ETV Bharat / health

ডায়েবেটিছৰ পৰা পাথৰলৈকে উপকাৰী : এনেদৰে খাওক দুপৰ টেঙা - Assamese Herb Dupartenga

author img

By ETV Bharat Health Team

Published : Aug 10, 2024, 12:27 PM IST

Dupartenga Benefits In Diabetes: আপুনি জানেনে যে দুপৰ টেঙাৰ দ্বাৰা আমি আমাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰো । দুপৰ টেঙাত এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় যিয়ে আন বহু সমস্যা ৰোধ কৰাত সহায় কৰে । শৰীৰৰ উপকাৰিতা সাধনৰ বাবে আমি দুপৰ টেঙা কেনেদৰে খোৱা উচিত জানো আহক-

Diabetes patients should use Bryophyllum Dupartenga in this way, blood sugar level will start decreasing in a few days
ডায়েবেটিছৰ পৰা পাথৰলৈকে উপকাৰী: এনেদৰে খাওক দুপৰ টেঙা (ETV Bharat)

আয়ুৰ্বেদত দুপৰ টেঙাক খুবেই উপকাৰী এবিধ বনৌষধি হিচাপে গণ্য কৰা হয় ৷ কিডনী ষ্টোনৰ পৰা মধুমেহ বা ডায়েবেটিছলৈকে নিৰাময় কৰাত দুপৰ টেঙা অতি লাভদায়ক ৷ ইয়াৰ পাতত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিঅক্সিডেন্ট গুণ থাকে ৷ যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে মূল্যৱান ঔষধ হিচাপে কাম কৰে ।

বহু আয়ুৰ্বেদিক ঔষধত দুপৰটেঙাক ব্যৱহাৰ কৰা হয় । এই উদ্ভিদে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে । আজি ইয়াৰ বিষয়ে সবিশেষ জানো আহক-

মধুমেহ ৰোগত উপকাৰী দুপৰ টেঙা

ডায়েবেটিছ ৰোগীৰ বাবে দুপৰ টেঙা কোনো মূল্যৱান ঔষধতকৈ কম নহয় ৷ দুপৰ টেঙাত ফেনাইল এলকাইল ইথাৰ নামৰ জৈৱ সক্ৰিয় যৌগ পোৱা যায়, যিয়ে শৰীৰত ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে । ইয়াৰ সেৱনে শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ পাত, ঠাৰি, ফুল আৰু শিপা পানীত উতলাই খাব পাৰে । দুপৰটেঙাৰ পাত পিচি ৰস তৈয়াৰ কৰিব খাব পাৰে ।

বাতবিষত উপকাৰী দুপৰ টেঙা

যোগগুৰু ৰামদেৱৰ মতে, দুপৰ টেঙাক ব্যৱহাৰ কৰি শৰীৰৰ প্ৰদাহ কম কৰিব পাৰি । দুপৰ টেঙাত প্ৰদাহ নিবাৰণকাৰী আৰু বিষনাশক গুণ পোৱা যায় ৷ যিয়ে বাতবিষ ৰোগীৰ ফুলাৰ পৰা সকাহ দিয়ে ।

পাথৰ নোহোৱা কৰে দুপৰ টেঙাই

বৃক্কৰ পাথৰ হ’লেও আয়ুৰ্বেদত দুপৰ টেঙাক ব্যৱহাৰ কৰিব পাৰি । দুপৰ টেঙাৰ চেপনিনে বৃক্কৰ পাথৰত থকা কেলচিয়াম অক্সালেট স্ফটিক ভাঙি পেলোৱাত সহায় কৰে । ইয়াৰ দ্বাৰা পাথৰবোৰ প্ৰস্ৰাবৰ জৰিয়তে বাহিৰ হৈ যায় । লগতে ই বৃক্কক সুস্থ কৰি ৰখাতো সহায় কৰে ।

দুপৰ টেঙাক কেনেকৈ গ্ৰহণ কৰিব ?

দুপৰ টেঙাৰ পাত উতলাই এই পানী চেকি চাহৰ দৰে পান কৰক । ৰুচি অনুসৰি তাত নিমখো দিব পাৰে । দুপৰ টেঙাৰ পাত পিচি তাৰ পিছত তাৰ ৰস উলিয়াই লওক আৰু পান কৰক । কেৱল সেয়াই নহয় আপুনি দুপৰ টেঙাৰ পাত, ফুল, শিপা আৰু ঠাৰি আদিও গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক: দুপৰটেঙাত লুকাই আছে আপুনি নজনা স্বাস্থ্যজনিত বহু সমস্যাৰ সমাধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.