ETV Bharat / health

প্ৰতিদিনে বিয়েৰ খায় নেকি ? তেন্তে ইয়াৰ পৰিণতি হ’ব পাৰে মাৰাত্মক - ALCOHOLS SIDE EFFECTS - ALCOHOLS SIDE EFFECTS

Beer Side Effects : প্ৰয়োজনতকৈ বেছিকৈ বিয়েৰৰ কৰিলে স্বাস্থ্যৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে ৷ যিসকলে পূৰ্বে এইটো ভাবিছিল যে বিয়েৰ খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয় তেন্তে ৰ’ব প্ৰথমে পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন...

Drinking too much Beer can harm your health Learn from the experts
প্ৰতিদিনে বিয়েৰ খায় নেকি ? তেন্তে ইয়াৰ পৰিণতি হ’ব পাৰে মাৰাত্মক (IMAGE SOURCE: FREEPIK)
author img

By ETV Bharat Health Team

Published : May 14, 2024, 9:34 AM IST

বহুলোকে প্ৰায়ে কয় যে, বিয়েৰ খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয় ৷ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে নিৰ্দিষ্ট পৰিমাণৰ বিয়েৰ সেৱন কৰিলে শৰীৰৰ বাবে অতি উপকাৰী কিন্তু যিকোনো বস্তুৰে কেতিয়াবা ভাল যদি কেতিয়াবা বেয়া এই দুয়োটা দিশেই থাকে যিসকলে ভাবে যে বিয়েৰ খোৱাৰ বহু উপকাৰিতা আছে, তেনে লোকে প্ৰথমে ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ জানি লোৱাটো খুবেই জৰুৰী ৷

বিশেষকৈ প্ৰতিদিনে বিয়েৰ খোৱাৰ ফলত শৰীৰৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে সেই বিষয়ে জনাটো দৰকাৰী ৷ বিশেষজ্ঞসকলৰ মতে, যদি আপুনি বেছিকৈ বিয়েৰ পান কৰে তেন্তে ই স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৷ কোৱা হয় যে, প্ৰতিদিনে বিয়েৰ খালে শৰীৰত বহু পৰিৱৰ্তন ঘটে ৷ প্ৰতিদিনে বিয়েৰ খোৱাৰ পাৰ্শ্বক্ৰিয়া জানি লওক (Disadvantage Of Beer Drink Everyday) -

ওজন বৃদ্ধি হ’ব পাৰে : দৈনিক বিয়েৰ খালে ওজন বৃদ্ধি আৰু মেদবহুলতাৰ দৰে অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে ৷ ২০১৫ চনত আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি প্ৰতিদিনে বিয়েৰ সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি পাব যিয়ে স্বাস্থ্যৰ বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

এই অধ্যয়নত নিউয়ৰ্ক চহৰৰ মাউণ্ট চিনাই স্কুল অৱ মেডিচিনৰ পুষ্টিৰ অধ্যাপক ডাঃ ডেভিদ জে. লুডৱিগে অংশগ্ৰহণ কৰিছিল ৷ এই অধ্যয়নত ১০০০ৰো অধিক পুৰুষ-মহিলাৰ ওপৰত ৪ বছৰ ধৰি গৱেষণা কৰা হৈছিল ৷ ইয়াৰ পিচত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে বিয়েৰত কেলৰিৰ পৰিমাণ অতিকৈ যাৰ ফলত মেদবহুলতা বা ওজন বৃদ্ধি হ’ব পাৰে ৷

Drinking too much Beer can harm your health Learn from the experts
প্ৰতিদিনে বিয়েৰ খায় নেকি ? তেন্তে ইয়াৰ পৰিণতি হ’ব পাৰে মাৰাত্মক (IMAGE SOURCE: FREEPIK)

যকৃতৰ ক্ষতি কৰিব পাৰে: যকৃত আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ ৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, বেছিকৈ বিয়েৰ খালে লিভাৰৰ ক্ষতি হ’ব পাৰে ৷ এয়া সকীয়াই দিয়া হৈছে যে ইয়াক দৈনিক সেৱন কৰিলে যকৃতৰ আশে-পাশে চৰ্বি জমা হোৱা, এলকহলযুক্ত হেপাটাইটিছ, যকৃতৰ প্ৰদাহ আৰু যকৃতৰ সৈতে জড়িত অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

হৃদৰোগৰ আশংকা: বিশেষজ্ঞসকলৰ মতে, বেছিকৈ বিয়েৰ খালে হৃদৰোগৰ সৃষ্টি হ’ব পাৰে ৷ ইউৰোপিয়ান হাৰ্ট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি প্ৰতিদিনে বিয়েৰ খোৱাৰ ফলত হৃদযন্ত্ৰৰ সৈতে জডিত ৰোগ (Cardiovascular disease) হ’ব পাৰে, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে ৷ প্ৰতিদিনে বিয়েৰ খোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায় ৷

লগতে পঢ়ক: গোলাপ জল ব্যৱহাৰ কৰাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আজিয়েই জানি লওক - BENEFITS OF ROSE WATER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.