এফালে উৎকট গৰমে দহিছে উত্তৰ ভাৰতীয়সকলক, আনফালে দেশৰ একাংশ অঞ্চলত বাৰিষাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে অহা ৪৮ ঘণ্টাত দক্ষিণ-পশ্চিম এলেকাতো বাৰিষাই প্ৰৱেশ কৰিব পাৰে । আনহাতে অসমতো এতিয়া মূষলধাৰ বৰষুণৰ ফলত কোনোৱে যদি সকাহ লাভ কৰিছে তেন্তে আন কোনোৱে আকৌ বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে ৷
বাৰিষা অহাৰ লগে লগে বিভিন্ন ৰোগৰো আগমন ঘটে ৷ বিশেষকৈ মহে মানুহক আমনি কৰিবলৈ আৰম্ভ কৰে । এই সময়ছোৱাতে ডেংগু, মেলেৰিয়া, চিকুনগুনিয়া আদি ৰোগেও গা কৰি উঠে ৷ সেয়ে এনে পৰিস্থিতিত মানুহে মহৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰে । মহৰ পৰা আঁতৰি থাকিবলৈ মানুহে ঘৰে ঘৰে বৈদ্যুতিক মহ মৰা যন্ত্ৰ ব্যৱহাৰ কৰে ।
এই মেচিনটো বিদ্যুতৰ দ্বাৰা চলে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই মেচিনবোৰে আপোনাৰ কিমান বিদ্যুৎ খৰচ কৰে ? যদি আপুনি এনে যন্ত্ৰ কিনা বা ব্যৱহাৰ কৰাৰ সময়ত এই বিষয়ে ভবা নাছিল, তেন্তে কোনো সমস্যা নাই, আজি আমি আপোনালোকক এই বিষয়ে বিতংভাৱে ক’বলৈ ওলাইছো ।
লগতে পঢ়ক: Japanese encephalitis: জাপানীজ এনকেফেলাইটিছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব ?
মহ মৰা যন্ত্ৰত কিমান বিদ্যুৎ খৰচ হয় ?
সাধাৰণতে মহ মৰা যন্ত্ৰ বা মেচিনত ৫ৰ পৰা ৭ ৱাট বিদ্যুৎ খৰচ হয় । এটা নাইট বাল্বৰ সমান মহ মৰা যন্ত্ৰই বিদ্যুৎশক্তি খৰচ কৰে । কিন্তু এল ই ডি প্ৰৱৰ্তনৰ পিচত এতিয়া নাইট বাল্বে পূৰ্বতকৈ কম বিদ্যুৎশক্তি খৰচ কৰে ।
বৈদ্যুতিক মহ মৰা যন্ত্ৰটো যদি দৈনিক ৮ ঘণ্টা ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা প্ৰায় আধা ইউনিট বিদ্যুৎ খৰচ হয় আৰু গোটেই মাহটো ব্যৱহাৰ কৰিলে প্ৰায় ১৫ ইউনিট বিদ্যুৎ খৰচ হয় ।
মেচিনটোৱে কেনেকৈ কাম কৰে ?
এই মেচিনটোৱে হিটাৰৰ দৰে কাম কৰে । ইয়াত তৰল পদাৰ্থৰ লগত এটা ৰড সংলগ্ন থাকে যিয়ে মেচিন আৰু তৰল পদাৰ্থৰ মাজত সংযোগ স্থাপন কৰে । মেচিনত থকা ৰডটো গৰম হৈ যায় আৰু মেচিনে ৰিফিলত থকা তৰল পদাৰ্থখিনি গোটেই কোঠাটোত বিয়পাই দিয়ে । এই মেচিনবোৰৰ পৰা ওলোৱা দ্ৰব্যৰ ফলত মহে সহজে পলাই পত্ৰং দিয়ে । যদি আপুনি আপোনাৰ টকা ৰাহি কৰিব বিচাৰিছে তেন্তে বাৰিষাৰ সময়ত সন্ধিয়াৰ ভাগত ধূপ-ধূনা দিয়াৰ অভ্যাস কৰক, মহৰ পৰা বাচিব পৰা ক্ৰীম ব্যৱহাৰ কৰক ৷
লগতে পঢ়ক: Mosquito-Repellent Plants: ডেংগু-মেলেৰিয়াৰ পৰা হাত সাৰিবলৈ ঘৰতে ৰোপণ কৰক এইসমূহ উদ্ভিদ