আমাৰ বেছিভাগেই প্ৰতিদিনে ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী ৰুটি খাবলৈ পচন্দ কৰো, কিন্তু আপোনাৰ ওচৰত অধিক স্বাস্থ্যকৰ বিকল্প আছে যিয়ে আমাৰ শৰীৰক বহু দিশত উপকৃত কৰিব পাৰে ৷ আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে ওটছ উন্নত স্বাস্থ্যৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ ইয়াত কেলৰি অতি কম আৰু ইয়াত বহু পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ আন শস্যতকৈ ওটছ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ আটাৰে আপুনি ৰুটি প্ৰস্তুত কৰিছেনে ? পুষ্টিবিদে কয় যে, যদি আপুনি ওটছ ৰুটি খায় তেন্তে ই আপোনাক বহু সমস্যাত সহায় কৰিব পাৰে ৷
ওটচ কিয় ইমান উপকাৰী ?
গ্লুটেন মুক্ত হোৱাৰ বাবেই ওটছক ইমান স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ এইটো এটা প্ৰকাৰৰ প্ৰটিন যিয়ে বহু সমস্যাৰ সৃষ্টি কৰে, এনে পৰিস্থিতিত ওটছ এটা উত্তম বিকল্প ৷ যিসকলৰ চিলিয়াক ৰোগ আছে তেওঁলোকৰ বাবেও ই উপকাৰী, এই ৰোগক গ্লুটেন সংবেদনশীল আন্ত্ৰিক ৰোগ বুলিও কোৱা হয় ৷
ওটছৰ আটাৰ পৰা প্ৰস্তুত কৰা ৰুটিৰ উপকাৰিতা
১) ডায়েবেটিছত সহায়ক
অটছৰ আটাত আঁহ, ভিটামিন বি আৰু খনিজ পদাৰ্থ পোৱা যায় যি আপোনাৰ স্বাস্থ্য উপকৃত কৰিব পাৰে ৷ ডায়েবেটিছ ৰোগত আক্ৰান্তসকলৰ বাবে অট ফ্লাৱাৰ চাপাটিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব পাৰে ৷
২) হৃদৰোগ প্ৰতিৰোধ
ডায়েবেটিছত আক্ৰান্ত লোকৰো হৃদৰোগৰ আশংকা থাকে ৷ যদি আপুনি নিয়মীয়া খাদ্যত Oats Flour Chapati খায়, তেন্তে ইয়াৰ বিপদ বহু পৰিমাণে হ্ৰাস পাব পাৰে ৷
৩) হজম শক্তিত সহায়ক
যেতিয়া আপোনাৰ পাচনতন্ত্ৰত কোনো সমস্যা নাথাকে তেতিয়াহে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব পাৰে ৷ এনে পৰিস্থিতিত অটছৰ আটাৰ পৰা তৈয়াৰী ৰুটি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে কাৰণ ই বদহজমৰ সমস্যা হ্ৰাস কৰিব পাৰে আৰু আঁহৰ বাবে পেটটো দীৰ্ঘদিন ধৰি ভৰি থকা অনুভৱ কৰিব পাৰে ৷
লগতে পঢ়ক: চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱেকাৰৰ এই ৩টা টিপছৰ সহায়ত দূৰ কৰক মেদবহুলতা