ETV Bharat / health

ভাৰতত অস্বাভাৱিক গৰমৰ পূৰ্বানুমান: সুৰক্ষিত থাকিবলৈ নকৰিব এইসমূহ কাম - Heatwave Prediction in India

Heatwave Prediction in India: চলিত বৰ্ষত এপ্ৰিলৰ শেষৰ ফালে ভাৰতত অত্যধিক গৰম বুলি পূৰ্বানুমান কৰা হৈছে ৷ এই অস্বাভাৱিক গৰমৰ পৰা নিজকে বচাই ৰাখিবলৈ কি উপায় অৱলম্বন কৰিব ? পঢ়ক এই প্ৰতিবেদন ...

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:14 PM IST

Heatwave Prediction in India
ভাৰতত অস্বাভাৱিক গৰমৰ পূৰ্বানুমান : সুৰক্ষিত থাকিবলৈ নকৰিব এইসমূহ কাম

নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : কেন্দ্ৰীয় পৃথিৱী বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে ভাৰতত চলিত বৰ্ষত অস্বাভাৱিক গৰম অথবা হীটৱেভ পৰিস্থিতি উদ্ভৱ হ’ব পাৰে বুলি এক ভৱিষ্যতবাণী কৰে ৷ এপ্ৰিলৰ শেষৰ পৰা দেশজুৰি গৰমে জলা-কলা দেখুওৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে দেশ কেইবাখনো ৰাজ্যত এপ্ৰিলৰ পৰা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইগতিকে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই উৎকট গৰমৰ পৰা বাচি থাকিবলৈ আগতীয়াকৈ প্ৰস্তুতি হাতত লোৱা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

হীটৱেভ কি:

হীটৱেভ হৈছে অস্বাভাৱিকভাৱে হোৱা উচ্চ তাপমাত্ৰা, গ্ৰীষ্মকালত হোৱা স্বাভাৱিক সৰ্বাধিক তাপমাত্ৰাতকৈ অধিক। যদি যিকোনো স্থানৰ সৰ্বাধিক তাপমাত্ৰা দুদিনৰ বাবে একেৰাহে 45° চেণ্টিগ্ৰেডতকৈ অধিক হৈ থাকে, ই হৈছে হীটৱেভ ৷ হীটৱেভৰ ফলত শৰীৰতো ক্ষতি হ’ব পাৰে , যাৰ ফলত লোক মৃত্যুৰ মুখতো পৰিব পাৰে ৷

হীটৱেভ আৰু প্ৰখৰ গ্ৰীষ্মকালত কি কৰিব কি নকৰিব তলত উল্লেখ কৰা হৈছে :

হীটৱেভত হ’ব পৰা ৰোগৰ প্ৰতিৰোধৰ উপায়:

ঘৰৰ বাহিৰত বেছি সময় থকা কামসমূহ সীমিত কৰক ৷ যদি আপুনি কামৰ বাবে বাহিৰত থাকিব লাগে ৷ তেন্তে আপোনাৰ কামৰ সময় পুৱা আৰু সন্ধিয়াৰ সময়লৈ সীমিত ৰাখিবলৈ চেষ্টা কৰক । ছাঁ থকা স্থানত জিৰণি ল'বলৈ চেষ্টা কৰক ৷

ৰ'দত বাহিৰলৈ যোৱা পৰিহাৰ কৰক ৷ বিশেষকৈ দুপৰীয়া 12.00 বজাৰ পৰা বিয়লি 3.00 বজাৰ ভিতৰত পাতল আহাৰ খাব, প্ৰাকৃতিকভাৱে পানীৰে ভৰা গ্ৰীষ্মকালীন ফল আৰু অন্যান্য খাদ্য গ্ৰহণ কৰক । আহাৰত শৰীৰ শীতল কৰা খাদ্য সংযোজন কৰক ৷

পানীয় খাদ্য যেনে ফল (ষ্ট্ৰবেৰী/কমলা), তিয়ঁহ, আৰু লিচু আদি খাবলৈ চেষ্টা কৰক ৷ এই ফল-মূলসমূহে আপোনাৰ শৰীৰক হাইড্ৰেটেড আৰু শীতল কৰি ৰখাত সহায় কৰিব ৷

