গৰ্ভাৱস্থা প্ৰত্যেকগৰাকী মহিলাৰ বাবে যিমান আনন্দদায়ক হয় সিমানেই কষ্টদায়কো হয় ৷ কাৰণ এই সময়ত মহিলাগৰাকীয়ে নিজৰ শৰীৰৰ সকলো সমস্যাৰ যুঁজিবলগীয়া হয় ৷ এই 9টা মাহত মহিলাসকলে সকলো দুখ-কষ্ট সহ্য কৰিব পৰা হৈ যায় ৷ কিন্তু বেছিভাগ মহিলাই এই সমস্যাবোৰৰ সৈতে যুঁজিবলৈ সক্ষম নহয় ৷
বিশেষকৈ নতুনকৈ গৰ্ভধাৰণ কৰা মহিলাসকল ৷ এই সময়ছোৱাত প্ৰায়ভাগ মহিলাই মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় ৷ গৰ্ভাৱস্থাই কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও এগৰাকী মহিলাৰ বাবে মানসিক চাপৰ সৃষ্টি কৰে ৷ ইয়াৰ বাবেই একাংশ মহিলাই চিন্তিত হৈ পৰে ৷
গৰ্ভৱতী মহিলাই মানসিকভাৱে শান্ত হোৱাটো প্ৰয়োজন ৷ ই মাতৃ আৰু সন্তান উভয়ৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ গৰ্ভাৱস্থাত উদ্বিগ্নতাই প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে এনে গৰ্ভৱতী মহিলাৰ বাবে কাউন্সেলিং অতি উপযোগী |
গৱেষণাৰ অংশ হিচাপে উদ্বেগৰ লক্ষণত ভুগি থকা ৭৫০ গৰাকী গৰ্ভৱতী মহিলাক বাছনি কৰি আধা গৰাকীক সচৰাচৰৰ দৰে চিকিৎসা কৰা হৈছিল ৷ বাকীসকলক ছটা অধিবেশনত উদ্বেগ হ্ৰাস কৰা পৰামৰ্শ দিয়া হৈছিল ৷ উদ্বিগ্ন চিন্তা আহিলে ইতিবাচক চিন্তা আৰু ভাল আচৰণ কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় ৷
গাখীৰ এৰাৰ ছয় সপ্তাহৰ পিছত পৰীক্ষা কৰিলে সচৰাচৰৰ দৰে চিকিৎসা কৰা ২৭% মহিলাৰ ক্ষেত্ৰত উদ্বেগৰ লক্ষণ দেখা গৈছিল ৷ ইয়াৰে ৪১% মহিলাই তীব্ৰ হতাশাত ভোগাৰ তথ্য লাভ কৰিছিল ৷ একে পৰামৰ্শ লাভ কৰা মাত্ৰ ৯% মহিলাৰ উদ্বেগৰ লক্ষণৰ উন্নতি ঘটিছিল ৷ ইয়াৰে ১২% মহিলাই হতাশাত ভুগিছিল ৷
কেৱল মনোৰোগ বিশেষজ্ঞই নহয়, মনোৰোগ চিকিৎসা অধ্যয়ন কৰাসকলে পৰামৰ্শ দিলেও ইমান ভাল ফলাফল দেখা পোৱাটো লক্ষণীয় ৷ গৱেষকসকলৰ মতে, য’ত মানসিক চিকিৎসাৰ সম্পদ সহজে উপলব্ধ নহয়, তেনে ঠাইত ই বিশেষভাৱে ফলপ্ৰসূ হ’ব পাৰে ৷
লগতে পঢ়ক: গৰ্ভৱতী মহিলাসকলে কেনেকুৱা ধৰণে স্বাস্থ্যৰ যতন ল'ব লাগে ?