ETV Bharat / health

যেন মহাভাৰতৰ কৌৰৱ বাহিনীহে ! ১০০ সন্তানৰ পিতৃ পাভেল ডুৰভ - Telegram CEO Pavel Durov

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 5:16 PM IST

Telegram CEO father of 100 child: টেলিগ্ৰামৰ CEO পাভেল ডুৰভ মুঠ ১০০টি সন্তানৰ পিতৃ । কিন্তু এয়া কেনেকৈ সম্ভৱ ? পঢ়ক সবিশেষ....

How did 39-year-old Telegram CEO Pavel Durov become the father of 100 children?
চিনেমাৰ দৰে লাগিলেও সত্য! ১০০টা সন্তানৰ পিতৃ হ’ল টেলিগ্ৰামৰ CEO পাভেল ডুৰভ...কিন্তু কেনেকৈ ? (ETV Bharat)

শেহতীয়াকৈ টেলিগ্ৰামৰ চি ই অ’ পাভেল ডুৰভে এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁ দাবী কৰিছে যে তেওঁ ১০০ৰো অধিক শিশুৰ পিতৃ । এই শিশুকেইটি ১২খন দেশত বাস কৰে । যদি আপুনি এই কথা শুনি আচৰিত হৈছে তেন্তে ৰ’ব ! কেৱল আপুনিয়েই নহয়, যিসকলে এই পোষ্ট পঢ়িছে সকলোৱে একপ্ৰকাৰে আচৰিত হৈ পৰিছে ৷

How did 39-year-old Telegram CEO Pavel Durov become the father of 100 children?
চিনেমাৰ দৰে লাগিলেও সত্য! ১০০টা সন্তানৰ পিতৃ হ’ল টেলিগ্ৰামৰ CEO পাভেল ডুৰভ (Telegram)

৩৯ বছৰীয়া উদ্যোগপতিগৰাকীয়ে নিজৰ পোষ্টত লিখিছে যে, মই এইমাত্ৰ গম পাইছো যে মোৰ ১০০ টাতকৈও অধিক বায়’লজিকেল সন্তান আছে । শুক্ৰাণুদাতা হোৱাৰ কাহিনী আৰম্ভ হৈছিল ১৫ বছৰ আগতে । যেতিয়া এজন বিবাহিত বন্ধুৱে প্ৰজনন ক্ষমতাৰ সমস্যাৰ বাবে পিতৃ হ’ব পৰা নাছিল। তেওঁ তেওঁলোকক শুক্ৰাণু দান কৰিবলৈ কৈছিল । যাৰ প্ৰতি তেওঁ সন্মতি দিছিল । কিন্তু ক্লিনিকলৈ যোৱাৰ সময়ত তেওঁলোকে ডুৰভক তেওঁৰ শুক্ৰাণু উচ্চমানৰ বুলি ক’লে আৰু নাগৰিক কৰ্তব্য হিচাপে অবিৰতভাৱে দান দিবলৈ অনুৰোধ জনায় । কিন্তু শুক্ৰাণুদাতা হোৱাৰ চৰ্ত কি জানেনে ? যদি নাজানে, তেন্তে আজি জানি লওক-

শুক্ৰাণু দান মানে কি ?

লোমা লিণ্ডা ইউনিভাৰ্চিটি চেণ্টাৰ ফ’ৰ ফাৰ্টিলিটি এণ্ড আই ভি এফৰ মতে, শুক্ৰাণুদাতা হ’ল এনে এজন পুৰুষ যিয়ে নিজৰ শুক্ৰাণু দান কৰে যাতে কোনো বন্ধ্যা ব্যক্তি বা দম্পতীয়ে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিব পাৰে । ১৮৮৪ চনৰ পৰা আমেৰিকাত শুক্ৰাণু দানৰ সহায়ত সন্তানৰ জন্ম হ’বলৈ ধৰিছে । ইয়াৰ এক উদাহৰণ হয়তো আপোনালোকে বলীউড ছবি বিকি ড’নাৰত নিশ্চয় দেখিছে ৷

দান কৰা শুক্ৰাণুৰ প্ৰয়োজনীয়তা কেতিয়া বাঢ়ে ?

সন্তান গৰ্ভধাৰণ কৰিবলৈ পুৰুষৰ শুক্ৰাণুৰ মানদণ্ড কম হ’লে বা পৰ্যাপ্ত পৰিমাণৰ শুক্ৰাণু উৎপাদন কৰিবলৈ যদি সক্ষম নহয় তেন্তে দম্পতীক শুক্ৰাণুদাতাৰ প্ৰয়োজন হয় ।

কোনে শুক্ৰাণু দান কৰিব পাৰে ?

