ETV Bharat / health

ডে' কেয়াৰ স্পাইন ছাৰ্জাৰীৰ মানে কি ? ইয়াৰ লাভালাভসমূহৰ বিষয়ে জানি লওক - Spine Surgery

author img

By ETV Bharat Health Team

Published : Aug 23, 2024, 7:50 PM IST

Updated : Aug 24, 2024, 12:53 PM IST

Spine Surgery: দীৰ্ঘদিনীয়া ৰাজহাড়ৰ বিষৰ পৰা আৰোগ্য লাভৰ বাবে মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কিদৰে সদায় কৰে । ডে' কেয়াৰ স্পাইন ছাৰ্জাৰীৰ আৰু ইয়াৰ লাভালাভসমূহৰ সন্দৰ্ভত জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম কুমাৰ গোয়েলৰ পৰা জানো আহক-

spine surgery
ডে' কেয়াৰ স্পাইন ছাৰ্জাৰীৰ মানে কি ? ইয়াৰ লাভালাভসমূহৰ বিষয়ে জানি লওক (ETV Bharat Assam)

এতিয়াৰ পৰা মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি একেদিনাই ঘৰলৈ উভতি যাব পাৰিব ৰোগী ৷ ডে' কেয়াৰ স্পাইন ছাৰ্জাৰী আৰু ইয়াৰ লাভালাভসমূহৰ সন্দৰ্ভত সোমাবাৰে জিএনআৰচি ছয়মাইল শাখাত অনুষ্ঠিত কৰা হয় এখনি গুৰুত্বপূৰ্ণ সংবাদমেল ৷ সংবাদমেলখনত উপস্থিত থাকি জ্যেষ্ঠ স্নায়ুশল্য ডাঃ ৰাম কুমাৰ গোয়েলে ইয়াৰ বিষয়ে বিতংভাৱে জনায় ৷

জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম কুমাৰ গোয়েল (ETV Bharat Assam)

বৰ্তমান সময়ত প্ৰায় ৯০ শতাংশ লোকেই কঁকালৰ বিষত আক্ৰান্ত ৷ ৰাজহাড়ৰ বিষ অর্থাৎ কঁকালৰ বিষ বুলিলে আমি সদায় ভীতিগ্ৰস্ত হৈ পৰো ৷ কিয়নো আমাৰ মনত এটা ধাৰণা আছে যে ৰাজহাড়ৰ বিষ মানে প্ৰতিগৰাকী ৰোগীয়ে অত্যধিক বিষত সন্মূখীন হ’বলগীয়া হয় ৷ লগতে ৰাজহাড়ৰ বিষৰ আৰোগ্য লাভৰ যি গতি সেয়া অতি লেহেমীয়া আৰু বহুদিনলৈ বিচনাত পৰি থাকিবলগীয়া হয় ৷ বহুলোকেই এই সমস্যাৰ পৰা ঔষধ খাই বা ঔষধ নোখোৱাকৈও আৰোগ্য লাভ কৰা পৰিলক্ষিত হয় ৷

স্লীপ ডিস্ক হ’লে পেটৰ বিষ, কঁকালৰ বিষ আদিৰ লগতে মাংসপেশী আদিও দুৰ্বল হোৱা দেখা যায় ৷ কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত স্লীপ ডিস্কৰ সমস্যা হ'লে প্ৰস্ৰাৱ আৰু শৌচ বন্ধ হোৱাও দেখা যায় ৷

স্পাইন ছাৰ্জাৰী মানে কি ?

