ETV Bharat / health

শৰীৰৰ বাবে খুবেই অপকাৰী ময়দা, কিন্তু কিয় জানো আহক - MAIDA HEALTH RISKS

আমি খোৱা বেছিভাগ খাদ্যতে আজিকালি ময়দা থাকে কিন্তু আপুনি জানেনে ময়দাই আমাৰ শৰীৰৰ কিমান ক্ষতিসাধন কৰে ?

Is Maida Really Bad for You? Let's Find Out
শৰীৰৰ বাবে খুবেই অপকাৰী ময়দা, কিন্তু কিয় জানো আহক (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 3 hours ago

বৰ্তমান, ময়দা আমাৰ আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ৷ আমি খোৱা বেছিভাগ খাদ্যত ময়দা থাকে ৷ বেছিভাগ লোকে ময়দাৰে তৈয়াৰী চিংৰা, কচোৰী, পুৰী আৰু নান খাবলৈ ভাল পায় ৷ ইয়াৰ উপৰিও, পিজ্জা, ব্ৰেড, বিস্কুট আৰু অন্যান্য ফাষ্ট-ফুড তৈয়াৰ কৰিবলৈও ময়দা ব্যৱহাৰ কৰা হয় ৷ প্ৰকৃততে, ময়দাই উচ্চ গ্লাইচেমিক সূচকৰ (জিআই) বাবে শৰীৰৰ ৰক্ত শৰ্কৰা বৃদ্ধি কৰে ৷ ময়দাৰ পৰা তৈয়াৰ কৰা বস্তুবোৰ খাবলৈ সুস্বাদু, কিন্তু ই আমাৰ স্বাস্থ্যৰ বহু প্ৰকাৰৰ ক্ষতি কৰিব পাৰে ৷ ময়দা হৈছে এক খাদ্য সামগ্ৰী যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷

শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত, খাদ্যত ময়দাৰ ব্যৱহাৰ হৃদৰোগ, ডায়েবেটিচ, বৰ্ধিত মেদবহুলতা, আৰু অন্যান্য ৰোগৰ সৈতে সম্পৰ্কিত বুলি কৈছে ৷ ময়দা এচিড, চেনি আৰু সংসাধিত ঘেঁহুৰে গঠিত আৰু ইয়াত কম ফাইবাৰে থাকে যি শৰীৰৰ বাবে অত্যাৱশ্যকীয় ৷ইয়াৰ উপৰিও, ময়দাৰ খাদ্যই প্ৰাকৃতিক ঘেঁহুতকৈ কম ভিটামিন, খনিজ আৰু প্ৰ’টিন প্ৰদান কৰে ৷ অত্যধিক পৰিশোধিত ময়দাৰ খাদ্যৰ সেৱনে মেদবহুলতা বৃদ্ধি কৰাৰ আশংকা বৃদ্ধি কৰে আৰু ই হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ বাবেও দায়ৱদ্ধ হ’ব পাৰে ৷

Is Maida Really Bad for You? Let's Find Out
শৰীৰৰ বাবে খুবেই অপকাৰী ময়দা, কিন্তু কিয় জানো আহক (ETV Bharat)

ময়দা খোৱাৰ পাৰ্শ্বক্ৰিয়া

  • ময়দা খোৱাৰ ফলত শৰীৰত পুষ্টিৰ অভাৱ হ’ব পাৰে ৷ ইয়াৰ কাৰণ হৈছে, ঘেঁহুৰ বাহিৰৰ স্তৰ আঁতৰাই ময়দা প্ৰস্তুত কৰা হয় ৷ বেছিভাগ পুষ্টি আৰু ফাইবাৰ এই প্ৰক্ৰিয়াত ধ্বংস হয় ৷
  • অত্যধিক ময়দা খোৱাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে ৷ ময়দা খোৱাৰ ফলত হজমৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটি হ’ব পাৰে ৷
  • ময়দা খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি হ’ব পাৰে, কিয়নো ময়দাৰ গ্লাইচেমিক সূচক যথেষ্ট বেছি ৷ অত্যধিক ময়দা সেৱন কৰাৰ ফলত তেজত গ্লুকোজ জমা হয়, যাৰ ফলত ডায়েবেটিচৰ সমস্যা বৃদ্ধি হ’ব পাৰে ৷
  • ময়দা এচিডিক প্ৰকৃতিৰ হয় ৷ ইয়াত থকা প্ৰ’টিনৰ পৰিমাণ নগণ্য ৷ অত্যধিক পৰিমাণে ময়দা খালে আপোনাৰ শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে ৷ ইয়াৰ ফলত হাড়ৰ ওপৰত বেয়া প্ৰভাৱ পৰে আৰু হাড় দুৰ্বল হোৱাৰ সমস্যা হ’ব পাৰে ৷
  • অত্যধিক ময়দা খোৱাৰ ফলত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হ’ব পাৰে ৷ কথাটো হ’ল ময়দাত পোৱা শ্বেতসাৰৰ পৰিমাণ অধিক, যিয়ে মেদবহুলতা বৃদ্ধি কৰিব পাৰে ৷ মেদবহুলতা বৃদ্ধি হ’লে শৰীৰত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰবৃদ্ধি হয় ৷ গতিকে যদি আপোনাৰ ইতিমধ্যে কলেষ্টেৰলৰ সমস্যাত ভুগিছে তেনেহলে ময়দা খোৱা পৰিহাৰ কৰিব ৷

ময়দাৰ পাৰ্শ্বক্ৰিয়া পৰিহাৰ কৰিবলৈ অনুসৰণ কৰক এই পৰামৰ্শ

  • ঘৰৰ বাহিৰত ময়দা নাখাবলৈ চেষ্টা কৰিব ৷
  • আপোনাৰ আহাৰত ময়দাৰ সলনি ঘেঁহু, মুগা চাউল(Brown Rice), বাজৰা, জোৱাৰ আৰু ৰাগী অন্তৰ্ভুক্ত কৰিব পাৰে ৷ এইকেইটা ময়দাৰ এটা ভাল বিকল্প হ’ব পাৰে ৷
  • ময়দাৰে খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বে আপুনি নেমু আৰু বেকিং চ’ডা যোগ দিব ৷
  • ময়দা হজম কৰিবলৈ, ময়দা খোৱাৰ ৩০ মিনিটৰ পিচত ব্যায়াম কৰক ৷
  • ময়দাৰে তৈয়াৰ কৰা কিবা খোৱাৰ পিছত যথেষ্ট পৰিমাণে পানী খাব ৷
  • ময়দা খোৱাৰ পিচত দৈ অতি কাৰ্যকৰী হয় ৷

উৎস:-https://drramchandrasoni.in/why-maida-is-harmful-to-your-health-understanding-the-risks-and-alternatives/

লগতে পঢ়ক: এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.