ETV Bharat / health

ছালৰ সমস্যা দূৰ কৰাৰ বাবে মুখত এলোভেৰা লগোৱাটো কিমান উপকাৰী ? - Aloe vera for face

ALOE VERA FOR SKIN : এলোভেৰা বা ছালকুঁৱৰী আমাৰ ছালৰ বাবে অতি উপকাৰী । ই ছালৰ বহু সমস্যাই দূৰ কৰাত সহায় কৰে । কিন্তু প্ৰশ্ন হয় যে আমি দৈনিক মুখত এলোভেৰা লগাব পাৰোনে ? আজি এই বিষয়ে আজি জানো আহক-

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 12:35 PM IST

Updated : May 11, 2024, 1:05 PM IST

Can we use aloe vera on our face daily? Find out the advantages and disadvantages from the experts
আমি দৈনিক মুখত এলোভেৰা লগাব পাৰোনে ? (GETTY IMAGES)

স্বাস্থ্যৰ লগতে ছালকুঁৱৰী বা এলোভেৰা আমাৰ ছালৰ বাবেও অতি উপকাৰী । ছালকুঁৱৰীৰ মইশ্ব’ৰাইজিং গুণ আছে, যিয়ে ছালখন কোমল আৰু নিমজ কৰি ৰখাত সহায় কৰে । কোনোৱে যদি ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ছালকুঁৱৰীৰ ৰস সেৱন কৰে, তেন্তে আন কোনোৱে আকৌ ছালকুঁৱৰী চিধাই মুখত লগায় ।

মুখত ছালকুঁৱৰী লগোৱাটো অতি উপকাৰী । ছালৰ দাগ আৰু ব্ৰণ আঁতৰোৱাত ছালকুঁৱৰী ফলপ্ৰসূ । ইয়াৰ উপৰিও ছালকুঁৱৰীয়ে আমাৰ ছালখন উজ্বল কৰাত সহায় কৰে । কিন্তু এতিয়া এটা প্ৰশ্ন হয় যে ছালকুঁৱৰী দৈনিক মুখত ব্যৱহাৰ কৰিব পাৰিনে ? আহক আজি এই বিষয়ে জানি লওক-

আমি মুখমণ্ডলত দৈনিক ছালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰোনে ?

ছালকুঁৱৰী ঔষধি গুণেৰে ভৰপূৰ । হয় যদি আপুনি ভাবিছে যে দৈনিক মুখত ছালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰিনে তেন্তে ইয়াৰ উত্তৰ হয় আপুনি আপোনাৰ মুখমণ্ডলত দৈনিক ছালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰে । ছালকুঁৱৰী ছালৰ লগত জড়িত সমস্যা দূৰ কৰাৰ বাবে অতি লাভদায়ক ।

আপুনি দৈনিক ছালকুঁৱৰীক মইশ্ব’ৰাইজাৰ বা ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে । ই ছালৰ সৈতে জড়িত সমস্যা যেনে- ৰঙা পৰা, ফোঁহা, ব্ৰণ, বলিৰেখা আদি সমস্যা দূৰ কৰাত সহায় কৰে । ছালকুঁৱৰীয়ে ছালখনক হাইড্ৰেট কৰি ৰখাই নহয় বৰঞ্চ ইয়াক কোমল কৰি তোলে ।

দৈনিক ছালকুঁৱৰী মুখত লগোৱাৰ উপকাৰিতা

  • ছালকুঁৱৰীত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়, যিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে
  • ছালকুঁৱৰীয়ে শুকান আৰু নিৰ্জীৱ ছালৰ পৰা মুক্তি দিয়ে
  • ছালকুঁৱৰীত ভিটামিন A আৰু E পোৱা যায়, যিয়ে ছালৰ সৈতে জড়িত সমস্যাৰ পৰা উপশম দিয়ে
  • ছালকুঁৱৰীত থকা মইশ্ব’ৰাইজিং গুণে ছালখনক হাইড্ৰেট কৰি ৰাখে
  • ছালকুঁৱৰীয়ে ছালত কলাজেন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে
  • ছালকুঁৱৰীয়ে এন্টি এজিং হিচাপে কাম কৰে, যিয়ে বলিৰেখা নোহোৱা কৰাত সহায় কৰে
  • টেনিং আঁতৰোৱাতো ই ফলপ্ৰসূ
  • ছালকুঁৱৰীত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যাৰ ফলত ছালৰ প্ৰদাহ হ্ৰাস পায়

ছালকুঁৱৰী ছালৰ বাবে অতি উপকাৰী । মুখতো ইয়াক আপুনি নিতৌ লগাব পাৰে । অৱশ্যে কিছুমান মানুহৰ ছালকুঁৱৰীৰ পৰা এলাৰ্জী হ’ব পাৰে তেনে ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত । যদি ছালকুঁৱৰীৰ ব্যৱহাৰৰ ফলত আপোনাৰ ছালত খজুৱতি, এলাৰ্জীৰ দৰে সমস্যা সৃষ্টি হ’লে ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাটো উচিত ৷

লগতে পঢ়ক : শালমন আঁতৰাবলৈ আপুনি ক্ৰীম বা ফেচৱাচ ব্যৱহাৰ কৰে নেকি ? - Cancer Through Acne Products

Last Updated : May 11, 2024, 1:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.