ETV Bharat / health

জন্মাষ্টমীৰ দিনা কৰক এই উপায়, দূৰ আপোনাৰ জীৱনৰ এইসমূহ সমস্যা - Astro Tips

author img

By ETV Bharat Features Team

Published : Aug 25, 2024, 3:42 PM IST

Astro Tips: জন্মাষ্টমীৰ দিনা কেনেদৰে ভগৱান শ্ৰী কৃষ্ণক আৰাধনা কৰিব ? সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তান সম্ভৱাসকলে জন্মাষ্টমীৰ দিনা কি কৰা উচিত ? প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ জন্মাষ্টমীৰ দিনা কি কৰিব ? এই সন্দৰ্ভত জনালে ড৹ পৰশমণি শৰ্মাই ।

Astro tips
জন্মাষ্টমীৰ দিনা কৰক এই উপায়, দূৰ আপোনাৰ জীৱনৰ এইসমূহ সমস্যা (CANVA)

আগন্তুক ২৬ আগষ্ট অৰ্থাৎ কাইলৈ সমগ্ৰ দেশত পালিত হ’ব শ্ৰী কৃষ্ণৰ জন্মোৎসৱ ৷ জন্মাষ্টমীৰ দিনা প্ৰভু শ্ৰী কৃষ্ণৰ পূজাৰ বাবে শ্ৰী কৃষ্ণৰ ফটো-মূৰ্তি আদিত পূজা কৰিব পাৰে ৷ যদিহে একো কৰিব নোৱাৰে তেন্তে জন্মাষ্টমীৰ দিনা শ্ৰী কৃষ্ণৰ সন্মুখত বগা মিঠাই আৰু ঘিউৰ চাকি দিব লাগে ৷ জন্মাষ্টমীৰ দিনা 'ঔমঃ নমো ভাগৱতে বাসুদেৱায় নমঃ' এই মন্ত্ৰ ঘৰত 108বাৰ জপ কৰিব পাৰে ৷ শ্ৰীমদ্ভাগৱত গীতাৰ যিকোনো অধ্যায় পঢ়িব পাৰে ৷ লগতে শ্ৰী কৃষ্ণৰ শতনাম আদি যি যি শ্ৰী কৃষ্ণৰ পুথি আছে সেইবোৰ পঢ়িব পাৰে ৷

ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)

আৰ্থিক সমস্যা দূৰ কৰিবৰ বাবে জন্মাষ্টমীৰ দিনা কি কৰিব ?

আপোনাৰ ঘৰত মৰি যোৱা তুলসীৰ গছৰ ডাল আছে, সেই ডালত যদি অকণমান শলিতা লগাই ঘিউৰ চাকি দিব পাৰে তেন্তে আপোনাৰ জীৱনত যি আৰ্থিক সমস্যা আছে সেই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰে ৷ এই কামটো প্ৰত্যেক শুকুৰবাৰ, বৃহস্পতিবাৰে কৰি থাকিব পাৰে নহ'লে পূৰ্ণিমাৰ দিনাও কৰি থাকিব পাৰে ৷

সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তান সম্ভৱাসকলে জন্মাষ্টমীৰ দিনা কি কৰিব ?

যদিহে সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তান সম্ভৱা হৈ আছে তেন্তে জন্মাষ্টমীৰ দিনা এটা সৰু উপায় কৰিব পাৰে ৷ তেওঁলোকে জন্মাষ্টমীৰ দিনা এটা তিয়ঁহ আনি, তিয়ঁহটোত ঠাৰি থাকিলে বা পাত থাকিলে বেছি ভাল ৷ জন্মাষ্টমীৰ দিনা ৰাতি ১২ বজাত যেতিয়া শ্ৰী কৃষ্ণৰ জন্ম হৈছিল সেই সময়খিনিত এটা খুচুৰা পইচাৰে তিয়ঁহটোৰ ঠাৰি আৰু মাজৰ অংশটো কাটিব লাগে ৷ অৰ্থাৎ এগৰাকী নাৰীয়ে যি দৰে সন্তান প্ৰসৱৰ সময়ত তেখেতৰ নাৰীচ্ছেদ কৰা হয় ঠিক সেইদৰে তিয়ঁহৰ ঠাৰি ডালো তিয়ঁহটোৰ পৰা আঁতৰাব লাগে ৷ সেই তিয়ঁহটো যদি সন্তানহীনতাৰ সমস্যাত ভুগি থকা মহিলা বা সন্তান সম্ভৱা মহিলাই খালে ভাল ফল লাভ কৰিব ৷

প্ৰেমৰ সম্পৰ্ক ঠিক কৰিবলৈ জন্মাষ্টমীৰ দিনা কি কৰিব ?

যদিহে কোনো পতি-পত্নীৰ, প্ৰেমিক-প্ৰেমিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে তেওঁলোকে এই জন্মাষ্টমীৰ দিনা ১০৮ বাৰ ৰাধা-কৃষ্ণৰ নাম লৈ জপ কৰিব পাৰে তেন্তে তেওঁলোকে ভাল ফলাফল লাভ কৰিব ৷ জন্মাষ্টমীৰ পিচতো প্ৰতিদিনে ৰাধা-কৃষ্ণৰ নাম লৈ ২৮ পৰা ৫১ বাৰ জপ কৰিব পাৰে ৷

শনি গ্ৰহৰ সমস্যাত ভুগি থকাসকলে কি কৰিব ?

শনি গ্ৰহৰ সমস্যাত ভুগি থকা লোকসকলে শিশুৰূপী কৃষ্ণ অৰ্থাৎ ২ বছৰৰ পৰা ৫ বছৰৰ ভিতৰৰ কোনো শিশুক আপোনাৰ যথাসাধ্য অনুসৰি কিবা খুওৱাব পাৰে লগতে হালধীয়া বস্ত্ৰদান দিব পাৰে এনে কৰিলে ৰাহু-কেতু-শনিৰ দোষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব ৷

লগতে পঢ়ক: জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ আৰাধনা কৰাৰ সময়ত পৰিধান কৰক এই ৰঙৰ বস্ত্ৰ: জানি লওক মহত্ব - Janmashtami 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.