গধুৰ, মচলাযুক্ত আৰু তেলেতীয়া খাদ্য পৰিহাৰ কৰা উচিত ৷ এইসমূহ খাদ্যই শৰীৰৰ তাপ বৃদ্ধি কৰিব পাৰে ৷

যিমান সম্ভৱ সিমান সঘনাই পৰ্যাপ্ত পানী খাব, আনকি পিয়াহ নালাগিলেও ডিহাইড্ৰেশ্যন প্ৰতিহত কৰিবলৈ প্ৰতিদিনে যথেষ্ট পৰিমাণৰ পানী সেৱন কৰক , ফলৰ ৰস বা পাচলিৰ ৰস খাব ।

আপোনাৰ শৰীৰত নিমখৰ পৰিমান হ্ৰাস হোৱাৰ ফলতো ৰোগত আক্ৰান্ত হ'ব পাৰে, অত্যাধিক গৰম আৰু আৰ্দ্ৰতাৰ সময়ত পানীৰ বাবে ইলেক্ট্ৰলাইট তথা ইলেক্ট্ৰলাইটযুক্ত পানীয় গ্ৰহণ কৰিব পাৰে ৷

ও.আৰ.এছ, ঘৰত বনোৱা পানীয় যেনে লচী, ভাতৰ মাৰ, নেমু পানী, বাটাৰমিল্ক আদি সেৱন কৰক ৷ যিয়ে শৰীৰক হাইড্ৰেট ৰখাত সহায় কৰে।

সুৰা, কেফেইন বা বৃহৎ পৰিমাণৰ চেনী থকা ড্ৰিংকছ সেৱন নকৰিব ৷ অতি ঠাণ্ডা পানীয় পৰিহাৰ কৰিব, কিয়নো সেইবোৰে পেটত ক্ষতি কৰিব পাৰে ৷

ঢিলা, পাতল ৰঙৰ, ছিদ্ৰযুক্ত কপাহৰ কাপোৰ পৰিধান কৰক । ৰ'দত বাহিৰলৈ যাওঁতে সুৰক্ষামূলক চশমা, ছাতি/টুপী, জোতা বা চেন্দেল ব্যৱহাৰ কৰিব।

পালন কৰক এইসমূহ নিৰ্দেশনা:

