গুৱাহাটী, 11 মাৰ্চ: বৰ্তমান সময়ছোৱাত বিশেষকৈ হোৱা এবিধ ৰোগ হৈছে বসন্ত ৷ বসন্ত ঋতুত এই ৰোগ বেছিকৈ হয় বাবে ইয়াক বসন্ত ওলোৱা বুলিও কয় l চিকিৎসাবিজ্ঞানত ইয়াক Chicken Pox বুলি কোৱা হয় ৷ Vericella Zoster নামৰ এবিধ ভাইৰাছ ৰ দ্বাৰা এই ৰোগ হয় ৷ এই ৰোগ অতিকৈ সংক্ৰামক হয় আৰু সেয়েহে ঘৰৰ এজনৰ হ'লে বাকী সদস্যৰো হোৱা আশংকা থাকে ৷
বসন্ত আচলতে এটা ভাইৰেল বীজাণু হয় ৷ যিটো সাধাৰণতে ছালত হোৱা দেখা যায় ৷ এইৰোগ হ'লে কিছুদিন দৰৱখোৱাৰ পাছত আৰু প্ৰতিকাৰ লোৱাৰ পাছত মানুহজন সুস্থ হৈ উঠে ৷ যদিহে ভালদৰে চিকিৎসা নকৰে তেন্তে এই ৰোগ মাৰাত্মকো হ'ব পাৰে ৷
বসন্ত ৰোগৰ সাধাৰণতে লক্ষণসমূহ কি কি ?
১) এই ৰোগ হ'লে প্ৰথমে দুৰ্বল, মুৰৰ বিষ লগতেই অলপ অলপ জ্বৰ অনুভব হয় ৷
২) শৰীৰত সৰু সৰু ফোহাঁ ওলাই আৰু তাত বিষ অনুভব হয় l
৩) ফোঁহাবোৰ প্ৰথমে হাত ভৰি আৰু মুখত ওলাই তাৰ পাছত সৰ্বশৰীৰত ওলোৱা দেখা যায় ৷
কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?
১) ঘৰৰ পৰা বাহিৰলৈ ওলাই গলে মাস্ক পৰিধান কৰি ওলাব লাগে ৷
২) বাহিৰৰ পৰা ঘৰলৈ অহাৰ পাছত ভালদৰে গাটো চাবোনেৰে ধুব লাগে ৷
৩) বসন্তহোৱা ৰোগীৰ ওচৰলৈ যাব নালাগে ৷ আৰু গলেও মাস্ক পৰিধান কৰি যাব লাগে লগতে ভালদৰে হাতমুখ গা- ধুই দিব লাগে ৷
৪) বসন্তৰ টীকাসমূহ ভালদৰে আৰু সময়মতে ল'ব লাগে ৷
বসন্ত ৰোগ হ’লে কেনেধৰণৰ খাদ্য খাব লাগে আৰু কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে ?
বসন্তৰোগ হলে বহুতে খাদ্যখোৱাৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ মন্তব্য কৰা দেখা যায় ৷ বহুতে কয় যে তেলজাতীয় খাদ্য খাব নালাগে, মাছ-মাংস আদি খাব নালাগে এইয়া দৰাচলতে সম্পূৰ্ণ এটা ভ্ৰান্ত ধাৰণা ৷ এই সময়চোৱাত যিবোৰ খাদ্য সহজে হজম হোৱা আৰু আমাৰ শৰীৰত প্ৰয়োজন হোৱা ভিটামিন আদি পূৰণ কৰিব পৰা যিবোৰ খাদ্য সেইবোৰ খাব লাগে ৷
লগতে পঢ়ক: ক’ভিড ১৯ আৰু মানসিক স্বাস্থ্য; সমীক্ষাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য