ETV Bharat / health

ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ: তৎপৰ স্বাস্থ্য বিভাগ - Assam dengue cases

Dengue Cases in Assam: ৰাজ্যত পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ স্বাস্থ্য বিভাগে লৈছে যাৱতীয় ব্যৱস্থা ৷ এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে মন্তব্য ৷

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 8:44 PM IST

Dengue Cases in Assam
ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ (Getty Images)
ডেংগুৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

কলিয়াবৰ, 9 মে’: অসমত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে ডেংগুৰ সংক্ৰমণ ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্যন্ত অসমত ১০৬ জন লোক ডেংগুত আক্ৰান্ত হৈছে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পৰা চলিত মে’ মাহলৈকে এইসংখ্যক লোক আক্ৰান্ত হৈছে ডেংগুত । ইয়াৰে বাক্সা জিলাত ২ গৰাকী, বৰপেটাত ৫ গৰাকী, বঙাইগাঁৱত এগৰাকী, কাছাৰত ছগৰাকী, চৰাইদেউত তিনি গৰাকী লোক ডেংগুত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

অৱশ্যে এই পৰ্যন্ত এগৰাকীও ডেংগু ৰোগীৰ মৃত্যু হোৱা নাই বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে । তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বৰ্ষতকৈ চলিত বৰ্ষত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা কমিছে । আক্ৰান্তসকলৰ লগতে সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীয়ে ।

সেই অনুসৰি ৰাজ্যৰ সকলো প্ৰায় স্থানতে স্বাস্থ্যবিভাগে ফ’গিঙৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে কেশৱ মহন্তই । বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগ তৎপৰ হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সময়ত প্ৰত্যেক বছৰেই ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখা যায় যদিও স্বাস্থ্য বিভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ক্ৰমান্বয়ে সংক্ৰমণ কৰি আহিছে ৷

আনহাতে, বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি শিক্ষা বিভাগৰ খৰতকীয়া ব্যৱস্থাত সুখী অনুভৱ হোৱা বুলি কেশৱ মহন্তই মন্তব্য কৰে ৷ ফলাফলৰ সমগ্ৰ ব্যৱস্থাটো পৰিপাটিকৈ পৰিচালনা কৰাৰ বাবে শিক্ষামন্ত্ৰীক ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.