ETV Bharat / health

COVID-19ৰ পাচত বৃদ্ধি পালে নেকি ষ্ট্ৰ’কত আক্রান্তৰ সংখ্যা ? - Stroke

author img

By ETV Bharat Health Team

Published : Aug 30, 2024, 11:39 AM IST

Stroke and COVID-19: বৃদ্ধি পাইছে ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ সংখ্যা । বৰ্তমান সময়ত বহু কমবয়সীয়াল ল’ৰা-ছোৱালী আক্রান্ত হৈছে এই ৰোগত । ক’ভিডৰ পাচত সঁচাকৈয়ে এই ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে নেকি এই সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ বৈশ্যই ।

IS THE RISK OF STROKE HIGHEST AFTER COVID-19 INFECTION? WHAT THE EXPERTS SAY
COVID-19ৰ পাচত বৃদ্ধি পালে নেকি ষ্ট্ৰ’কত আক্রান্তৰ সংখ্যা ? (ETV Bharat Assam)

বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি অত্যধিক হাৰত বৃদ্ধি হৈছে ষ্ট্ৰ'কত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সমগ্ৰ বিশ্বত প্ৰতি পাঁচ মিনিটত এগৰাকী লোক ষ্ট্ৰ'কত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) শেহতীয়াভাৱে যি কেইবিধ ৰোগক মহামাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে তাৰেই ভিতৰতে এবিধ ৰোগ হৈছে ষ্ট্ৰ'ক ৷ ষ্ট্ৰ'কত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে ৷ লগতে বহু কমবয়সীয়া বৰ্তমান ষ্ট্ৰ'কত আক্ৰান্ত হোৱা দেখা গৈছে ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ বৈশ্য (ETV Bharat Assam)

ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যা কিয় বৃদ্ধি পাবলৈ ধৰিছে ?

ষ্ট্ৰ'কত আক্ৰান্তৰ চিনাক্ত কৰণৰ পৰিসৰ কম আছিল ৷ বিশেষকৈ ৰাজ্যৰ কথা যদি কোৱা হয় তেন্তে পূৰ্বতে চিটি স্কেন কৰা কেন্দ্ৰ বহুত কম আছিল লগতে MRIৰ কেন্দ্ৰ নাছিলেই ৷ কিন্তু এতিয়া প্ৰতিখন জিলাতে চিটি স্কেন, MRI উপলব্ধ হৈছে ৷ যাৰ বাবে ৰোগ বিধৰ চিনাক্তকৰণৰ বহু সুবিধা হৈছে ৷ তদুপৰি বৰ্তমান সময়ত ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে যাৰ ফলত ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যাও বৃদ্ধিপোৱা পৰিলক্ষিত হৈছে ৷

লগতে বৰ্তমান সময়ত প্ৰায়ভাগ নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ সুৰা আদিকে ধৰি ভিন্ন ধৰণৰ ৰাগীয়াল বস্তুৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ৰাগীয়া দ্ৰব্য সেৱনো এটা ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ ৷ লগতে উচ্চৰক্তচাপ, মেদবহুলতা আদিৰ কাৰণেও ষ্ট্ৰ'কত হোৱা দেখা যায় ৷

ক’ভিড ১৯ৰ পাচত ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে নেকি ?

ক’ভিড 19ৰ পাচত ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি বহু সময়ত বহুতে মন্তব্য কৰা পৰিলক্ষিত হয় ৷ এয়া আচলতে একেষাৰে হয় বা নহয় বুলি ক’বলৈ কঠিন ৷ বহুতে ক’ভিড 19ত যিখন আক্ৰান্ত হৈছিল তেওঁলোক পাচত ষ্ট্ৰ'কত আক্ৰান্তৰ হোৱাৰ সংখ্যা বৃদ্ধি পোৱা বুলি কোৱা শুনিবলৈ পোৱা যায় ৷

আনহাতে, বহুতে এই বিষয়টোৰ ষ্ট’কৰ সৈতে কোনো সামঞ্জস্য নাই বুলিও কোৱা দেখা যায় ৷ কিন্তু যিকোনো দীঘলীয়াভাৱে যদি ক্ৰনিক ইনফেকচন চলি থাকে বিশেষকৈ বয়সীয়াল লোকসকলৰ তেতিয়া ষ্ট্ৰ'কত হোৱাৰ সম্ভাৱনা বৃদ্ধি হয় ৷ কিন্তু ক’ভিড 19ৰ পাচত ষ্ট্ৰ'কত আক্রান্তৰ সংখ্যা যে বৃদ্ধি পাইছে সেয়াও কিছুমান সমীক্ষাত প্ৰমাণিত হৈছে ৷

লগতে পঢ়ক: নিজকে গৰমৰ পৰা ৰক্ষা কৰক, নহ’লে আপুনি হেৰুৱাব লাগিব দৃষ্টিশক্তি - What Is Eye Stroke

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.