ETV Bharat / health

ডায়েবেটিছ ৰোগীয়ে স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাকৈ কেনেদৰে ভাত খোৱা উচিত ?

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 5:50 PM IST

Diabetes diet plan: যদি আপোনাৰ সদায় ভাত খোৱাৰ অভ্যাস আছে আৰু হঠাতে আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়, তেন্তে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আপুনি স্বাস্থ্যসন্মতভাৱে ভাত ৰান্ধি গ্ৰহণ কৰিব পাৰে ।

How to eat rice if you have diabetes? Doctor gave healthy cooking tips
ডায়েবেটিছ ৰোগীয়ে স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাকৈ কেনেদৰে ভাত খোৱা উচিত ?

ডায়েবেটিছ হৈছে এনে এক জটিল ৰোগ যি ৰোগত কোনোবা এবাৰ আক্ৰান্ত কৰিলে গোটেই জীৱনলৈ ই এক অশান্তি হৈ পৰে ৷ যেতিয়া কোনো এজন ব্যক্তি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেতিয়া খোৱা-বোৱাৰ ক্ষেত্ৰত বহু যত্ন ল’বলগীয়া হয়, অন্যথা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ এনে ৰোগীক বিশেষভাৱে ভাতৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, যিটো ভাৰতত বসবাস কৰা লোকৰ বাবে কিছু কঠিন হৈ পৰে ৷ ভাৰতীয় ব্যঞ্জনত চাউলৰ এক বিশেষ স্থান আছে, তথাপিও মানুহে ইয়াক পৰিত্যাগ কৰিবলৈ বাধ্য হয় ৷ কিন্তু এজন চিকিৎসকৰ মতে চাউল সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ ইয়াক ৰন্ধা বিশেষ পদ্ধতিৰ বিষয়েহে জনা উচিত ৷

ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ভাত খাব লাগে ?

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ডাঃ মনন ভোৰাই কয়, "আপোনাৰ ঘৰত কোনোবা ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে নেকি আৰু তেওঁলোকক ভাত নাখাবলৈ কোৱা হৈছে নেকি ? এইটো কি অদ্ভুত কথা ? ভাতবিহীন ভাৰতীয় খাদ্য কেনেকৈ সম্ভৱ ? ৷" মই আপোনালোকক জনাম ডায়েবেটিছ ৰোগীয়েও কেনেকৈ ভাত খাব পাৰে ৷ চাউলৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ, যাৰ ফলত আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা সহজে বৃদ্ধি পায়, কিন্তু ইয়াৰ পৰা হাত সৰাৰ উপায় জানি লও আহক ৷"

১) সঠিক উপায় হ'ল কুকাৰৰ সলনি মুকলি পাত্ৰত ভাত ৰান্ধিব আৰু যিমান পাৰি পানী উলিয়াই চেকি ল’ব ৷ ইয়াৰ ফলত চাউলত থকা ষ্টাৰ্চসমূহ আঁতৰি যায় ৷

২) চাউলৰ সৈতে আঁহ আৰু প্ৰ’টিনৰ ভাল উৎস অৰ্থাৎ কণী, পনীৰ, কুকুৰা মাংস, দৈ আৰু কিছু সতেজ শাক-পাচলি মিহলাই লওক ৷

৩) যদি আপোনাৰ ডায়েবেটিছ হয় তেন্তে ভাত খোৱাৰ পৰিমাণ কমাই দিব কিন্তু ভাত খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই ৷

৪) ভাত খোৱাৰ পিচত কিছু সময় খোজ কঢ়াটো জৰুৰী, ই তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পোৱাত সহায় কৰে ৷

৫) ডায়েবেটিছ ৰোগীয়ে ৯ৰ পৰা ১০ ঘণ্টা আগতে সিজোৱা আৰু ঠাণ্ডা হোৱা ভাতহে খোৱাটো উচিত ৷

লগতে পঢ়ক: মহিলাসকলে স্বাস্থ্যৰ সৈতে জড়িত এই লক্ষণসমূহক কেতিয়াও নকৰিব আওকাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.