ETV Bharat / health

বাৰিষাত মাখিৰ উৎপাত বৃদ্ধি পাইছে নেকি ? ভিনেগাৰ-জালুক ব্যৱহাৰেৰে পাওক পৰিত্ৰাণ - Remove House Flies In Rainy Season

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:42 PM IST

Remove House Flies In Rainy Season: বাৰিষা অহাৰ লগে লগে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আশে-পাশে থকা ঠাইবোৰ লেতেৰা হোৱা । ইয়াৰ বাহিৰেও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে ঘৰত মাখিৰ গুঞ্জন আৰম্ভ হয় । বহুতে ইয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মূখীন হ’বলগীয়া হয় । ইয়াৰ পৰা মুক্তি পোৱাটো যথেষ্ট কঠিন হৈ পৰে । কিন্তু মাখি খেদাৰ বাবে কিছুমান প্ৰাকৃতিক উপায় যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে । গতিকে আজি সেই উপায়সমূহৰ বিষয়ে জানো আহক-

How To Remove House Flies in Rainy Season
বাৰিষাত মাখিৰ উৎপাত বৃদ্ধি পাইছে নেকি ? ভিনেগাৰ-জালুক ব্যৱহাৰেৰে পাওক পৰিত্ৰাণ (ETV Bharat)

ঘৰৰ ভিতৰত মাখিৰ সমস্যা প্ৰতিটো ঋতুতে দেখা যায় । কিন্তু বাৰিষাৰ সময়ত এই সমস্যা যথেষ্ট বৃদ্ধি পোৱা দেখা যায় । বাৰিষাৰ বতৰ আহিলেই ঘৰবোৰত বহু মাখিয়ে একেলগে গুঞ্জৰিত কৰিবলৈ আৰম্ভ কৰে । এই মাখিবোৰ পাকঘৰ আৰু ঘৰৰ কোঠাকে ধৰি সকলোতে দেখা যায় । ইয়াৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । খাবলৈ বহিলে খাবলৈ মন নাযায় বা মুখৰ ওচৰত আহি অশান্তিৰ সৃষ্টি কৰা আদি ৷

স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে খাদ্যত মাখি পৰিলে কলেৰা, ডায়েৰিয়াৰ দৰে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । মাখিয়েও বহু ধৰণৰ ৰোগ বিয়পাব পাৰে । বিশেষকৈ ঘৰখন খোলা থাকিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ কষ্টকৰ । কিন্তু একাংশ লোকে মাখি খেদি পঠিয়াবলৈ বজাৰত উপলব্ধ ৰাসায়নিক স্প্ৰে ব্যৱহাৰ কৰে । কিন্তু, এই ৰাসায়নিক স্প্ৰেৰ ব্যৱহাৰে স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে বিশেষকৈ ঘৰত যদি কোনো শিশু আছে তেন্তে এয়া তেওঁলোকৰ বাবে অতিকৈ হানিকাৰক ।

কিন্তু বিশেষজ্ঞসকলে কয় যে, যদি ঘৰতে উপলব্ধ প্ৰাকৃতিক সামগ্ৰীৰে আমি ঔষধ তৈয়াৰ কৰি ব্যৱহাৰ কৰো তেন্তে সহজেই আমি মাখিৰ পৰা পৰিত্ৰাণ পাব পাৰো । সেয়ে আজি জানি লওক কেনেকৈ অতি সহজে ঘৰতে মাখি খেদা ঔষধ প্ৰস্তুত কৰিব পাৰি ৷

নিমখীয়া পানী

এটা স্প্ৰে বটলত পানী ভৰাই তাত দুচামুচ নিমখ দিব । মাখি থকা ঠাইত এই দ্ৰৱটো স্প্ৰে’ কৰক । বিশেষজ্ঞসকলে কয় যে, মজিয়া চাফা কৰাৰ সময়ত শেষত নিমখীয়া পানীৰে মজিয়াখন মচিলে ভাল ফলাফল পোৱা যায় ।

কৰ্পূৰ গুড়ি

প্ৰায় প্ৰতিটো ঘৰতে কৰ্পূৰ থাকে । ৪ৰ পৰা ৮টা কৰ্পূৰ টেবলেট মিহিকৈ পিহি লওক । তাৰ পিচত এই গুড়ি পানীৰ লগত মিহলাই স্প্ৰে বটলত ভৰাই লওক । য’ত মাখি উৰি থাকে তাত স্প্ৰে’ কৰক । যদি আপুনি এনে কৰে তেন্তে আপুনি অতি শীঘ্ৰেই এটাও মাখি দেখা নাপাব । ২০১৩ চনত জাৰ্নেল অৱ এণ্ট’ম’লজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি গৱেষকসকলে শুকান মাখিক দূৰ কৰাত কৰ্পূৰ অতিকৈ ফলপ্ৰসূ । গৱেষণাত দেখা যায় যে কৰ্পূৰ গুড়ি স্প্ৰে কৰা ঠাইত মাখিৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পায় । এই গৱেষণাত অংশ লৈছিল দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ অধ্যাপক ড০ অশোক কুমাৰে ।

তুলসী পাতৰ পেষ্ট

তুলসীৰ পাত কেইটামান লৈ তাৰে মিহি পেষ্ট বনাওক । এই পেষ্ট পানীৰ লগত মিহলাই স্প্ৰে বটলত ভৰাই লওক । ঘৰৰ যিবোৰ ঠাইত মাখিৰ বেছি হয়, সেইবোৰ ঠাইত দিনে দুবাৰকৈ স্প্ৰে’ কৰক । যদি আপুনি এনে কৰে তেন্তে সেই ঠাইত মাখি একেবাৰে দেখিবলৈ নাপায় ।

ডালচেনিৰ গুড়ি

মাখি দূৰ কৰিবলৈও ডালচেনি অতি উপযোগী বস্তু । প্ৰথমে ডালচেনিৰ লাঠি কেইডালমান লৈ মিক্সাৰত পিচি লওক । ঘৰৰ যিবোৰ ঠাইত মাখিৰ প্ৰাদুৰ্ভাৱ বেছি, সেইবোৰ ঠাইত এই গুড়ি অলপ অলপকৈ ছটিয়াই দিব । ডালচেনিৰ গোন্ধ মাখিয়ে একেবাৰেই পচন্দ নকৰে আৰু সেই ঠাইৰ পৰা আঁতৰি যায় ।

গাখীৰ আৰু জালুক

এগিলাচ গাখীৰত এচামুচ জালুক আৰু ২ চামুচ চেনি দি ভালদৰে মিহলাই লওক। এই গিলাচটো য’ত বহুত মাখি থাকে তাতেই ৰাখক । ইয়াৰ লগতে গিলাচত মাখিবোৰ পৰিলে গিলাচতে সিহঁত পৰি মৰি যায় ।

ভিনেগাৰৰ সৈতে

এটা বাটিত এপেল চাইডাৰ ভিনেগাৰ লৈ তাত কেইটোপালমান ইউকেলিপ্টাছ অইল দিব । তাৰ পিচত এই দ্ৰৱটো স্প্ৰে বটলত ভৰাই মাখি থকা ঠাইত স্প্ৰে কৰিব দেখিব মাখিবোৰ লাহে লাহে দূৰ হৈ গৈছে ।

লগতে পঢ়ক: বৰষুণৰ দিনত আমনিদায়ক হৈ পৰিছে নেকি ৰঙা পৰুৱা ? নিমখ আৰু মছলা ব্যৱহাৰেৰে পাওক পৰিত্ৰাণ - how to get rid of red ants

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.