শুক্ৰাণু দান কৰিবলৈ কিছুমান শাৰীৰিক আৰু মানসিক মানদণ্ড পূৰণ কৰাটো প্ৰয়োজনীয়-

  1. স্বাস্থ্য-দাতাজন শাৰীৰিকভাৱে সুস্থ হ’ব লাগে, কোনো ধৰণৰ গুৰুতৰ ৰোগ বা সংক্ৰমণ থাকিব নালাগে ।
  2. বয়স- বেছিভাগ শুক্ৰাণু বেংকে ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ পুৰুষৰ পৰাহে শুক্ৰাণু গ্ৰহণ কৰে ।
  3. শুক্ৰাণুৰ গুণগত মান- শুক্ৰাণুৰ সংখ্যা, গতিশীলতা আৰু আকাৰ স্বাভাৱিক হ’ব লাগে ।
  4. মানসিক স্বাস্থ্য- দাতাজন মানসিকভাৱে সুস্থিৰ আৰু পৰিপক্ক হ’ব লাগিব । ইয়াক নিশ্চিত কৰিবলৈ শুক্ৰাণুদাতাই কিছু পৰীক্ষা কৰিব লাগিব ।
  5. জিনীয় ৰোগ- দাতাৰ পৰিয়ালত কোনো ধৰণৰ গুৰুতৰ জিনীয় ৰোগ হ’ব নালাগিব । ইয়াৰ বাবে দাতাৰ কিছু পৰীক্ষা আৰু পৰিয়ালৰ হেল্থ হিষ্ট্ৰী চোৱা হয় ।

শুক্ৰাণুদান প্ৰক্ৰিয়া

  1. পঞ্জীয়ন- দাতাই স্বীকৃতিপ্ৰাপ্ত শুক্ৰাণু বেংকত পঞ্জীয়ন কৰিব লাগিব ।
  2. স্ক্ৰীনিং- পঞ্জীয়নৰ পিচত দাতাৰ চিকিৎসা আৰু মানসিক পৰীক্ষা কৰা হয় । ইয়াৰ ভিতৰত শাৰীৰিক পৰীক্ষা, তেজৰ পৰীক্ষা, সংক্ৰমণ পৰীক্ষা, জিনীয় পৰীক্ষা আদি অন্তৰ্ভুক্ত ।
  3. শুক্ৰাণু পৰীক্ষা- যদি দাতাৰ পৰীক্ষা স্বাভাৱিক হয়, তেন্তে তেওঁৰ পৰা শুক্ৰাণুৰ নমুনা লোৱা হয় । লেবত নমুনা পৰীক্ষা কৰি শুক্ৰাণুৰ গুণগত মান মূল্যায়ন কৰা হয় ।
  4. দাতাৰ প্ৰফাইল- দাতাৰ শাৰীৰিক বৈশিষ্ট্য, শিক্ষা, বৃত্তি আদিৰ তথ্য গোপনীয় প্ৰফাইলত লিপিবদ্ধ কৰা হয় ।
  5. শুক্ৰাণু সংৰক্ষণ- এই সকলোবোৰ পৰীক্ষাৰ মাজেৰে যোৱাৰ পিচত উত্তম শুক্ৰাণু বাচনি কৰি ক্ৰাইঅ’প্ৰিজাৰ্ভেচন (ফ্ৰীজিং) কৰা হয় ।

শুক্ৰাণুদাতা হোৱাৰ উপকাৰিতা

শুক্ৰাণু দানৰ জৰিয়তে এজন পুৰুষে বহু বন্ধ্যা(infertile) দম্পতীক পিতৃ-মাতৃ হোৱাৰ সুখ দিব পাৰে । ইয়াৰ উপৰিও শুক্ৰাণু দানৰ জৰিয়তে ধনো উপাৰ্জন কৰিব পাৰি । কিছুমান শুক্ৰাণু বেংকে শুক্ৰাণু দানৰ বাবে দাতাক ধন দিয়ে ।

শুক্ৰাণুদাতাৰ বিষয়ে মিথ

দাতাৰ শিশুটিক দেখাৰ অধিকাৰ আছে । এইটো ভুল ধাৰণা । শিশুটিক সাক্ষাৎ কৰা বা তাৰ বিষয়ে তথ্য লাভ কৰাৰ কোনো অধিকাৰ দাতাৰ নাথাকে । শুক্ৰাণু দান কৰিলে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । এইটোও এক ভুল ধাৰণা । সঠিক পৰীক্ষা আৰু পৰীক্ষাৰ পিচত দাতাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে ।

লগতে পঢ়ক: Thyroid: থাইৰয়ডত আক্ৰান্ত মহিলাই আইভিএফ কৰিব পাৰেনে ? বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.