ETV Bharat / health

কল বা শাল গছৰ পাতত খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানি লওক - Benefits of Eating on Leaves

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:03 PM IST

Benefits of Eating on Leaves: বিয়াই হওক বা যিকোনো ডাঙৰ অনুষ্ঠানেই হওক আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মানুহে খাদ্য খাবলৈ প্লাষ্টিকৰ প্লেট ব্যৱহাৰ কৰে । কিন্তু গাঁৱত মানুহে বেছিকৈ কল বা শাল গছৰ পাত ব্যৱহাৰ কৰে । এতিয়া প্ৰশ্ন হয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পাতত খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰে জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক ।

pattal food
কল বা শাল গছৰ পাতত খোৱাটো স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী জানি লওক (ETV Bharat)

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে গাঁৱৰ মানুহে ডাঙৰ ডাঙৰ ভোজৰ সময়ত পাতত খাদ্য খায় ৷ ভাৰতত ইয়াৰ পৰম্পৰা যথেষ্ট পুৰণি ৷ বৰং ই আমাৰ সংস্কৃতিৰ এটা অংশ বুলি ক’লেও ভুল কোৱা নহ’ব ৷

যেতিয়াই ৰাজহুৱা ভোজ বা ডাঙৰ ডাঙৰ অনুষ্ঠান হয় তেতিয়াই ইমানবোৰ মানুহৰ বাবে ষ্টীল বা ধাতুৰ প্লেটৰ ব্যৱস্থা কৰাটো কঠিন হৈ পৰে, সেয়েহে বজাৰত উপলব্ধ এবাৰ ব্যৱহাৰৰ প্লেটত খাদ্য পৰিবেশন কৰা হয় ৷

কিন্তু পাতত খাদ্য খোৱাৰ উপকাৰিতাৰ বিষয়ে অতি কম সংখ্যক লোকহে অৱগত ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ই কিমান উপকাৰী সেই কথা যদি আপুনি এবাৰ অৱগত হয় তেন্তে নিশ্চয়কৈ আচৰিত হ’ব ৷ কেৱল সেয়াই নহয়, পৰিৱেশৰ দৃষ্টিকোণৰ পৰাও ই সম্পূৰ্ণ নিৰাপদ ৷

পাতত খাদ্য খোৱাৰ স্বাস্থ্য উপকাৰিতা

পাতত খাদ্য খোৱাৰ প্ৰথম সুবিধাটো হ’ল যে এই পাতবোৰত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয় ৷ আপুনি য'তেই পাত বিচাৰি পায় তাতেই তাক ভালদৰে ধুই আপোনাৰ ব্যৱহাৰৰ বাবে সাজু কৰি ল’ব পাৰে বা বজাৰৰ পৰা কিনিলেও পানীৰে ধুই লৈ খাদ্য গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে ৷

কলপাত

উল্লেখ্য যে, কলপাতত পলিফিনল থাকে ৷ ই এবিধ প্ৰাকৃতিক এন্টি অক্সিডেন্ট ৷ কলপাতত খাদ্য ৰখাৰ লগে লগে পলিফিনল খাদ্যত প্ৰৱেশ কৰে আৰু আপোনাৰ শৰীৰে এন্টি অক্সিডেন্ট লাভ কৰে ৷ ই আপোনাৰ খাদ্য হজম কৰাতো সহায় কৰে ৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে টুইটত লিখিছে -

  • কলপাত যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে আৰু ই ডিচপ’জেবল প্লেটতকৈ যথেষ্ট স্বাস্থ্যকৰ আৰু বহনক্ষম বিকল্প । গৰম খাদ্য পাতৰ ওপৰত ৰাখিলে তাৰ পৰা পুষ্টিকৰ পদাৰ্থ নিৰ্গত হয় আৰু খাদ্য সুগন্ধিত হৈ পৰে । পৰিবেশনৰ আগতে পাতত পানী ছটিয়াই শুদ্ধি কৰা হয় । লগতে পাতবোৰ বায়’ডিগ্ৰেডেব’ল, যাৰ ফলত ই পৰিৱেশৰ বাবেও উত্তম বিকল্প ।
  • যদি আপুনি পলাশৰ পাতত খাদ্য গ্ৰহণ কৰে তেন্তে ই আপোনাক সোণৰ বাচনত খাদ্য খোৱাৰ দৰে সুফল দিয়ে । পলাশৰ পাতত খাদ্য খালে তেজৰ পৰা অশুদ্ধি আঁতৰ হয় । পাচনতন্ত্ৰৰ সমস্যা হ’লেও পলাশৰ পাতত খাদ্য খাব পাৰে ।
  • চেগুন পাতত খাদ্য খালে ছাল উজ্বল হয় । ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে ।
  • ইফালে, পদুমৰ পাতত খাদ্য খালে ৰক্ত সঞ্চালন উন্নত হয় ।

পৰিৱেশৰ বাবে অনুকূল

পাতৰ খৰচ কম । গতিকে ইয়াক আপুনি অৰ্থ উপাৰ্জনৰ বিকল্প হিচাপেও বাচি ল’ব পাৰে । পৰিৱেশো দূষিত নহয় লগতে পাতবোৰ কঢ়িয়াই নিয়াত সহজ । ইয়াক ধুব নালাগে । পানীও কম খৰচ হয় লগতে কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নাই আৰু শৰীৰৰ কোনো ধৰণৰ ক্ষতি নহয় ।

এবাৰ পাতখন ব্যৱহাৰ কৰি পেলাই দিলেই হ’ল । ই স্বয়ংক্ৰিয়ভাৱে পচি মাটিৰ লগত মিহলি হৈ যায় । কোনো ৰোগ বা সংক্ৰমণৰ আশংকা নাই । পাতক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি । মাটিৰ তলত পুতি লৈ, তাৰ পৰা পচন সাৰ প্ৰস্তুত কৰাৰ পিচত গছ-গছনিত ব্যৱহাৰ কৰিব পাৰে ৷

কল আৰু শাল গছৰ পাতৰ বহুতো ঔষধি গুণাগুণ আছে । ইয়াক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ।

প্লাষ্টিকৰ পাত ক্ষতিকাৰক

আনহাতে প্লাষ্টিকৰ পাত ব্যৱহাৰ কৰিলে পচিবলৈ অধিক সময়ৰ প্ৰয়োজন হোৱাৰ লগতে, কেতিয়াবা ই সম্পূৰ্ণৰূপে পচিও নাযায় আৰু শ শ বছৰ ধৰি তেনেকৈয়ে থাকি পৰিবেশ দূষিত কৰে । স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ইয়াক সঠিক বুলি গণ্য কৰা নহয় । প্লাষ্টিক ৰাসায়নিক পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয় । সেয়ে ই আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰই উপকাৰী নহয় ৷

লগতে পঢ়ক: কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনন্য উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.