ETV Bharat / health

সঠিক সময়ত এইবিধ পানীয় খালে আপোনাৰ স্বাস্থ্যই পাব এইসমূহ লাভ - Coconut Water

Coconut Water Benefits: যদি আপুনি সুস্থ হৈ থাকিবলৈ দৈনিক নাৰিকল পানী খোৱাৰ সিদ্ধান্ত লৈছে, তেন্তে ইয়াক খোৱাৰ সঠিক সময়ৰ বিষয়েও জানি লওক । সঠিক সময়ত নাৰিকল পানী সেৱন কৰিলে আপোনাক বহুতো স্বাস্থ্য উপকাৰিতা সাধন হয় । গতিকে ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানো আহক...

If you drink coconut water at this time, you will get maximum benefits
সঠিক সময়ত খালে আপোনাৰ স্বাস্থ্যই পাব এই লাভ (IMAGE SOURCE: FREEPIK)
author img

By ETV Bharat Health Team

Published : May 14, 2024, 11:11 AM IST

Updated : May 14, 2024, 5:17 PM IST

নাৰিকল পানীক এনেই একমাত্ৰ যাদুকৰী পানীয় বুলি গণ্য কৰা নহয় ৷ গ্ৰীষ্মকালত সকাহ দিয়াৰ লগতে শৰীৰত শক্তি বৃদ্ধিলৈকে উপকাৰী নাৰিকলৰ পানী ৷ ইয়াৰ কেলৰিৰ মাত্ৰাও অতি কম থাকে, ইয়াত প্ৰাকৃতিক এনজাইম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে, যিয়ে ইয়াক ছুপাৰ ড্ৰিংক কৰি তোলে ৷ যদিও দিনটোৰ যিকোনো সময়তে নাৰিকলৰ পানী খালে আপুনি সুফল পাব পাৰে, কিন্তু সঠিক সময়ত সেৱন কৰিলে ই অধিক উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ তেন্তে জানো আহক ইয়াক পান কৰাৰ সঠিক সময় কি ?

নাৰিকল পানী খোৱাৰ উপযুক্ত সময় কি ?

  • পুৱা খালী পেটত

প্ৰতিদিনে পুৱা খালী পেটত নাৰিকল পানী খোৱাৰ ফলত স্বাস্থ্যৰ বাবে বহু উপকাৰ হয় ৷ নাৰিকল পানীত ল’ৰিক এচিড থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, আপোনাৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু ওজন কমাবলৈ সহায় কৰে ৷ গৰ্ভৱতী মহিলাক প্ৰায়ে ডিহাইড্ৰেচন আৰু কোষ্ঠকাঠিন্যৰ বিৰুদ্ধে যুঁজিবলৈ নাৰিকল পানী খাবলৈ পৰামৰ্শ দিয়া হয় ৷

  • ৱৰ্কআউটৰ আগত নে পিছত

নাৰিকল পানী হৈছে ক্ৰীড়াবিদৰ বাবে স্বাস্থ্যকৰ পানীয়, যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেট কৰাই নহয় শৰীৰক শক্তিও প্ৰদান কৰে ৷ ৱৰ্কআউটৰ পিছত যদি ইয়াক পান কৰে তেন্তে ই শৰীৰৰ হেৰুওৱা ইলেক্ট্ৰলাইট ঘূৰাই অনাত সহায় কৰে ৷

  • খাদ্য খোৱাৰ আগত নে পিছত

খাদ্য খোৱাৰ আগতে সতেজ নাৰিকলৰ পানী খালে পেট বহু পৰিমাণে ভৰি পৰে, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকে ৷ ইয়াৰ উপৰিও ইয়াত কেলৰি কম থাকে, যিটো পেটৰ বাবে ভাল ৷ নাৰিকল পানীয়ে খাদ্য হজম কৰাত সহায় কৰে ৷ ইয়াৰ বাবে খাদ্য তৎক্ষণাত হজম হয় আৰু পেট ফুলা কম কৰে ৷

  • শুবলৈ যোৱাৰ আগতে

নাৰিকলৰ মিঠা আৰু লোভনীয় সুগন্ধিয়ে মানসিকভাৱে প্ৰভাৱ পেলায়, যিয়ে আমাৰ উদ্বেগ কমোৱাত সহায় কৰে আৰু আমাৰ হৃদস্পন্দন লেহেমীয়া কৰে ৷ শুবলৈ যোৱাৰ আগতে এগিলাচ নাৰিকলৰ পানী খালে মানসিক চাপ কম হয় আৰু মনত শান্তি পোৱা যায় ৷ ইয়াৰ উপৰিও শুবলৈ যোৱাৰ আগতে নাৰিকল পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু লগতে আপোনাৰ প্ৰস্ৰাৱ নলী পৰিষ্কাৰ হয়, যাৰ ফলত সংক্ৰমণ আৰু বৃক্ক সম্পৰ্কীয় সমস্যাৰ পৰা ৰক্ষা পৰে ৷

  • হেংগঅভাৰ দূৰ কৰাৰ সৰ্বোত্তম বিকল্প

আপুনি জানেনে যে হেংগঅভাৰৰ বাবে এগিলাচ নাৰিকলৰ পানীয়েই ঘৰুৱা উপায় উত্তম ? মদ্যপানৰ ফলত ডিহাইড্ৰেচন হয়, যাৰ ফলত পিছদিনা পুৱা মূৰৰ বিষ আৰু বমি হয় ৷ এনে পৰিস্থিতিত নাৰিকল পানী খাব লাগে, ইয়াৰ দ্বাৰা এই দুয়োটা সমস্যাৰ পৰা মুক্তি পোৱাত সহায় হয় আৰু লগতে হেৰুওৱা ইলেক্ট্ৰলাইটবোৰ ঘূৰাই পোৱাত সহায় কৰে ৷

নাৰিকল পানীত পটাছিয়াম, মেংগানিজ, ভিটামিন চি, কেলচিয়াম আৰু আঁহ আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে ৷ সেয়ে ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷

লগতে পঢ়ক: প্ৰতিদিনে বিয়েৰ খায় নেকি ? তেন্তে ইয়াৰ পৰিণতি হ’ব পাৰে মাৰাত্মক - ALCOHOLS SIDE EFFECTS

Last Updated : May 14, 2024, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.