ETV Bharat / health

ভাইৰেল ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেদৰে কৰিব ৰক্ষা ?

Child Care: ফাগুনৰ বতাহত ধূলিয়ৰী চৌদিশ ৷ এই সময়ছোৱাত ভাইৰেল জ্বৰ আদিকে আৰম্ভ কৰি শিশু ভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায় ৷ এনে পৰিস্থিতিত শিশুসকলৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ? শিশু শিশুটিক কেনেধৰণৰ খাদ্য খুৱাব লাগে এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ সুশান্ত কুমাৰ সাহাই ৷

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:32 PM IST

how-to-protect-your-child-from-viral-diseases-during-the-dry-season
ভাইৰেল ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেদৰে কৰিব ৰক্ষা ?
শিশুৰোগ বিশেষজ্ঞ ডাঃ সুশান্ত কুমাৰ সাহা

গুৱাহাটী, 11 মাৰ্চ: জলবায়ুৰ পৰিবৰ্তন লগে লগে চৌদিশে ধূলিময় পৰিৱেশৰ বাবে বৰ্তমান এই সময়চোৱাত শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সঘনাই জ্বৰ, কাহ, চৰ্দি, নিউমুনিয়া, ডায়েৰিয়া আদি ৰোগত আক্রান্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷ সেয়ে এই সময়ছোৱাত বিশেষকৈ শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ কাৰণ জলবায়ু পৰিবৰ্তনৰ লগে লগে আমাৰ শৰীৰৰো কিছু পৰিবৰ্তন হয় যাৰ ফলত ভিন্ন ধৰণৰ ভাইৰেল ৰোগ হোৱা দেখা যায় ৷

এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) অভিভাৱকসকলে শিশুসকলক যিমান পাৰে বেছি জনসমাগম হোৱা ঠাইৰ পৰা দূৰত ৰাখিব লাগে ৷ কাৰণ বেছি জনসমাগম হোৱা ঠাইৰ পৰা এজনৰ পৰা আন এজনলৈ এই সহজে ভাইৰেল ৰোগৰ সংক্ৰমণ হয় ৷

২) ২ বছৰৰ ওপৰৰ শিশু সকলক বাহিৰলৈ উলিয়াই লৈ গলে মাস্ক পৰিধান কৰাই হে নিব ৷ যাতে ধূলি বালিৰ পৰা বাচি থাকিব পাৰে ৷

৩) খাদ্য দিওতে বা খুওৱাৰ আগত সদায় হাত ধুই ল'ব লাগে ৷

৪) শিশুক সদায় স্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্য প্রদান কৰিব লাগে ৷

৬) সতেজ ফল-মূল আৰু শাক-পাচলি খুওৱাব ৷

৭) সদায় পৰিস্কাৰ পানীহে খাবলৈ দিব ৷ লগতে ফল-মূলৰ ৰস আদিৰ খুওৱাব লাগে ৷ কাৰণ এই সময়ছোৱাত শৰীৰত পানীৰ বহু প্ৰয়োজন হয় ৷

৮) শিশুক সময়মতে টীকাকৰণ কৰোৱাটোও অত্যন্ত প্ৰয়োজন ৷

৯) লগতে ঘৰৰ বাহিৰ আৰু ভিতৰ চাফ-চিকুণকৈ ৰখাটো অতি প্ৰয়োজনীয় ৷ লগতে এই সময়ছোৱাত খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো আৱশ্যক ৷

লগতে পঢ়ক : শিশুক মালিচ কৰাৰ বাবে উত্তম এই ৫বিধ প্ৰাকৃতিক তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.