ETV Bharat / health

চৰ্দি-কাহৰ দৰে সাধাৰণ ৰোগত পৰিণত হৈছে হতাশা আৰু উদ্বেগ : ৩ বছৰত আক্ৰান্তৰ সংখ্যা ৬০% বৃদ্ধি - Depression and Anxiety

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 4:36 PM IST

Depression and Anxiety: আজিকালি হতাশা আৰু উদ্বেগ চৰ্দি কাহৰ দৰে সাধাৰণ স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে । চিন্তনীয় বিষয় যে বিগত ৩ বছৰত এই মানসিক ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০% বৃদ্ধি পাইছে । শেহতীয়াকৈ কৰা এক অধ্যয়নত পোহৰলৈ আহিছে এই আচৰিত তথ্য ।

DEPRESSION AND ANXIETY ARE BECOMING AS COMMON AS COLD AND COUGH
চৰ্দি-কাহৰ দৰে সাধাৰণ ৰোগত পৰিণত হৈছে হতাশা আৰু উদ্বেগ: ৩ বছৰত আক্ৰান্তৰ সংখ্যা ৬০% বৃদ্ধি (FREEPIK)

আজিকালি ঘৰে ঘৰে কোনোবা নহয় কোনোবা এজন লোক মানসিক ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে ৷ চিন্তনীয় কথাটো হ’ল যে হতাশা, উদ্বেগ আদি গুৰুতৰ ৰোগবোৰ এতিয়া চৰ্দি আৰু কাহৰ দৰে সাধাৰণ হৈ পৰিছে ৷ শেহতীয়াকৈ এই সন্দৰ্ভত কৰা এটি অধ্যয়নত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷

শেহতীয়াকৈ ফিনলেণ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে বিগত তিনি বছৰত মানসিক ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০% বৃদ্ধি পাইছে ৷ ১১ৰ পৰা ১৬ বছৰৰ ভিতৰৰ সাত লাখ শিশুৰ তথ্য এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ বিশ্লেষণত দেখা গৈছে যে যদি কোনো শিশুৰ ক্ষেত্ৰত হতাশা বা উদ্বেগৰ লক্ষণ দেখা যায় তেন্তে তেওঁলোকৰ বন্ধুসকলৰো এই লক্ষণ দেখা দিয়াৰ সম্ভাৱনা ৯% বেছি ৷ অৰ্থাৎ চৰ্দি বা ফ্লুৰ দৰে হতাশা আৰু উদ্বেগ সংক্ৰামক হ’ব পাৰে ৷

হতাশা আৰু উদ্বেগৰ লক্ষণ

* দুখ বা হতাশা অনুভৱ কৰা

* ভাগৰুৱা আৰু শক্তি কম হোৱা

*ভোকৰ পৰিৱৰ্তন

* টোপনিৰ সমস্যা

*একাগ্ৰতাত অসুবিধা

* খিংখিঙীয়া বা খং

* আত্মহত্যাৰ চিন্তা

হতাশা আৰু উদ্বেগৰ কাৰণে

  1. জিনীয়: বংশগতভাৱে যদি কাৰোবাৰ হতাশা আৰু উদ্বেগৰ সমস্যা থাকে তেন্তে এই সমস্যা বৃদ্ধি পাব পাৰে ৷
  2. জীৱনৰ পৰিঘটনা: জীৱনৰ মানসিক চাপৰ পৰিঘটনা, যেনে আপোনজনৰ মৃত্যু, চাকৰি হেৰুওৱা বা বিবাহ বিচ্ছেদ আদিয়ে হতাশা আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে ৷
  3. ব্যক্তিগত বৈশিষ্ট্য: ব্যক্তিত্বৰ কিছুমান বিশেষ বৈশিষ্ট্য, যেনে নেতিবাচক চিন্তা বা কম আত্মসন্মানে হতাশা আৰু উদ্বেগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷
  4. স্বাস্থ্যৰ অৱস্থা: কিছুমান স্বাস্থ্যজনিত অৱস্থা, যেনে হৃদৰোগ, ডায়েবেটিছ বা থাইৰয়ডৰ সমস্যাই হতাশা আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে ৷
  5. ঔষধ: কিছুমান ঔষধ, যেনে ষ্টেৰইড বা কিছুমান ৰক্তচাপ বৃদ্ধি কৰা ঔষধে হতাশা আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে ৷

চিকিৎসকৰ পৰামৰ্শ

যদি আপুনি হতাশা বা উদ্বেগৰ লক্ষণ দেখা দিছে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাটো গুৰুত্বপূৰ্ণ ৷ চিকিৎসকে আপোনাৰ লক্ষণসমূহৰ মূল্যায়ন কৰি উপযুক্ত চিকিৎসা নিৰ্ধাৰণ কৰিব ৷ যদি সময় থাকোঁতে ইয়াৰ সঠিক চিকিৎসা কৰা হয় তেন্তে হতাশা আৰু উদ্বেগ বৃদ্ধি হোৱাৰ ইয়াক ৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: ডিপ্ৰেছনৰ এই লক্ষণক ভুলতেও নকৰিব আওকাণ - Depression

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.