ETV Bharat / health

এবাৰ IVF বিফল হ'লে পুনৰ কেতিয়া কৰিব পাৰে ? - IVF - IVF

আই ভি এফ পদ্ধতি কি হয় ? এবাৰ বিফল হলে পুনৰবাৰ আৰু কেতিয়া আই ভি এফ কৰাব পাৰে ? এই সন্দৰ্ভত জনালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই ভি এফ বিশেষজ্ঞ ডাঃ তন্মা শইকীয়াই ।

IVF expert Dr. Tanma Saikia tips for  IVF fails
এবাৰ IVF বিফল হ'লে পুনৰ কেতিয়া কৰিব পাৰে ?
author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:15 PM IST

Updated : Apr 26, 2024, 7:27 PM IST

এবাৰ IVF বিফল হ'লে পুনৰ কেতিয়া কৰিব পাৰে ?

মাতৃত্ব অৰ্জনৰ অবিহনে এগৰাকী মহিলাৰ জীৱন আধৰুৱা বুলি কোৱা হয় ৷ সম্প্ৰতি সময়ত সন্তানহীনতাৰ সমস্যাই সমগ্ৰ বিশ্বতে এক জটিল ৰূপ ধাৰণ কৰিছে । বিশ্বজুৰি প্ৰায় ৬০-৮০ নিযুত দম্পত্তি সন্তানহীনতাৰ সমস্যাত ভুগিছে । ইয়াৰে ২৫ শতাংশই হৈছে ভাৰতীয় দম্পতী ।

সন্তানহীনতাক এক অভিশাপ বুলি আজিও আমাৰ সমাজত একাংশই বিশ্বাস কৰে । কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এনে ধাৰণ সলনি হ'বলৈ ধৰিছে । আই ভি এফ পদ্ধতিৰ অগ্ৰগতিৰ লগে লগে সন্তানহীন দম্পতীৰ মুখত এতিয়া হাঁহি-বিৰিঙিবলৈ সক্ষম হৈছে ৷

আই ভি এফ পদ্ধতি কি ?

আই ভি এফ এটা পদ্ধতি য'ত মহিলাগৰাকীৰ ডিম্বাণু বাঢ়িবলৈ বেজী দিয়া হয় । সাধাৰণতে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত এটাই ডিম্বাণু বাঢ়ে, কিন্তু যেতিয়া আই ভি এফ কৰা হয় তেতিয়া আমাৰ ডিম্বাণুৰ সংখ্যাটো অকণমান বেছি লাগে । যেতিয়া আই ভি এফৰ বেজী দিয়া হয় তেতিয়া ডিম্বাণুৰ সংখ্যাটো এটাতকৈ বেছি বৃদ্ধি হয় । যেতিয়া এই ডিম্বাণুসমূহ বেজী দি পুৰঠ কৰোৱা হয় ।

সেই বেজী দিয়াৰ ৩৫ ঘণ্টাৰ ভিতৰত সেই অ’ভামখিনি সংগ্ৰহ কৰা হয় । পৰৱৰ্তী সময়ত মহিলাৰ পৰা সংগ্ৰহ কৰা ডিম্বাণুৰ আৰু পুৰুষৰ পৰা লোৱা শুক্ৰাণুক এক প্ৰক্ৰিয়াৰ মাজেদি বৃদ্ধি হ’বলৈ দি কিছু পদ্ধতিৰ দ্বাৰা সেই ভ্ৰূণসমূহ ৩ ৰ পৰা ৫ দিনলৈ বিকশিত কৰা হয় । তাৰ পিচত ক্ৰমান্বয়ে পদ্ধতি অনুসৰি শৰীৰত স্থাপন কৰা হয় ।

এবাৰ আই ভি এফ বিফল হ’লে আৰু কিমান দিনৰ মূৰত কৰিব পাৰি ?

যদি কিবা কাৰণত আই ভি এফ প্ৰথমবাৰ বিফল হয় তেন্তে এটা মাহৰ বিৰতি দি পুনৰবাৰ কৰিব পাৰে ।

লগতে পঢ়ক: শালমইনা আঁতৰাবলৈ ভুলতো নকৰিব এই কাম... - Skin Care tips

Last Updated : Apr 26, 2024, 7:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.