ETV Bharat / health

অভাৱৰ দীঘলীয়া তালিকা কনকলতা অসামৰিক চিকিৎসালয়ত : ৰোগীৰ মাজত হাহাকাৰ - Assam Health Department

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:21 PM IST

Kanaklata Civil Hospital : আই চি ইউ কক্ষত শিকলি আৰু তলা ৷ অক্সিজেন উৎপাদন কক্ষত উৎপাদন নহয় অক্সিজেন ৷ চকু চিকিৎসকে নকৰে অস্ত্ৰোপচাৰ ৷ চৰকাৰী চিকিৎসালয়খনত নহয় এক্সৰে ৷ এনেদৰেই চলিছে বিয়াগোম স্বাস্থ্য বিভাগ ৷

Kanaklata Civil Hospital
কনকলতা অসামৰিক চিকিৎসালয় (ETV Bharat Assam)

তেজপুৰ, ১৮ জুলাই : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নতিকৰণৰ ফোঁপোলা স্বৰূপ দৈনিক উন্মোচিত হৈ আহিছে ৷ তথাপি কাণসাৰ নাই বিয়াগোম স্বাস্থ্য বিভাগৰ ।

স্বাস্থ্য বিভাগে ৰাজ্যত ইখনৰ পিচত সিখন চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰাৰ সময়তে বহুতো চিকিৎসালয়ত ৰোগীক দিব পৰা নাই উন্নতমানৰ চিকিৎসাৰ সুবিধা ৷ চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷ এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰোগীক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা দেখিবলৈ পোৱা যায় ৷ চিকিৎসালয়সমূহত নাই উপযুক্ত চিকিৎসক ৷

এইবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থাই ৷ উল্লেখযোগ্য যে ইতিমধ্যে এইখন চৰকাৰী চিকিৎসালয়ত সৰ্বসাধাৰণ ৰাইজ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাই নহয়, ইয়াৰ পৰা ৰোগীক তাৎক্ষণিকভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাটো এতিয়া তেনেই সহজ ব্যৱস্থাত পৰিণত হৈছে ৷ ফলত আৰ্থিকভাৱে পিচপৰা ৰোগীও বাধ্য হয় নাৰ্ছিং হোমলৈ যোৱাৰ বাবে ৷

উল্লেখযোগ্য যে, ২০১১ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত উদ্বোধন কৰা হৈছিল ইন্টেনছিভ কেয়াৰ চেন্টাৰ আই চি ইউ ৷ সেয়া উদ্বোধনহে কৰা হ’ল, তাৰ পৰা ৰোগীয়ে কোনো সুফল লাভ নকৰিলে ৷ এই আই চি ইউ তিনিবাৰকৈ উদ্বোধন কৰাৰ পিচত সম্প্ৰতি তলা ওলমি থকা পৰিলক্ষিত হৈছে । বিগত বহুদিন ধৰি চিকিৎসালয়খনৰ আই চি ইউ কক্ষত ওলমি আছে শিকলি আৰু তলা ৷ আনহাতে চকু বিভাগৰ চিকিৎসকো চৰকাৰী হাস্পতালখনত আছে যদিও চকুৰ অস্ত্ৰোপচাৰহে কৰা নহয় ৷

কনকলতা অসামৰিক চিকিৎসালয়ৰ চকুৰ অস্ত্ৰোপচাৰ কক্ষটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ অজুহাততে ৰোগীৰ চকুৰ অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই বিষয়টো স্বাস্থ্য বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰো জ্ঞাত যদিও বছৰৰ পিচত বছৰ অব্যৱহৃতভাৱে পৰি থকা চকু অস্ত্ৰোপচাৰ কক্ষটো ব্যৱহাৰৰ উপযোগী কৰি তোলা হোৱা নাই ৷

উল্লেখযোগ্য যে, চৰকাৰী চিকিৎসালয়খনত এইদৰে উল্লেখিত কক্ষটো পেলাই থৈ চকুৰ অস্ত্ৰোপচাৰ নকৰাকৈ থকাৰ আঁৰত ৰহস্য আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ চিকিৎসালয়খনত অতিকৈ জৰুৰীকালীন সেৱা এক্সৰে মেচিন আছে, কিন্তু সিও বিকল হৈ আছে । ৰোগীক চিকিৎসকে এক্সৰে কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ৰোগীয়ে চিকিৎসালয়ত নাপাই বাহিৰত এক্সৰে কৰি পুনৰ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰে ।

এইখন চিকিৎসালয়ত সম্প্ৰতি তলা ওলমি থকা আই চি ইউৰ দৰে ইয়াত কানাডাৰ কোঠাৰী ফেমিলী ফাউণ্ডেশ্যন আৰু ট্ৰিল্লিয়াম হেল্থ পাৰ্টনাৰ্ছ ফাউণ্ডেশ্যনৰ দ্বাৰা কনকলতা অসামৰিক চিকিৎসালয়ত স্থাপন কৰা অক্সিজেন উৎপাদন প্ৰকল্পটোও সম্প্ৰতি বিকল হৈ পৰি আছে ৷ এই প্ৰকল্পটোও এতিয়ালৈকে তিনিবাৰ উদ্বোধন কৰা হয় আৰু শেহতীয়াকৈ ২০২৩ৰ ১৫ আগষ্টত এই প্ৰকল্পটোৰ ব্যাপক প্ৰচাৰৰে উদ্বোধন কৰা হৈছিল ৷ উদ্বোধন হ’লেও ইয়াত এতিয়া অক্সিজেন উৎপাদন নহয় ৷

আনকি হাস্পতালখনত বেটাৰী আদিও চুৰি হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৷ তেজপুৰৰ লগতে শোণিতপুৰৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ এইখন চৰকাৰী চিকিৎসালয়ৰ এনে অৱস্থাই সাধাৰণ ৰাইজক যথেষ্ট অসুবিধাৰ সন্মুখীন কৰাইছে ৷ তথাপি চিকিৎসালয়খনত অব্যাহত এনে অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক : গুৰুতৰভাৱে অসুস্থ প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া

লগতে পঢ়ক : হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ সম্পন্ন : নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বিৰল সফলতা

লগতে পঢ়ক : জে এম চি এইছত 11 বছৰীয়া শিশুৰ মৃত্যু তদন্তৰ প্ৰতিবেদন দাখিল; অসন্তুষ্ট পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.