ETV Bharat / health

চুলি খুব ফাটে নেকি ? তেন্তে অৱলম্বন কৰক এইসমূহ উপায় - Hair Care

author img

By ETV Bharat Health Team

Published : Aug 24, 2024, 7:43 PM IST

Hair Care: প্ৰায়ে এনেকুৱা হয় যে আমাৰ চুলিৰ সঠিক যতন তথা কেমিকেল ট্ৰিটমেন্ট অত্যধিক ব্যৱহাৰৰ ফলত আমাৰ চুলি ফাটিবলৈ আৰম্ভ কৰে ৷ কিন্তু ইয়াৰ পৰা আমাৰ চুলিক ৰক্ষা কৰাৰ উপায় কি আজি এই বিষয়ে জানো আহক-

Learn the easy ways to solve serious problems with your hair
চুলি খুব ফাটে নেকি ? তেন্তে অৱলম্বন কৰক এইসমূহ উপায় (FREEPIK)

যেতিয়া আমি আমাৰ চুলিৰ সঠিক যত্ন নলও, তেতিয়াই ই দুৰ্বল হৈ ইয়াৰ আগবোৰ ফাটিবলৈ আৰম্ভ কৰে ৷ ফটা চুলিয়ে আমাৰ সৌন্দৰ্য বহু পৰিমাণে হ্ৰাস কৰে ৷সেয়েহে, চুলিখিনি যাতে নাফাটে, তাৰ বাবে উচিত যত্ন লোৱাটো খুবেই প্ৰয়োজন ৷ আজি চুলিৰ আগ ফটাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে জানো আহক-

চুলি ফটাৰ মূল কাৰণ

হেয়াৰ ড্ৰায়াৰ, ষ্ট্ৰেটনাৰ আৰু কাৰ্লিং মেচিনৰ অত্যধিক ব্যৱহাৰে চুলি দুৰ্বল আৰু শুকান কৰে ৷ যাৰ ফলত চুলি ফাটে ৷ চুলি ৰং কৰা, পাৰ্মিং কৰা বা অন্যান্য ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰিলে চুলিৰ ক্ষতিগ্ৰস্ত হয় ৷ সেয়েহে, এইসমূহৰ পৰা চুলিক পাৰিলে বচাই ৰাখিব ৷

আৰ্দ্ৰতাৰ অভাৱ

আৰ্দ্ৰতাৰ অভাৱৰ বাবেও চুলি শুকান হৈ পৰে ৷ যাৰ ফলত চুলিৰ আগ ফাটিবলৈ আৰম্ভ কৰে ৷ তদুপৰি, সূৰ্যৰ অতিবেঙুনীয়া (ইউভি) ৰশ্মিয়ে চুলিৰ ক্ষতি কৰে ৷ বহুদিন ধৰি চুলি নকটা তথা চুলিৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱৰ ফলতো চুলি দুৰ্বল আৰু ফাটিব পাৰে ৷

চুলি ফটা সমস্যাৰ পৰা সমাধান লাভৰ উপায়

নিয়মীয়া ট্ৰিমিং

প্ৰতি ৬-৮ সপ্তাহৰ মূৰে মূৰে চুলি কটাটো খুবেই বেছি জৰুৰী ৷ ই চুলি ফটা সমস্যা ৰোধৰ আটাইতকৈ কাৰ্যকৰী উপায় ৷নিয়মীয়াকৈ চুলি কটাৰ ফলত চুলি স্বাস্থ্যৱান আৰু শক্তিশালীও হয় ৷

হেয়াৰ মাস্ক, কণ্ডিচনাৰ

চুলি ফটাৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সদায় হেয়াৰ মাস্ক আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব ৷ ই চুলিত আৰ্দ্ৰতা বৰ্তাই ৰাখে আৰু শক্তিশালী কৰে ৷

তাপৰ পৰা সুৰক্ষা

চুলিৰ ষ্টাইলিং সঁজুলি ব্যৱহাৰ কৰোতে সদায় তাপ সুৰক্ষা স্প্ৰে ব্যৱহাৰ কৰিব ৷ ই চুলিক তাপৰ পৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে ৷

প্ৰাকৃতিক তেলৰ ব্যৱহাৰ

নাৰিকল তেল, বাদাম তেল বা আৰ্গান তেলৰ সৈতে চুলি মালিচ কৰক ৷ ই চুলিক পুষ্টি প্ৰদান কৰাৰ লগতে শক্তিশালী কৰি ৰখাত সহায় কৰে ৷

ৰাসায়নিক চিকিৎসা পৰিহাৰ কৰিব

চুলিত ৰং কৰা বা অন্যান্য কেমিকেল ট্ৰিটমেন্ট অত্যধিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ৷ কাৰণ ই আপোনাৰ চুলিৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰাৰ পূৰ্বে ভালদৰে নিৰীক্ষণ কৰক ৷ যদি খুব প্ৰয়োজন হয়, তেতিয়া কৰিব আৰু চুলিৰ সঠিক যত্ন লওক ৷

আৰ্দ্ৰতা

হাইড্ৰেটিং ছেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব, ই চুলিৰ আৰ্দ্ৰতা বজাই ৰাখে ৷ সঘনাই চুলি ধোৱা পৰিহাৰ কৰিব, কিয়নো ইয়াৰ ফলত চুলিৰ প্ৰাকৃতিক তেল হেৰুৱাব পাৰে ৷

স্বাস্থ্যকৰ আহাৰ

ভিটামিন, খনিজ আৰু প্ৰ'টিনসমৃদ্ধ খাদ্য খাবলৈ চেষ্টা কৰক ৷ ই চুলিৰ গুৰি শক্তিশালী তথা মজবুত কৰে আৰু চুলি ফটাৰ সমস্যা দূৰ কৰে৷

কিদৰে ল'ব চুলিৰ যত্ন ?

  1. চুলি গামোচা-টাৱেলেৰে ঘঁহি দিয়াৰ সলনি পাতলকৈ মচিব ৷তিতা হৈ থাকিলে চুলিত সাৱধানে ফনী ব্যৱহাৰ কৰিব, কিয়নো তিতা চুলি দুৰ্বল ৷
  2. অতি গৰম পানীৰে চুলি ভুলতো নুধুব ৷ গৰম পানীয়ে চুলি শুকান কৰে, যাৰ ফলত চুলি ফাটে ৷
  3. চুলি সদায় ওপৰৰ পৰা তলতৈ ফনীয়াব ৷
  4. শোৱাৰ আগতে চুলি সদায় বান্ধি শুব ৷ ই চুলিৰ ঘৰ্ষণ হ্ৰাস কৰে ৷যাৰ বাবে চুলি ভালে থাকে ৷
লগতে পঢ়ক: চুলিৰ সকলো সমস্যাৰ সমাধান দিব আমলখিয়ে: জানি লওক ব্যৱহাৰৰ পদ্ধতি - Amla For Hair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.