বিশ্ব স্বাস্থ্য সংস্থাই এক চিন্তনীয় সতৰ্কবাণী জাৰি কৰি কয় যে, ভাৰতত বৰ্তমান চাণ্ডীপুৰা ভাইৰাছে ২০ বছৰৰ ভিতৰত অতি ভয়াৱহ ৰূপ লৈছে ৷ এই ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা একুইট এনচেফেলাইটিছ চিণ্ড্ৰম (AES) ৰোগৰ ঘটনা চলিত বৰ্ষত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বহু লোকে প্ৰাণ হেৰুৱাইছে ৷
WHO’ৰ তথ্য অনুসৰি জুন মাহৰ আৰম্ভণিৰ পৰা ১৫ আগষ্টৰ ভিতৰত স্বাস্থ্য মন্ত্ৰণালয়ে ২৪৫ জন এ ই এছত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে, ইয়াৰে ৮২ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ দেশৰ ৪৩ খন জিলাত এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়াৰে ৬৪ জন লোক চাণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে ৷
আপোনালোকক জনাই দিও যে, চাণ্ডীপুৰা ভাইৰাছ ৰেবডোভিৰিডে বংশৰ সদস্য যিয়ে দেশৰ পশ্চিম, মধ্য আৰু দক্ষিণ অঞ্চলত বিশেষকৈ বাৰিষাৰ সময়ত বিচ্ছিন্নভাৱে এই ৰোগত আক্ৰান্ত ৰোগী আৰু তথা ভয়াৱহতাৰ সৃষ্টি কৰিছে ৷ এই ভাইৰাছ ভেচিকুলোভাইৰাছ বংশৰ সদস্য আৰু সংক্ৰমিত মহ, টিক বা চেণ্ডফ্লাইৰ কামোৰৰ দ্বাৰা বিয়পিব পাৰে ৷ চেণ্ডফ্লাই (Sandfly) এবিধ সৰু মাখি, যি সাধাৰণতে গ্ৰাম্য অঞ্চলত পোৱা যায় ৷
চাণ্ডীপুৰা ভাইৰাছ কি হয় ?
চাণ্ডীপুৰা ভাইৰাছ হৈছে মগজু আৰু মেৰুদণ্ডত আক্ৰান্ত হোৱা এক প্ৰকাৰৰ ভাইৰাছ ৷ এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰ, মূৰৰ বিষ, বমি, আক্ৰমণ, চেতনা হেৰুৱা আদি লক্ষণ দেখা দিয়ে আৰু সময়মতে ইয়াৰ চিকিৎসা নকৰিলে ই মাৰাত্মক ৰূপো ধাৰণ কৰিব পাৰে ৷
কিয় বৃদ্ধি পাইছে ৰোগী ?
জলবায়ু পৰিৱৰ্তন, মহৰ প্ৰজননৰ অনুকূল পৰিৱেশ আৰু মানুহৰ মাজত সজাগতাৰ অভাৱকে ধৰি চাণ্ডীপুৰা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ কেইবাটাও কাৰণ আছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে ৷
চাণ্ডীপুৰা ভাইৰাছৰ লক্ষণ কি কি ?
- উচ্চ জ্বৰ
- বমি
- ডায়েৰিয়া
- মূৰৰ বিষ
- মগজুত প্ৰদাহ (এনচেফেলাইটিছ)
প্ৰতিৰোধমূলক ব্যৱস্থা কি ?
- মহৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰক
- শৰীৰ সম্পূৰ্ণৰূপে ঢাকি ৰাখক
- ঘৰৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক
- আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক
https://www.who.int/emergencies/disease-outbreak-news/item/2024-DON529