স্লীপ ডিস্কৰ বা কঁকালৰ বিষ আদি বেছিভাগত ঔষধ খোৱাৰ পাচত আৰোগ্য লাভ কৰিব পাৰি ৷ প্ৰায় ৯২% ৰ পৰা ৯৫% ৰোগীয়ে ঔষধ আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা সোনকালে সুস্থ হৈ যায় ৷ কিন্তু কিছুমানৰ ক্ষেত্ৰত চাৰ্জাৰীৰ প্ৰয়োজন হয় ৷ তিনিটা দশকত স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে ৰোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰিছে ৷

ইফালে, মেৰুদণ্ডৰ ৰোগৰ বিষয়ে ব্যাপক গৱেষণা, পৰিশোধিত অস্ত্ৰোপচাৰৰ কৌশল আৰু অ'পাৰেটিং মাইক্ৰ'স্ক'প আৰু এণ্ড'স্ক'পৰ দৰে উন্নত সঁজুলিৰ ব্যৱহাৰে মেৰুদণ্ডৰ অস্ত্ৰোপচাৰক অধিক সুৰক্ষিত, অধিক ফলপ্ৰসূ আৰু কমকৈ কটা-ছিঙাতে সম্পন্ন হোৱাটো বৰ্তমানৰ চিকিৎসা বিজ্ঞানে সম্ভৱ কৰি তুলিছে ৷

বৰ্তমান সময়ত স্পাইন ছাৰ্জাৰীয়ে বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে ৷ এই অস্ত্ৰোপচাৰৰ সময়ত ৰাজহাড়ত তেনেই সৰুকৈ কাটি (২ৰ পৰা ৩ ছেন্টিমিটাৰ) অস্ত্ৰোপচাৰ কৰা হয় ৷ ইয়াৰ ফলত শৰীৰৰ মাংসপেশী বা ৰাজহাড়ৰ তেনেই কম ক্ষতি হয় ৷ ফলস্বৰূপে ৰোগীগৰাকী একেদিনাই ঘৰলৈ উভতি যাব পাৰে আৰু লগতে অতি কম দিনৰ ভিতৰত নিজৰ দৈনন্দিন কাম-কাজ পূৰ্বৰ দৰে কৰিবলৈ সক্ষম হয়৷ লগতে চিকিৎসালয়ত নথকাকৈ একেদিনাই ৰোগীগৰাকী ঘৰলৈ উভতি যায় বাবে ৰোগীৰ খৰচৰ মাত্ৰাও কম হয় ৷

ইফালে, মিনিমেলী ইনভেছিভ স্পাইন ছাৰ্জাৰীৰ বিশেষ সুবিধাসমূহ-ৰাজহাড়ত ২-৩ ছেন্টিমিটাৰ ছিদ্ৰ কৰাৰ ফলত টিছুৰ কমকৈ ক্ষতি হয় ৷ লগতে অস্ত্ৰোপচাৰৰ পিছত বিষৰ মাত্ৰা অতি কম, খুব কম পৰিমাণে ৰক্তক্ষৰণ হয়, ক্ষীপ্ৰগতিত আৰোগ্য লাভ কৰে ৷ স্নায়ুৰ চৌপাশে দাগসমূহ কমকৈ দেখা যায়, সকলো দিশৰ পৰা আৰোগ্য লাভ কৰে ৷

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি ৰোগীক একেদিনাই ঘৰলৈ পঠিয়াই দিবলৈ সক্ষম হোৱাৰ বাবে জিএনআৰচি ছয়মাইল শাখাত শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰা হয় ৷ উক্ত সংবাদমেলত স্পাইন ছাৰ্জাৰীৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ দ্বাৰা হোৱা লাভালাভসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ৷ সংবাদমেলত উপস্থিত থাকে জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম কুমাৰ গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল গোটৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মন আৰু মুখ্য পৰিচালন বিষয়া ডাঃ মইনুলাৰ ৰহমান ৷

লগতে পঢ়ক: উচ্চ কলেষ্টেৰলে বৃদ্ধি কৰে হৃদৰোগৰ আশংকা: সেয়ে ইয়াৰ পৰা বাচি থাকিবৰ বাবে এনেদৰে খাওক নহৰু - High Cholesterol

Last Updated : Aug 24, 2024, 12:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.