ETV Bharat / health

আপোনাৰ সন্তানে কথা নুশুনে নেকি ? সন্তানক সঠিক পথলৈ আনিবলৈ কৰক এই কাম - Astro Tips

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 5:08 PM IST

Astro Tips: আপোনাৰ সন্তানে কথা নুশুনে নেকি ? সোনকালে খং উঠে ? তেন্তে গ্ৰহণ কৰক এই উপায় । জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই আগবঢ়োৱা উপায় জানি লওক ।

Astro Tips
আপোনাৰ সন্তানে কথা নুশুনে নেকি? সন্তানক সঠিক পথলৈ আনিবলৈ কৰক এই কাম (FREEPIK)

গুৱাহাটী, 11 জুলাই: প্ৰায়ভাগ অভিভাৱকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এটা সমস্যা হৈছে- সন্তানে কথা নুশুনা ৷ কথা নুশুনাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে ৷ কিছুমানে কথা সদায় নুশুনা নহয়, কিছু বিশেষ কাৰণত বা তেওঁৰ চিন্তাধাৰাৰ বিপৰীতে বা তেওঁ যিটো বিচাৰিছে তাৰ বিপৰীতে পিতৃ-মাতৃয়ে কামটো নকৰিলে বা কথাটো নুশুনিলে তেতিয়াও তেওঁলোক পিতৃ-মাতৃৰ আবাধ্য হ'ব পাৰে ৷

ড৹ কৰবী বেজবৰুৱা (ETV Bharat)

আনহাতে কিছু লৰা-ছোৱালী কথা নুশুনা স্বভাৱটো লাহে লাহে বাঢ়ি যায় ৷ জ্যোতিষবিদ্যা অনুসৰি বিভিন্ন গ্ৰহৰ অশুভ কাৰণত এয়া হ'ব পাৰে ৷ এইক্ষেত্ৰত বহুতে এই অশুভ কাৰকসমূহ দূৰ কৰিবলৈ ষ্টন আদি লোৱা পৰিলক্ষিত হয় ৷

ঘৰুৱাভাৱে ইয়াৰ প্ৰতিকাৰ কিদৰে কৰিব ?

সন্তানৰ এইসমূহ সমস্যা আপুনি কোনো ষ্টোন আদি নোলোৱাকৈ ঘৰুৱাভাৱে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে ৷ তাৰ বাবে আপোনাক লাগিব ২১ টা নিমপাতৰ ঠাৰি ৷ নিমপাতবোৰ গুচাই তাৰ ঠাৰিবোৰ উলিয়াই ল'ব ৷ তাৰ পাচত সেই ঠাৰি কেইডালত ৰঙা মৌলি বা ৰঙা ঘুনুচা সূতাৰে বান্ধি আপোনাৰ সন্তান যিখন বিচনাত শুৱে সেই বিচনাৰ তলত ভৰাই থব ৷ এনে কৰিলে লাহে লাহে কথা শুনা হ'ব লগতে তেওঁৰ যিবোৰ বেয়া অভ্যাস আছে সেইসমূহ দূৰ হ'ব ৷ এনেদৰে কৰাৰ তিনি মাহৰ ভিতৰত আপুনি ভাল ফল লাভ কৰিব ৷

এটা কথা মনত ৰাখিব যদি আপুনি কিবা এটা ভাল ফলৰ বাবে কিবা প্ৰতিকাৰ কৰিছে তাত কিন্তু শ্ৰদ্ধা-ভক্তি খুবেই প্রয়োজন ৷ এই প্ৰতিকাৰটো যেতিয়াই কৰিব তেতিয়া সম্পূৰ্ণ আস্থা ৰাখি কামটো কৰা উচিত ৷ তেতিয়া আপুনি ভাল ফল লাভ কৰিব ৷

লগতে পঢ়ক: ইন্টাৰভিউ দিবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.