যদি আপুনি প্ৰয়োজনতকৈ অধিক পানী খায় বা অতি সোনকালে পিয়াহ দূৰ কৰে, তেন্তে সাৱধান হওক । এই দুয়োটা কামেই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । এই সন্দৰ্ভত মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ৰ চিএমএছ ডাঃ ৰাজেশ কুমাৰ শ্ৰীবাস্তৱে ।
ডাঃ ৰাজেশ কুমাৰ শ্ৰীবাস্তৱে কয় যে গ্ৰীষ্মকালত শৰীৰত গ্লুক’জৰ পৰিমাণ কমি যায় । যাৰ ফলত চিকিৎসালয়ত ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পায় । সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে তিনিৰ পৰা চাৰি লিটাৰ পানী খাব লাগে । বয়স, ওজন বা উচ্চতা যিয়েই নহওক কিয়, এই মানদণ্ড সকলো প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে ।
পানী খোৱাৰ সময়ত এইখিনি সাৱধানতা অৱলম্বন কৰিব-
- এজন সুস্থ ব্যক্তিয়ে ২৪ ঘন্টাত তিনিৰ পৰা চাৰি লিটাৰ পানী খাব লাগে । ইয়াতকৈ বেছি পানী খোৱা উচিত নহয় ।
- ইয়াতকৈ কম পানী খোৱাসকলৰ গ্লুক’জৰ পৰিমাণ কমি যায় ।
- পানী লাহে লাহে পি খাব লাগে, ই শৰীৰৰ উষ্ণতা সন্তুলিত ৰাখে ।
- খাদ্য খোৱাৰ পিচত লগে লগে আধা লিটাৰ পানী খালে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- এবাৰত এক লিটাৰ বা তাতকৈ অধিক পানী খালে উদ্বিগ্নতা, বিভ্ৰান্তি আৰু বি পিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
পানী খোৱাৰ সঠিক উপায়
- সদায় ৰৈ ৰৈ পানী খাব লাগে; এবাৰতে বেছিকে পানী খাই নিদিব ।
- মনত ৰাখিব যে এবাৰত এক লিটাৰতকৈ অধিক পানী খালে শ্বাসনলীত প্ৰৱেশ কৰিব পাৰে ।
- খাদ্য খোৱাৰ আধা ঘণ্টা আগতে এগিলাচ পানী খাই ল’ব লাগে ।
- খাদ্য খোৱাৰ সময়ত অবিৰতভাৱে পানী খোৱা উচিত নহয় ।
- খাদ্য খোৱাৰ কিছু সময়ৰ পিচতহে পানী খাব লাগে ।
- ৰাতিপুৱা সাৰ পোৱাৰ পিচত কুহুমীয়া পানী খাব লাগে, ইয়াৰ ফলত পেটৰ লগত জড়িত সমস্যাৰ দূৰতে থাকে ।
- যোগাসন আৰু ব্যায়াম কৰাৰ আধাঘণ্টা আগতে, নহ’লে আধাঘণ্টা পিচতহে পানী খাব লাগে ।
- শুই উঠাৰ আগতে আৰু গা ধোৱাৰ আগতেও পানী খাব লাগে ।
- গ্ৰীষ্মকালত ঘৰলৈ আহিয়ে লগে লগে ঠাণ্ডা পানী খাব নালাগে, ই স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে ।
এই তথ্য চিকিৎসাৰ পৰামৰ্শৰ ভিত্তিত দিয়া হৈছে, ইটিভি ভাৰতে এই দাবী নিশ্চিত নকৰে । পৰামৰ্শ অনুসৰণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়ক : ধূমপান ত্যাগ আৰু ইলেক্ট্ৰনিক চিগাৰেট সন্দৰ্ভত গৱেষণাত ওলাইছে আচৰিত তথ্য ! - E Cigarette Vs Smoking