ETV Bharat / health

নিমখে আপোনাৰ স্বাস্থ্যৰ কিদৰে ক্ষতি কৰিব পাৰে জানেনে ? - Salt Side Effects - SALT SIDE EFFECTS

Salt Side Effects: খাদ্য আৰু নিমখ ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল, খাদ্য সম্ভাৰ যিমানেই ভাল নহওক কিয়, তাত পৰ্যাপ্ত নিমখ নাথাকিলে তাৰ সোৱাদ সদায় আধৰুৱা । কিন্তু খাদ্যত অতিৰিক্ত পৰিমাণে নিমখ সেৱন কৰিলে ই বহু ৰোগৰ কাৰণ হ’ব পাৰে । এই সন্দৰ্ভত বিশেষজ্ঞই কয় জানো আহক-

Salt Side Effects
নিমখে আপোনাৰ স্বাস্থ্যৰ কিদৰে ক্ষতি কৰিব পাৰে জানেনে ? (FREEPIK)
author img

By ETV Bharat Health Team

Published : Aug 22, 2024, 4:32 PM IST

খাদ্যত নিমখৰ গুৰুত্ব সকলোৱে জানে । ব্যঞ্জন যিমানেই ভাল নহওক কিয়, তাত পৰ্যাপ্ত পৰিমাণৰ নিমখ নাথাকিলে তাৰ সোৱাদ কোনেও ভাল নাপায় । শাক-পাচলি, ফল-মূল, মাংস, শস্য এই সকলোবোৰতে প্ৰচুৰ পৰিমাণে নিমখ থাকে । পেশীৰ সংকোচন আৰু শিথিলতাত নিমখ উপযোগী ।

ই স্নায়ু উদ্দীপিত আৰু স্নায়ুক সংকেত প্ৰেৰণ কৰাত সহায় কৰে । চিকিৎসকে কয় যে, নিমখ আমাৰ শৰীৰৰ বাবে উপকাৰী যদিও ইয়াৰ অতিৰিক্ত সেৱনে বহু দীৰ্ঘদিনীয়া ৰোগৰ সূত্ৰপাত ঘটাব পাৰে । Dr. Vukkala Rajeshৰ পৰা জানো আহক নিমখৰ অত্যধিক ব্যৱহাৰৰ ফলত কেনেধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে...

উচ্চ ৰক্তচাপ: চিকিৎসকৰ মতে, শৰীৰত নিমখৰ পৰিমাণ বাঢ়িলে ৰক্তচাপত গুৰুতৰ প্ৰভাৱ পৰে । বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে । National Institute of Healthৰ প্ৰতিবেদন অনুসৰি মূৰৰ বিষ, মূৰ ঘূৰোৱা, হৃদস্পন্দন দ্ৰুত হোৱা আদিও দেখা গৈছে ।

সঘনাই প্ৰস্ৰাৱ অহা: কোৱা হয় যে অত্যধিক নিমখ সেৱনৰ বাবে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হয় । ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ ৰঙো ক’লা হৈ পৰে আৰু ইয়াৰ পৰিমাণো কমি যায় । ফলত বৃক্কৰ ওপৰত চাপ বাঢ়ি যায় আৰু ই অধিক কাম কৰিবলগীয়া হয় লগতে দেহত পানীৰ অভাৱ হ’বলৈ ধৰে৷

ক্লান্তি আৰু দুৰ্বলতা: চিকিৎসকৰ মতে, বেছিকৈ নিমখ সেৱন কৰিলে শৰীৰত দুৰ্বলতা আৰু ভাগৰুৱা হ’ব পাৰে । লগতে ব্যক্তিগৰাকী নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম নহয় । ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে বুলিও সকীয়াই দিয়ে ।

শৰীৰত প্ৰদাহ বৃদ্ধি: চিকিৎসকৰ মতে, অত্যধিক নিমখ সেৱন কৰিলে শৰীৰত পানী জমা হয় । ফলত হাত, ভৰি, মুখ আৰু ভৰিত প্ৰদাহ হ’ব পাৰে ।

বাৰে বাৰে পিয়াহ অনুভৱ কৰা: বেছিকৈ নিমখ খালে বাৰে বাৰে পিয়াহ লাগিব পাৰে । বিশেষজ্ঞসকলে কয় যে, এইটোৱেই হৈছে শৰীৰৰ অতিৰিক্ত নিমখৰ পৰা মুক্তি পোৱাৰ উপায় ।

এইবোৰ সাৱধানতা অৱলম্বন কৰক: বিশেষজ্ঞসকলে কয় যে, এই ৰোগবোৰৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যত থকা নিমখৰ পৰিমাণ কমাই দিব লাগে । তেওঁ কয় যে, ইয়াৰ লগতে সতেজ ফল-মূল আৰু শাক-পাচলি খাব লাগে, ইয়াত থকা প্ৰাকৃতিক নিমখ শৰীৰৰ বাবে উপকাৰী । চিকিৎসকৰ মতে, পৰ্যাপ্ত পৰিমাণে পানী খালে শৰীৰৰ পৰা অতিৰিক্ত নিমখ আঁতৰি যায় ।

লগতে পঢ়ক: চেনি খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? - Harmful Effects of Sugar

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.