  • বাহিৰৰ তাপমাত্ৰা বেছি হ'লে কঠোৰ ব্যায়াম পৰিহাৰ কৰিব। দুপৰীয়া 12 বজাৰ পৰা 3 বজাৰ ভিতৰত বাহিৰলৈ যোৱা কাম কৰা পৰিহাৰ কৰিব ৷
  • ভ্ৰমণ কৰোঁতে, আপোনাৰ লগত পানী নিবলৈ নাপাহৰিব ৷
  • যদি আপুনি বাহিৰত কাম কৰে, তেনেহ’লে টুপী বা ছাতি ব্যৱহাৰ কৰিব আৰু লগতে আপোনাৰ মূৰ, ডিঙি, মুখ আৰু হাত-ভৰিত সেমেকা কাপোৰেৰে মোহাৰি থাকিব ৷
  • আপুনি প্ৰচুৰ পৰিমানে ঘামাৰ ফলত আপোনাৰ শৰীৰৰ পৰা নিমখ আৰু খনিজ পদাৰ্থসমূহ উলাই যাব পাৰে । ফলত সেইসমূহ শৰীৰত পুনৰ ঘূৰাই আনিবলৈ প্ৰতি ঘণ্টাত 2-4 গিলাচ ঠাণ্ডা পানী খাব ৷
  • যদি আপুনি কম-নিমখযুক্ত আহাৰ গ্ৰহণ কৰি আছে, তেনেহ’লে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতি শৰীৰৰ বাবে উপযুক্ত খাদ্যৰ তালিকা চিকিৎসকৰ পৰা লওক ৷
  • আপোনাৰ ঘৰটো ঠাণ্ডা কৰি ৰাখিব ৷ ৰাতি খিৰিকী খুলি শুব ৷
  • ফেন, আৰু সেমেকা কাপোৰ ব্যৱহাৰ কৰিব আৰু সঘনাই ঠাণ্ডা পানীৰে গা ধুব ৷
  • জৰুৰীকালীন ৰোগীৰ বিশেষ যত্ন লওক ৷ দিনত কমেও দুবাৰ অসুস্থ প্ৰাপ্তবয়স্ক লোকসকৰ ওচৰলৈ যাওঁক আৰু গৰমৰ ফলত হ’ব পৰা ৰোগৰ লক্ষণ দেখিছে নেকি পৰীক্ষা কৰক । কেঁচুৱা আৰু সৰু ল'ৰা-ছোৱালীৰ সঘনাই পৰীক্ষা কৰক ৷
  • কেঁচুৱা, শিশু বা পোহনীয়া জন্তুক কেতিয়াও ৰখাই থোৱা গাড়ীৰ ভিতৰত থৈ নাহিব ৷
  • ঘৰৰ ভিতৰখন ঠাণ্ডা কৰি ৰাখক ৷ সঘনাই ভৰি ধুব, গা ধুব অথবা আপোনাৰ হাত, মুখ আৰু ডিঙিত তিতা কাপোৰেৰে মোহাৰি থাকক ৷ আপোনাৰ ঘৰৰ ভিতৰত শীতল তাপমাত্ৰা বজাই ৰাখিবলৈ আপোনাৰ ষ্টোভ আৰু অভেন কম ব্যৱহাৰ কৰক । নিশা ঘৰটো ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক। যদি প্ৰয়োজন হয়, আপোনাৰ ঘৰৰ বাহিৰত এক শীতল ঠাই বিচাৰি উলিয়াই সেই ঠাইত সময় পাৰ কৰক ৷
  • দিনটোৰ আটাইতকৈ গৰম সময়ত ঘৰত পৰ্দাসমূহ বন্ধ ৰাখিব যাতে আপোনাৰ ঘৰটো শীতল হৈ থাকে ৷
  • পোহনীয়া জন্তুক যথেষ্ট পৰিমাণে সতেজ সেৱন কৰিবলৈ দিয়ক ৷ জন্তুসমূহ থাকিবলৈ ছাঁ থকা অথবা ঠাণ্ডা ঠাই এটা বাচি দিয়ক ৷
  • শুকান মুখ, মূৰ ঘূৰোৱা, বিভ্ৰান্তি, আৰু মূৰৰ বিষ আদি ডিহাইড্ৰেশ্যনৰ লক্ষণ ৷ যদি আপুনি অজ্ঞাতে এনে অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওঁক ৷

চানষ্ট্ৰোক থকা ব্যক্তিয়ে চিকিৎসাৰ পৰামৰ্শ লওক :

  • চানষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক শীতল স্থানত, ছাঁত ৰাখক । তিতা কাপোৰেৰে সঘনাই গা মচক ৷ সঘনাই গা ধোৱক ৷ মূৰত স্বাভাৱিক-উষ্ণতাৰ পানী ঢালক । শৰীৰৰ তাপমাত্ৰা হ্ৰাস কৰিৰ ৰাখিব ৷
  • তেনে ৰোগীক নেমু চৰবতৰ দৰে শীতল পানীয়ৰে শৰীৰটো হাইড্ৰেট কৰি ৰাখক ৷
  • কোনো কাৰণত তেনে ৰোগী অসুস্থ হ’লে ব্যক্তিজনক লগে লগে নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওঁক । তেনে ৰোগী তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন, কিয়নো হীটষ্ট্ৰোক প্ৰাণঘাতীও হ’ব পাৰে ৷

লগতে পঢ়ক:এপ্ৰিল ফুলছ ডে’ ২০২৪: সীমাহীন হাঁহি, কৌতুক আৰু সুখেৰে ভৰা এটা দিন - april fools day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.