ETV Bharat / health

চাহ-কফিৰ সলনি খাওক বিভিন্ন উপকাৰিতাৰে সমৃদ্ধ জাপানীজ মাচা - Japanese Matcha

author img

By ETV Bharat Health Team

Published : Aug 27, 2024, 4:41 PM IST

Japanese Matcha: দিনটোৰ আৰম্ভণি বহুতে চাহ বা কফিৰ সৈতে কৰে কিন্তু খালী পেটত পুৱা ইয়াক সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক ৷ সেয়ে ইয়াৰ অনুসৰি আপোনালোকে ‘জাপানীজ মাচা' যি একপ্ৰকাৰৰ সেউজীয়া চাহ হয় ইয়াক আপুনি গ্ৰহণ কৰিব পাৰে লগতে ই বিভিন্ন স্বাস্থ্য উপকাৰিতাৰে সমৃদ্ধ ৷

Japanese matcha tea can be a healthy alternative to coffee
চাহ-কফিৰ সলনি খাওক বিভিন্ন উপকাৰিতাৰে সমৃদ্ধ জাপানীজ মাচা (CANVA)

গ্ৰীণ টি, আইচক্ৰীম আৰু ডেজাৰ্টৰ ৰূপত ‘জাপানীজ মাচা বা মাচা ফ্লেভাৰ’ আজিকালি সমগ্ৰ বিশ্বতে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ৷ জাপানীজ মাচা (মূলতঃ সেউজীয়া চাহ) কেৱল ইয়াৰ সোৱাদৰ বাবেই নহয়, স্বাস্থ্যৰ উপকাৰিতাৰ বাবেও মানুহৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে ৷ ইয়াৰ ৰুচিৰ প্ৰশংসকসকলৰ ভিতৰত কেৱল নতুন ধাৰা অনুসৰণ কৰা যুৱ প্ৰজন্মই নহয় স্বাস্থ্য সচেতন প্ৰাপ্তবয়স্কসকলো অন্তৰ্ভুক্ত ৷

চাহ আৰু কফিৰ স্বাস্থ্যকৰ বিকল্প হ’ব পাৰে জাপানীজ মাচা

ইয়াৰ অনন্য সোৱাদ আৰু স্বাস্থ্য উপকাৰিতাৰ বাবে জাপানৰ বিখ্যাত সেউজীয়া চাহ ‘মাটচা’ যাক জাপানীজ মাচা বুলিও কোৱা হয়, আজিকালি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে ৷ ‘মাচা’ আচলতে এক বিশেষ ধৰণৰ গ্ৰীণ টি, যিটো সেউজীয়া চাহৰ পাত পিহি তৈয়াৰ কৰা গুড়িৰ পৰা প্ৰস্তুত কৰা হয় ৷ জাপানীজ মাচা হৈছে পৰম্পৰাগত আৰু পুষ্টিকৰ পানীয় যিয়ে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ প্ৰদান কৰে ৷ ই এন্টিঅক্সিডেন্ট, শক্তি, আৰু বিষমুক্তকৰণ গুণেৰে সমৃদ্ধ ৷ মন কৰিবলগীয়া যে মাটচাৰ স্বাস্থ্য উপকাৰিতা জানিবলৈ বিশ্বজুৰি বহু গৱেষণা কৰা হৈছে, য’ত ইয়াৰ বহু স্বাস্থ্য উপকাৰিতা নিশ্চিত হৈছে ৷

জাপানীজ মাচা কি ?

মাচা আচলতে উচ্চমানৰ গ্ৰীণ টি, যিটো বিশেষভাৱে প্ৰস্তুত কৰা হয় ৷ মাচা খেতি কৰিবলৈ চাহ গছক কেইসপ্তাহমান ছাঁত ৰখা হয় ৷ ইয়াৰ ফলত পাতত ক্ল’ৰ’ফিলৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত মাচাৰ ৰং গাঢ় সেউজীয়া আৰু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ হয় ৷ ইয়াৰ পিচত হাতেৰে পাত ছিঙি ভাপত দি শুকুৱাই গুড়ি কৰি মিহি সেউজীয়া গুড়ি তৈয়াৰ কৰা হয় ৷ পৰম্পৰাগতভাৱে মাচা চাহ পানীত দ্ৰৱীভূত কৰি খোৱা হয় ৷ কিন্তু আজিকালি সমগ্ৰ বিশ্বৰ লোকে মাচাক খুবেই পচন্দ কৰা পৰিলক্ষিত হৈছে ৷

