ETV Bharat / health

বৰষুণৰ বতৰত দৈ খোৱাটো ক্ষতিকাৰক নেকি ? - is it fine to eat curd in monsoon

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:10 PM IST

Eat curd in rainy season: গ্ৰীষ্মকালত দেহা শাঁত পেলাবলৈ খোৱা দৈ বৰষুণৰ বতৰৰ ঠাণ্ডাত খাব পাৰি নে নোৱাৰি ৷ এই প্ৰশ্ন দৈ প্ৰিয় প্ৰতিজন মানুহৰে মনলৈ আহে ৷ বহুতে সন্দেহতে বাৰিষাৰ সময়ছোৱাত দৈ কমকৈ খায় নতুবা নাখায়ে ৷ জানো আহক প্ৰকৃত সত্য-

curd  benefits  in  rainy  season  and  precautions while eating curd in monsoon
দৈ খোৱাৰ উপকাৰিতা (ETV Bharat)

বেছিভাগ মানুহেই দৈ খায় ভাল পায় । বহুতে খাদ্যত প্ৰতিদিনে অলপকৈ হ’লেও দৈ অন্তৰ্ভুক্ত কৰেই । অৱশ্যে বাৰিষাৰ সময়ত দৈ খোৱাৰ ক্ষেত্ৰত একাংশ লোকৰ মনত নানা ধৰণৰ সন্দেহ থাকে । যেনে, এই বতৰত দৈ খালে চৰ্দি, কাহ, বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব ইত্যাদি । বাৰিষাৰ সময়ত দৈ খোৱাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানি লওক-

দৈত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে । ইয়াত ভাল বেক্টেৰিয়া থাকে যি পেটৰ বাবে অতি উপকাৰী । পেশী আৰু হাড় শক্তিশালী কৰাত দৈ সহায়ক । সেয়েহে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে যিসকল লোকে গাখীৰ ভাল নাপায় তেওঁলোকে খাদ্যত দৈ অন্তৰ্ভুক্ত কৰিব লাগে । "জাৰ্নেল অফ নিউট্ৰিশ্যন"ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাৰিষাকালত দিনটোত দুবাৰকৈ ২০০ গ্ৰাম দৈ খোৱা লোকসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা কম । এই গৱেষণাত অংশ লৈছিল আমেৰিকান ছ’চাইটি ফৰ নিউট্ৰিশ্যনৰ পুষ্টিবিদ ডাঃ ডেন ব্ৰেণ্ডে । ডাঃ ডেন ব্ৰেণ্ডে দাবী কৰিছিল যে বাৰিষাত দৈ খালে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস পায় ।

ইয়াৰ লগতে বিশেষজ্ঞসকলে কয় যে বাৰিষাকালত সীমিত পৰিমাণত দৈ খালে ডায়েৰিয়া ৰোধ কৰাত সহায়ক হয় । একেদৰে দৈত থকা ভিটামিন ডি, প্ৰ’টিন আৰু কেলচিয়ামৰ দৰে পুষ্টিকৰ পদাৰ্থই বাৰিষাৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে । কিন্তু দৈ খোৱাৰ বহু উপকাৰিতা থকাৰ পাচতো বাৰিষাকালত দৈ খোৱাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে ৷

তলত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ’ল-

  • ৰাতি বেছিকৈ দৈ খালে পাচনতন্ত্ৰৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে ।
  • বিশেষজ্ঞসকলে কয় যে দৈ হজম হ’বলৈ অধিক সময় লাগে । গতিকে ৰাতি দৈৰ সলনি বাটাৰমিল্ক আৰু ৰাইটা খোৱাই ভাল ।
  • বাৰিষাৰ সময়ত সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ সঠিকভাৱে ফ্ৰীজত ৰখা সতেজ দৈ খোৱাটো নিশ্চিত কৰিব লাগে ।
  • বাৰিষাৰ সময়ছোৱাত যিকোনো সময়তে অধিক মাত্ৰাত দৈ যাতে নাখায়, তাৰ প্ৰতি ধ্যান ৰাখিব ৷
  • একেদৰে দৈ খোৱাৰ পিচত যদি কোনো ধৰণৰ এলাৰ্জী বা অস্বস্তি অনুভৱ হয় তেন্তে দৈ খোৱা বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

লগতে পঢ়ক : ঔষধি বুলি জনাজাত নিমৰ পৰাও হয় পাৰ্শ্বক্ৰিয়া ! কি কয় বিশেষজ্ঞই জানি লওক - health benifits of neem

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.