ETV Bharat / health

এনেদৰে ভৰিত দেখা দিয়ে ডায়েবেটিছৰ লক্ষণ...সময় থাকোঁতে কৰক চিনাক্ত - Diabetes Symptoms - DIABETES SYMPTOMS

Diabetes: ডায়েবেটিছ এক গুৰুতৰ ৰোগ যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে । যাক সময়মতে ধৰা পেলাই চিকিৎসা নকৰিলে পিচলৈ হৃদৰোগ, ষ্ট্ৰ’ক, বৃক্কৰ ৰোগকে ধৰি বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । জানো আহগক

How Do You Know If You Have Diabetes?
এনেদৰে ভৰিত দেখা দিয়ে ডায়েবেটিছৰ লক্ষণ...সময় থাকোঁতে কৰক চিনাক্ত (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 11, 2024, 4:16 PM IST

ডায়েবেটিছ হৈছে এটি গুৰুতৰ ৰোগ, যিটো ৰোগ ধৰা পৰিলে আৰু সময়মতে চিকিৎসা নকৰিলে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহ প্ৰায়ে দেখা নাযায়, যাৰ বাবে ৰোগীয়ে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷

কিন্তু, আপুনি জানেনে যে আপোনাৰ ভৰিত দেখা দিয়া কিছুমান লক্ষণো ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে ? আহক আজি আমি আপোনালোকক ভৰিত দেখা দিয়া ডায়েবেটিছৰ এনে কিছুমান প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে বিশেষজ্ঞৰ পৰাই জানি লও-

ভৰিত ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ

১/ ভৰিৰ বিষ, অজ্ঞানতা বা জিনজিননি

ডায়েবেটিছৰ বাবে ভৰিৰ স্নায়ুৰ ক্ষতি হ’ব পাৰে, যাৰ বাবে বিষ, অজ্ঞানতা বা জিনজিননি অনুভৱ কৰিব পাৰে ৷

২/ ভৰিত আলচাৰ বা ঘাঁ হোৱা

ডায়েবেটিছৰ বাবে ভৰিত ৰক্ত সঞ্চালন কমি যায়, যাৰ ফলত ঘাঁ ভাল হোৱাটো কঠিন হৈ পৰে আৰু আলচাৰ হ’ব পাৰে ৷

৩/ ভৰিৰ ছাল শুকান হোৱা আৰু ফাটি যোৱা

ডায়েবেটিছৰ বাবে ছালত আৰ্দ্ৰতা কমি যাব পাৰে, যাৰ ফলত ভৰিৰ ছাল শুকান হৈ ফাটি যাব পাৰে ৷

৪/ ভৰিৰ ৰঙৰ পৰিৱৰ্তন

ডায়েবেটিছৰ বাবে ভৰিৰ ছালৰ ৰং সলনি হ’ব পাৰে, যেনে ৰঙা, বাদামী বা ক’লা হৈ পৰে ৷

৫/ ভৰিৰ সংক্ৰমণ

ডায়েবেটিছৰ বাবে ভৰিৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷

শৰ্কৰাৰ পৰীক্ষা কেতিয়া কৰিব লাগে ?

চিকিৎসকে কয় যে যদি আপোনাৰ ভৰিত ওপৰত উল্লেখ কৰা কোনো লক্ষণ দেখা যায়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰি শৰ্কৰাৰ পৰীক্ষা কৰোৱাটো উচিত ৷ ইয়াৰ উপৰিও যদি আপুনি ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ, অতিৰিক্ত ওজনৰ বা পাৰিবাৰিক ডায়েবেটিছৰ ইতিহাস আছে তেন্তে নিয়মিতভাৱে শৰ্কৰাৰ পৰীক্ষা কৰাব লাগে ৷

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ উপায়

ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে বহুকেইটা কাম কৰিব পাৰে, যেনে-

* ফল-মূল, শাক-পাচলি, গোটা শস্য আৰু ক্ষীণ প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰক ৷

* সপ্তাহত কমেও ১৫০ মিনিট মধ্যমীয়া তীব্ৰতাৰ ব্যায়াম কৰক ৷

* যদি আপোনাৰ ওজন বেছি হয় তেন্তে ওজন কমালে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয় ৷

* যদি আপুনি ডায়েবেটিছৰ ঔষধ গ্ৰহণ কৰিব লাগে তেন্তে চিকিৎসকৰ নিৰ্দেশনা অনুসৰি নিয়মিতভাৱে গ্ৰহণ কৰক ৷

* ধূমপানে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

* মানসিক চাপে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ৷ যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামৰ দৰে পদ্ধতিৰে মানসিক চাপ কমাব লাগে ৷

Ref:- https://www.who.int/news-room/fact-sheets/detail/diabetes

লগতে পঢ়ক: এই কাৰণতে কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগে ডায়েবেটিছ ৰোগী...জানি লওক ইয়াৰ লক্ষণ তথা কাৰণ - Constipation In Diabetes Patient

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.