জাপানীজ মাচাৰ স্বাস্থ্য উপকাৰিতা

নতুন দিল্লীৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ ডাঃ দিব্যা শৰ্মাই কয় যে, মাচা চাহ এক প্ৰকাৰৰ সেউজীয়া চাহ ৷ ইয়াক সুষম পৰিমাণত সেৱন কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰ হ’ব পাৰে ৷ তেওঁ কয় যে ইয়াত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়, সেয়েহে ইয়াৰ বিষমুক্তকৰণ গুণ আছে ৷ ইয়াৰ লগতে ইয়াৰ সেৱনে শৰীৰৰ ওজন হ্ৰাস আৰু শক্তি বৃদ্ধিকে ধৰি আন বহুতো স্বাস্থ্য উপকাৰো লাভ কৰিব পাৰে ৷

কিন্তু এইটোও জনাটো জৰুৰী যে ইয়াত কেফেইনো প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যদিও ইয়াত কেফেইনৰ পৰিমাণ কফিতকৈ কম, তথাপিও যদি ইয়াক অত্যধিক পৰিমাণে সেৱন কৰা হয় তেন্তে কেফেইনৰ প্ৰভাৱৰ বাবে ই অনিদ্ৰা, মূৰৰ বিষ, আৰু স্নায়বিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

তেওঁ কয় যে, মাচা হৈছে স্বাস্থ্যকৰ পানীয় যিটো চাহ আৰু কফিৰ ভাল বিকল্প হ’ব পাৰে ৷ যদি ইয়াক নিয়মিতভাৱে সুষম পৰিমাণত আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে ইয়াৰ বহু উপকাৰ স্বাস্থ্যৰ ওপৰত দেখা যায়, ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  • মাচাত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ বিশেষকৈ ইয়াত কেটেচিন নামৰ এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ইয়াৰ ফলত কেন্সাৰ, হৃদৰোগ, আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ মাচাত অধিক পৰিমাণৰ এপিগ্ল’ কেটেচিন গেলেট (EGCG) থাকে, যিটো এটা শক্তিশালী এন্টিঅক্সিডেন্ট ৷
  • ইয়াক খালে আপোনাৰ শৰীৰত শক্তি আৰু একাগ্ৰতা বৃদ্ধিতো সহায়ক হ’ব পাৰে ৷ এইটো সঁচা যে মাচাত ভাল পৰিমাণৰ কেফেইন থাকে যদিও কফিতকৈ ই কম ৷ ইয়াত এল-থিএনিন নামৰ এবিধ এমিনো এচিডো পোৱা যায়, যিয়ে মানসিক শান্তি আৰু সজাগতা প্ৰদান কৰে ৷ কেফেইন আৰু এল-থিয়ানিনৰ এই সংমিশ্ৰণে শক্তি আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে ৷
  • ওজন কমাবলৈও ই সহায়ক হ’ব পাৰে ৷ আচলতে মাচাই বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰত চৰ্বিৰ অক্সিডেচন বৃদ্ধি পায় ৷ ই শৰীৰৰ কেলৰি জ্বলোৱাৰ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ওজন কমোৱাত সহায় কৰে ৷ মাচাত প্ৰাকৃতিকভাৱে উপস্থিত কেটেচিন ওজন কমাবলৈ সহায় কৰে ৷
  • মাচা চাহত অধিক পৰিমাণৰ ক্ল’ৰ’ফিল থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে, শৰীৰক বিষমুক্ত কৰে আৰু ছালখন স্বচ্ছ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে ৷
  • মাচাত থকা এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে ৷ ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয় ৷
লগতে পঢ়ক: সংক্ৰমণ তথা ভাইৰেল জ্বৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পান কৰক এইবিধ হালধীয়া পানী - Healthy Drink

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.