ETV Bharat / health

মানসিক চাপে অশান্তিৰ সৃষ্টি কৰিছে নেকি ? এনেদৰে পাওক পৰিত্ৰাণ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 1:11 PM IST

Stress Hormones: পঢ়া-শুনা, পাৰিবাৰিক বিবাদ, কাৰ্যালয়ৰ মানসিক চাপ আৰু স্বাস্থ্যৰ অৱনতি আদি বহু কাৰণত মানুহৰ মাজত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাইছে ৷ এনে ক্ষেত্ৰত এই সমস্যা দূৰ কৰাটো অতি প্ৰয়োজনীয় অন্যথা ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ সেয়ে ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল) নিয়ন্ত্ৰণ কৰিবলৈ এই ৬বিধ পুষ্টিকৰ উপাদান আপোনাৰ খাদ্যত আজিয়েই অন্তৰ্ভুক্ত কৰক-

How to reduce the stress hormone cortisol naturally?
মানসিক চাপে অশান্তিৰ সৃষ্টি কৰিছে নেকি ? এনেদৰে পাওক পৰিত্ৰাণ

আজিৰ সময়ত বয়োজ্যেষ্ঠৰ পৰা সৰু ল’ৰা-ছোৱালীলৈকে সকলোৱে কিবা নহয় কিবা কাৰণত মানসিক চাপৰ সন্মুখীন হৈছে ৷ পঢ়া-শুনা, পাৰিবাৰিক বিবাদ, কাৰ্যালয়ৰ মানসিক চাপ আৰু স্বাস্থ্যৰ অৱনতি আদি বহু কাৰণত মানুহৰ মাজত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাইছে ৷ মানসিক চাপৰ বাবে আমাৰ শৰীৰত ষ্ট্ৰেছ হৰম’ন অৰ্থাৎ কৰ্টিছল বৃদ্ধি পায়, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ হ’লে শৰীৰৰ সকলো হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় ৷

এই সন্দৰ্ভত ফিটনেছ প্ৰশিক্ষক শুভ্ৰা সিঙে কয় যে, “ষ্ট্ৰেছৰ প্ৰতিক্ৰিয়াত ‘ষ্ট্ৰেছ হৰম’ন’ কৰ্টিছল উৎপন্ন হয়, যিয়ে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ যদিও কৰ্টিছল আৰু মানসিক চাপৰ মাত্ৰা তৎক্ষণাত হ্ৰাস কৰিব পৰা খাদ্য নাই, তথাপিও কিছুমান খাদ্যৰ সেৱনে HPA axis (hypothalamic-pituitary-adrenal axis)অৰ্থাৎ ষ্ট্ৰেছ হৰম’নৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰে ৷”

তেনে বিশেষজ্ঞৰ পৰা জানো আহক এনে কিছুমান খাদ্যৰ বিষয়ে যাক গ্ৰহণ কৰি আপুনি কৰ্টিছল হৰম’ন হ্ৰাস কৰিব পাৰে ৷

ষ্ট্ৰেছ হৰম’নৰ ভাৰসাম্য বজাই ৰাখিবলৈ কি খাব লাগে ?

১) ভিটামিন চি সমৃদ্ধ খাদ্য

ষ্ট্ৰেছ হৰম’নৰ ভাৰসাম্য বজাই ৰাখিবলৈ ষ্ট্ৰবেৰী, টেঙা ফল, জলকীয়া, মধুৰিআম আৰু কিৱিৰ দৰে খাদ্য ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট গুণযুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

২) মেগনেছিয়াম সমৃদ্ধ খাদ্য

মেগনেছিয়ামৰ অভাৱত কৰ্টিছল হৰম’ন প্ৰভাৱিত হ’ব পাৰে ৷ এনে পৰিস্থিতিত মানসিক চাপ কমাবলৈ আৰু পেশীবোৰ শিথিল কৰিবলৈ পাতযুক্ত শাক-পাচলি, ডাৰ্ক চকলেট আৰু শুকান ফল খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক ৷

৩) এল-থিএনিন সমৃদ্ধ পানীয়

শৰীৰত ষ্ট্ৰেছ হৰম’ন বৃদ্ধি হ’লে অনিদ্ৰা হ’ব পাৰে ৷ ইয়াৰ পৰা সকাহ পাবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত এল-থিয়ানিন সমৃদ্ধ ওলংৰ দৰে পানীয় আদি অন্তৰ্ভুক্ত কৰিব পাৰে ৷

৪) প্ৰিবায়টিক সমৃদ্ধ খাদ্য গ্ৰহণ কৰা

শৰীৰত প্ৰিবায়’টিকৰ অভাৱৰ বাবেও কৰ্টিছল হৰম’ন প্ৰভাৱিত হ’ব পাৰে ৷ এনে পৰিস্থিতিত পিঁয়াজ, নহৰু, কেঁচা কল, ওটছ আৰু শতমূল সেৱন কৰি আন্ত্ৰিক স্বাস্থ্যৰ অণুজীৱক পুষ্টি প্ৰদান কৰি আন্ত্ৰ-মগজুক শান্ত কৰি ৰাখিব পাৰে ৷

৫) ফছফেটিডাইলচেৰিন সমৃদ্ধ খাদ্য

এড্ৰিনেলক সহায় কৰিবলৈ আৰু কৰ্টিছল নিয়ন্ত্ৰণ কৰিবলৈ ফছফেটিডাইলচেৰিন সমৃদ্ধ খাদ্য যেনে মাংস, কণীৰ কুহুম আৰু মাছ অন্তৰ্ভুক্ত কৰক ৷

৬) বি-ভিটামিনযুক্ত খাদ্য

এড্ৰিনেল স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ: আপোনাৰ কৰ্টিছল হৰম’ন ভাৰসাম্য ৰক্ষা কৰাত ভিটামিন বি ৫ আৰু বি ৬ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এনে পৰিস্থিতিত মাংস, সাগৰীয় খাদ্য, কণী, মাহজাতীয় শস্য, পাতৰ সেউজীয়া আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে বি-ভিটামিন সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ৷

কৰ্টিছল হৰম’নৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰিবলৈ আপুনি এই খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ কিন্তু ইয়াৰ লগতে ব্যায়ামকো আপোনাৰ ৰুটিনৰ অংশ কৰি লওক ৷

লগতে পঢ়ক: পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? সাৱধান হওক, হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.