ETV Bharat / health

সাৱধান ! শিশুৰ বাবে কালৰূপ ধাৰণ কৰিছে এই ভাইৰাছে - Chandipura Virus

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 6:03 PM IST

Chandipura Virus Outbreak: আজিকালি গুজৰাট আৰু ৰাজস্থানত এটি ৰহস্যজনক ভাইৰাছে মানুহৰ মাজত ভাবুকিৰ সৃষ্টি কৰিছে । এই ভাইৰাছৰ নাম ‘চাণ্ডীপুৰা’ । এই ভাইৰাছে মূলতঃ শিশুক আক্ৰান্ত কৰে আৰু ইয়াৰ লক্ষণসমূহ যথেষ্ট ভয়াৱহ ।

Chandipura Virus Infection: Symptoms, causes, how to protect children
সাৱধান! শিশুৰ বাবে কালৰূপ ধাৰণ কৰিছে এই ভাইৰাছে (FREEPIK)

আজিকালি গুজৰাট আৰু ৰাজস্থানত এটা ৰহস্যজনক ভাইৰাছৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ এই ভাইৰাছৰ নাম ‘চাণ্ডীপুৰা’ ৷ এই ভাইৰাছে মূলতঃ শিশুক আক্ৰান্ত কৰে আৰু ইয়াৰ লক্ষণসমূহ যথেষ্ট ভয়াৱহ ৷ এই ভাইৰাছে গুজৰাটৰ আৰাৱলী আৰু সাবৰকান্ত জিলাত বসবাস কৰা শিশুক ইতিমধ্যে আক্ৰান্ত কৰিছে ৷ এই জিলাসমূহত এই ভাইৰাছত সংক্ৰমণৰ সন্দেহত ৬টি শিশুৰ কৰুণ মৃত্যু হৈছে ৷

গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুশিকেশ পেটেলে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে ৰাজ্যত চাণ্ডীপুৰা ভাইৰাছৰ ফলত এই ৬টি শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এতিয়া নমুনা পৰীক্ষাৰ ফলাফল অহাৰ পিচতহে জানিব পৰা যাব যে চাণ্ডীপুৰা ভাইৰাছত এই শিশুকেইটিৰ মৃত্যু হৈছে নে নাই ৷

তেওঁ আৰু কয় যে, চাণ্ডীপুৰা ভাইৰেল এনচেফেলাইটিছ ৰোগক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই যদিও সতৰ্ক হোৱাটোহে গুৰুত্বপূৰ্ণ ৷ আপোনালোকক জনাই দিও যে, গুজৰাট আৰু ৰাজস্থানত বিয়পি পৰা এই ৰহস্যজনক ভাইৰাছে সমগ্ৰ দেশৰ মানুহৰ চিন্তা আৰু উদ্দেগ বৃদ্ধি কৰিছে ৷ আহক আজি এই ভাইৰাছৰ বিষয়ে অধিক তথ্য জানিবলৈ চেষ্টা কৰো ৷

এই মাৰাত্মক ভাইৰাছে কেনেকৈ ‘চাণ্ডীপুৰা’ নাম পালে ?

বিশ্বাস কৰা হয় যে এই ভাইৰাছ প্ৰথমবাৰৰ বাবে ১৯৬৫ চনত মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ চাণ্ডীপুৰ গাঁৱত আবিৰ্ভাৱ হৈছিল ৷ সেই সময়ত ১৫ বছৰ বয়সলৈকে শিশুৰ ৰহস্যজনক মৃত্যু হৈছিল ৷ পিছত পোহৰলৈ আহিল যে এই মৃত্যুৰ কাৰণ এটা ভাইৰাছ ৷ তেতিয়াৰ পৰাই এই ভাইৰাছৰ নাম ‘চাণ্ডীপুৰা’ ৰখা হৈছিল ৷

চাণ্ডীপুৰা ভাইৰাছৰ লক্ষণ কি কি ?

  • উচ্চ জ্বৰ
  • বমি
  • ডায়েৰিয়া
  • মূৰৰ বিষ
  • মগজুত ফুলা (এনচেফেলাইটিছ)

এই ভাইৰাছ কেনেকৈ বিয়পে ?

এই ভাইৰাছ ভেচিকুলোভাইৰাছ বংশৰ সদস্য আৰু সংক্ৰমিত মহ, টিক বা চেণ্ডফ্লাইৰ কামোৰৰ দ্বাৰা বিয়পিব পাৰে ৷ চেণ্ডফ্লাই (Sandfly) এবিধ সৰু মাখি, যি সাধাৰণতে গ্ৰাম্য অঞ্চলত পোৱা যায় ৷

কাৰ বিপদ অধিক ?

এই ভাইৰাছে প্ৰধানকৈ ৯ মাহৰ পৰা ১৪ বছৰৰ ভিতৰৰ শিশুক আক্ৰান্ত কৰে ৷

এই ভাইৰাছৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি ?

  • মহ আৰু চেণ্ডফ্লাইৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আঁঠুৱা ব্যৱহাৰ কৰক ৷
  • ছাল ঢাকিব পৰা কাপোৰ পৰিধান কৰক ৷
  • চেণ্ডফ্লাইৰ প্ৰজনন স্থান ধ্বংস কৰক ৷
  • শিশুসকলক নিয়মিতভাৱে টিকাকৰণ কৰাওক ৷

গুজৰাট আৰু ৰাজস্থানত এই ভাইৰাছৰ অৱস্থা কি ?

গুজৰাটত এই ভাইৰাছত আক্ৰান্ত ৯ জন ৰোগী ধৰা পৰিছে, ইয়াৰে ৩ জন ৰোগী অন্য ৰাজ্যৰ পৰা অহা লোক ৷ ৰাজস্থানতো এই ভাইৰাছৰ এজন ৰোগী ধৰা পৰিছে ৷ গুজৰাটত ৬ জন লোকৰ মৃত্যু হৈছে যদিও চাণ্ডীপুৰা ভাইৰাছ এই মৃত্যুৰ কাৰণ বুলি এতিয়াও নিশ্চিত হোৱা নাই ৷

লগতে পঢ়ক: পোনপটীয়াকৈ মগজুত পেলায় প্ৰভাৱ...লক্ষণৰ প্ৰতি গুৰুত্ব নিদিলে এই ভাইৰাছে কাঢ়িব আপোনাৰ প্ৰাণ - Chandipura Virus

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.