ETV Bharat / health

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা এনেদৰে চিৰদিনৰ বাবে পাওক মুক্তি - Fruit Juices for Constipation

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:05 PM IST

Fruit Juices for Constipation: কোষ্ঠকাঠিন্যৰ সমস্যা হৈছে এনে এক সমস্যা যি অতি কষ্টদায়ক ৷ বহুতেই এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহুতো ঔষধ খাই যদিও কেইদিনমানৰ পাছত পুনৰ আকৌ একেই সমস্যাতে ভোগে ৷ তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায় কি জানো আহক-

Fruit juices for Constipation, According to a Dietitian
কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা এনেদৰে চিৰদিনৰ বাবে পাওক মুক্তি (CANVA)

কোষ্ঠকাঠিন্যৰ যন্ত্ৰণা কি, সেয়া কেৱল ভুক্তভোগী গৰাকীয়েহে জানে ৷ বহুতেই এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহুতো ঔষধ খাই যদিও কেইদিনমানৰ পাছত পুনৰ আকৌ একেই সমস্যাতে ভোগে ৷ কিন্তু কিছুমান প্ৰাকৃতিক উপায়ৰে আপুনি আপোনাৰ এই সমস্যা চিৰদিনৰ বাবে নাইকিয়া কৰিব পাৰে ৷ হয়, কেইটামান ফলৰ ৰস খাই আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাক চিৰদিনৰ বাবে বিদায় দিব পাৰে ৷ সেয়া হৈছে-

নেমু পানী

নেমুপানীত ভিটামিন চি থাকে, যিয়ে হজম উন্নত কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰ সেৱন ছালৰ অন্যান্য লাভালাভৰ লগতে পাকস্থলী পৰিস্কাৰ কৰাতো সহায়ক ৷

মধুৰিআমৰ ৰস

মধুৰিআমৰ ৰসে হজম উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য উপশম কৰাত সহায়ক হ'ব পাৰে ৷ আপুনি মধুৰিআমৰ ৰসৰ লগত ক’লা নিমখ মিহলি কৰি খাব পাৰে ৷

প্লামৰ ৰস

প্লামত ভিটামিন চি আৰু আঁহ থাকে, যিয়ে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে ৷কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্লামৰ ৰস মৌৰ সৈতে মিহলি কৰি সদায় খাব পাৰে ৷

ডালিমৰ ৰস

ডালিমৰ ৰসে হজম শক্তি উন্নত কৰি পাকস্থলীৰ সমস্যা উপশম কৰিব পাৰে ৷ সেয়েহে ইয়াক নিয়মীয়াকৈ সেৱন কৰাটো অতি লাভজনক ৷

জামুৰ ৰস

জামুত পোৱা উপাদানবোৰে হজম উন্নত কৰি কোষ্ঠকাঠিন্য উপশম কৰাত সহায়ক হ'ব পাৰে ৷ কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় পুৱা খালী পেটত জামুৰ ৰস খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব পাৰে ৷

এই ফলৰ ৰস সদায় খালে ই কোষ্ঠকাঠিন্যৰ সমস্যাত সহায়ক হ'ব পাৰে ৷ কিন্তু ইয়াৰ পাছতো যদি আপুনি এই সমস্যাৰ পৰা সকাহ লাভ নকৰে, তেন্তে খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: কোষ্ঠকাঠিন্য-গেষ্ট্ৰিকৰ সমস্যা হ’ব দূৰ মাত্ৰ আপোনাৰ খাদ্যৰ অংশ কৰি লওক এইবিধ পানীয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.