ETV Bharat / health

ডায়েবেটিছক দূৰ কৰিবলৈ আপোনাৰ খাদ্যাভ্যাসত কৰক এই পৰিৱৰ্তনসমূহ - Diet Changes To Reverse Diabetes

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 5:24 PM IST

Diet Changes To Reverse Diabetes: খাদ্যৰ কিছু শুদ্ধ পৰিৱৰ্তন গ্ৰহণ কৰি আমি চাইলেন্ট কিলাৰ ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰো । ডায়েবেটিছক আমাৰ পৰা আঁতৰত ৰখা তথা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে বিশেষজ্ঞই দিয়া এই উপায় জানি লওক-

How to Beat Diabetes: Things You Must Know
ডায়েবেটিছক দূৰ কৰিবলৈ আপোনাৰ খাদ্যাভ্যাসত কৰক এই পৰিৱৰ্তনসমূহ (ETV Bharat)

ডায়েবেটিছ হৈছে আমাৰ জীৱনশৈলীৰ সৈতে জড়িত এটি সমস্যা । স্বাস্থ্যসন্মত জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি । তেজত শৰ্কৰাৰ পৰিমাণ বেছি হ’লে এজন ব্যক্তি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় । এনে পৰিস্থিতিত ইনচুলিন হৰম’ন ভাৰসাম্যহীন হৈ পৰে । যাৰ বাবে শৰ্কৰা পোনে পোনে তেজত মিহলি হ’বলৈ আৰম্ভ কৰে । মধুমেহ ৰোগৰ বাবে অন্যান্য স্বাস্থ্যজনিত সমস্যাৰো আশংকা বৃদ্ধি পায় ।

সেয়ে খাদ্যৰ ক্ষেত্ৰত আমি সদায় গুৰুত্ব দিয়াটো অতি প্রয়োজনীয় ৷ কিন্তু আমি আমাৰ দৈনন্দিন খাদ্যাভ্যাসত পৰিৱৰ্তন কৰি ডায়েবেটিছক আমাৰ পৰা আঁতৰত ৰাখিব পাৰো । এই সন্দৰ্ভত পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ ৰমিতা কৌৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বিষয়ে উল্লেখ কৰে । জানো আহক ডায়েবেটিছৰ বাচি থাকিবলৈ আমি কেনে খাদ্য গ্ৰহণ কৰা উচিত-

ডায়েবেটিছক দূৰ কৰিবলৈ আপোনাৰ খাদ্যাভ্যাসত এই পৰিৱৰ্তনসমূহ কৰক

ডালচেনি চাহ

ৰাতিৰ আহাৰ খোৱাৰ পিছত একাপ ডালচেনি দিয়া চাহ খোৱা উচিত । ইয়াৰ বাবে একাপ গৰম পানীত ডালচেনি এটুকুৰা উতলাই লওক প্ৰয়োজন হ’লে অকনমান চাহপাতো দিব পাৰে । ইয়াৰ উপৰিও ডালচেনিৰ গুড়ি পানীত মিহলাইও ল’ব পাৰে । খোৱাৰ এঘণ্টাৰ পিছত এই চাহ সেৱন কৰক ।

খাদ্যৰ পিচত খোজ কাঢ়িব

দিনটো একে ঠাইতে বহি থাকিলে খাদ্য ভালদৰে হজম হ’ব নোৱাৰে । ইয়াৰ ফলত ৰক্ত শৰ্কৰা বৃদ্ধি হ’ব পাৰে । সেয়ে খাদ্যৰ পিচত ১৫ মিনিট খোজ কাঢ়িব লাগে । খোজ কাঢ়িলে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে । ইয়াৰ ফলত তেজ চলাচল কৰোঁতে তাৰ পৰা শৰ্কৰা পৰিষ্কাৰ হয় । দ্ৰুতগতিত ওজন কমাবলৈও এইটো এটা স্বাস্থ্যসন্মত উপায় ।

মেথিৰ গুটি

ডায়েবেটিছৰ পৰা বাচি থাকিবলৈ মেথিৰ গুটি অতি ফলপ্ৰসূ প্ৰমাণিত হ’ব পাৰে । ইয়াত হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ গুণ পোৱা যায় । মেথি গুটি সেৱন কৰিলে ইনচুলিনৰ মাত্ৰা বজাই ৰখাত সহায় হয় আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে । গতিকে দৈনন্দিন খাদ্য তালিকাত ইয়াক নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক । এচামুচ মেথি গুটি পানীত ৰাতি তিয়াই থওক । পুৱা ইয়াৰ পানী গৰম কৰি চেকি খাব পাৰে ।

খোৱাৰ আগতে চালাড খাব লাগে

আপোনাৰ ডায়েবেটিছ থাকক বা নাথাকক আপুনি খাদ্য খোৱাৰ আগতে চালাড খোৱাটো গুৰুত্বপূৰ্ণ । দৰাচলতে খাদ্য খোৱাৰ আগতে ফাইবাৰ সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । সেয়ে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ আগতে চালাড খাব লাগে । ই ইনচুলিনৰ ভাৰসাম্য বজাই ৰখাটো সহায় কৰে । এই চালাডত গাজৰ, বিট, তিয়ঁহ, পালেং আদিৰ দৰে অন্য শাক-পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে ৷

এই টিপচ্ মানি চলিলে আপুনি ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰে । কিন্তু ইয়াৰ লগতে সঠিক চিকিৎসা আৰু শাৰীৰিক ৱৰ্কআউটৰ প্ৰতিও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ । ইয়াৰ দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণতো সহায়ক হ’ব ।

লগতে পঢ়ক: চকুৰ দ্বাৰাই জানক আপোনাৰ ডায়েবেটিছ হৈছে নে নাই - Diabetes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.