহয় কোনোবা ৰোগৰ আক্ৰান্ত হয় ৷ এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ্তমান এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে ৷ ইয়াৰে এটা হ’ল ডায়েবেটিছ যদিও, এই ৰোগ প্ৰতিৰোধৰ বাবে বহু ধৰণৰ ঔষধ উপলব্ধ, কিন্তু মানুহৰ জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে কেতিয়াবা এই ঔষধবোৰো ফলপ্ৰসূ প্ৰমাণিত নহয় ৷
ডায়েবেটিছ এক ভয়াৱহ ৰোগ
ডায়েবেটিছৰ ভয়াৱহতা আপুনি কেৱল এইটোৱেই কল্পনা কৰিব পাৰে যে আজি ই শিশু, বৃদ্ধ, যুৱক-যুৱতী আৰু মহিলাকে ধৰি প্ৰতিটো বয়সৰ লোকক প্ৰভাৱিত কৰিছে ৷ ইনচুলিন হৰম’ন উৎপাদন বা কাম কৰিব নোৱাৰাৰ বাবে তেজত গ্লুক’জ (চেনি)ৰ পৰিমাণ বৃদ্ধি হোৱাকে ডায়েবেটিছ বোলা হয় ৷ দীৰ্ঘদিনীয়া এই ৰোগত স্নায়ু আৰু শিৰাৰ ক্ষতি হয় যাৰ বাবে হৃদৰোগ, ৰক্তচাপ বৃদ্ধি, বৃক্ক বিকল হোৱা, ষ্ট্ৰ’ক আদি বহুতো ৰোগৰ আশংকা বৃদ্ধি পায় ৷
কিয় চাইলেণ্ট কিলাৰ বুলি কোৱা হয় এই ৰোগক
সেয়েহে ডায়েবেটিছে নীৰৱে আপোনাৰ জীৱনৰ আশংকা বৃদ্ধি কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ লোকে ক্ৰমান্বয়ে এই ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে ৷ বৰ্তমান বিশ্বৰ ৫৩.৭ কোটি লোক আৰু ভাৰতৰ ৮.২ কোটি লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত মধুমেহ ৰোগে মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছে চিকিৎসকগৰাকীয়ে ৷
কেনেকৈ ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি ?
যদি আপুনি ডায়েবেটিছৰ পৰা সুৰক্ষিত থাকিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰিব লাগিব ৷ উদাহৰণস্বৰূপে ব্যায়ামৰ প্ৰতি মনোযোগ দিব লাগিব, মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগিব আৰু বেয়া খাদ্যাভ্যাস ত্যাগ কৰিব লাগিব ৷ এতিয়া আপোনাৰ মনলৈ এই প্ৰশ্ন আহিব পাৰে যে কেতিয়া শৰ্কৰাৰ পৰীক্ষা কৰা উচিত, গতিকে এনে লক্ষণ দেখা পালে লগে লগে গ্লুক’জ পৰীক্ষা কৰাব লাগে ৷ যেতিয়া আপোনাৰ হৃদৰোগ, পেনক্ৰিয়াচত সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা, এইচ আই ভি ৰোগী, কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি, মেদবহুলতা, তেতিয়া এনে অৱস্থাত আপুনি তৎক্ষণাত ব্লাড চুগাৰ টেষ্ট কৰাব লাগে ৷
Ref:-https://www.who.int/news-room/fact-sheets/detail/diabetes