ETV Bharat / health

কেন্সাৰ ৰোগীক নতুন জীৱন দিব পাৰে এই থেৰাপীয়ে - Cancer

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:27 PM IST

Immunotherapy: এটি ভয়াৱহ ৰোগ হৈছে কৰ্কট বা কেন্সাৰ ৰোগ ৷ যিটো ৰোগৰ চিকিৎসা সময়মতে নকৰিলে ব্যক্তিগৰাকীক মৃত্যুৰ মুখলৈও ঠেলি নিব পাৰে ৷ কিন্তু বৰ্তমান চিকিৎসাৰ এনে এক পদ্ধতি আহি পৰিছে যিয়ে নিশ্চয়কৈ সকাহ দিব কেন্সাৰ ৰোগীসকলক ৷ এই বিষয়ে অধিক জানো আহক-

Can immunotherapy give cancer patients new life?
কেন্সাৰ ৰোগী নতুন জীৱন দিব ইমিউনোথেৰাপীয়ে (FREEPIK)

কৰ্কট বা কেন্সাৰ ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷ কৰ্কট ৰোগ সন্দৰ্ভত গৱেষণা কৰা এটা বিশেষ আন্তৰ্জাতিক সংস্থাৰ মতে, নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী ২০২০ চনত ১৯.৩ নিযুতৰ পৰা ২০৪০ চনলৈ ৩০.২ নিযুতলৈ ১.৫ গুণ বৃদ্ধি হ'ব ৷ ভাৰততো ২০৪০ চনৰ ভিতৰত কৰ্কট ৰোগৰ নতুন ঘটনা ২০ লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে চিকিৎসকে ৷

পাৰিপাৰ্শ্বিক আৰু জীৱনশৈলীৰ কাৰকে কৰ্কট ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি কৰে যদিও প্ৰায় ৫০% কৰ্কট ৰোগেই প্ৰতিৰোধ কৰিব পাৰি ৷ আগতীয়া চিনাক্তকৰণ হ'লে ইয়াৰ চিকিৎসা কৰি কৰ্কট ৰোগক পৰাজয় কৰিব পাৰি ৷

চিকিৎসাত পলম হ’লে কৰ্কট ৰোগ বৃদ্ধি আৰু বিয়পাৰ সম্ভাৱনা অধিক ৷ ইয়াৰ ফলত কৰ্কটৰ চিকিৎসা কঠিন হৈ ভুক্তভোগীৰ জীয়াই থকাৰ সম্ভাৱনা হ্ৰাস হয় ৷

কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সাধাৰণতে তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু সেয়া হৈছে অস্ত্ৰোপচাৰ, ঔষধ (কেমোথেৰাপী) আৰু বিকিৰণ চিকিৎসা বা তিনিওটাৰ সংমিশ্ৰণ ৷

চিকিৎসাৰ সময়সূচী বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে কৰ্কট ৰোগৰ প্ৰকাৰ, ইয়াৰ স্তৰ (বিস্তাৰ) তথা কৰ্কট ৰোগৰ সৈতে ৰোগীৰ অন্যান্য ৰোগ ৷ কৰ্কট ৰোগৰ বিভিন্ন চিকিৎসা উপলব্ধ যদিও শেহতীয়াকৈ ইমিউন’থেৰাপীয়ে কৰ্কট ৰোগৰ চিকিৎসাত নতুন আশা প্ৰদান কৰিছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে ৷

ইমিউনোথেৰাপী হৈছে চিকিৎসাৰ এনে এক পদ্ধতি, যি কেমোথেৰাপীৰ দৰে পৰম্পৰাগত চিকিৎসাৰ বিপৰীতে পোনপটীয়াকৈ টিউমাৰৰ কোষবোৰ ধ্বংস কৰে ৷ ইমিউনোথেৰাপীয়ে কৰ্কট কোষৰ প্ৰতি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ সঁহাৰি শক্তিশালী কৰে ৷

ইমিউনোথেৰাপীয়ে বিভিন্ন ধৰণে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সামৰ্থ বৃদ্ধি কৰে ৷ কিছুমান ঔষধে ৰোগ প্ৰতিৰোধ প্ৰণালীক কৰ্কট ৰোগৰ কোষবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰ বৃদ্ধি আৰু বিয়পা প্ৰতিহত কৰিবলৈ অধিক পৰিশ্ৰম কৰাত সহায় কৰে ৷

অন্যান্য ঔষধে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাম সলনি কৰে যাতে ই কৰ্কট কোষবোৰক কাৰ্যকৰীভাৱে আক্ৰমণ কৰিব পাৰে ৷ অৱশ্যে, কিছুমান লোকৰ ক্ষেত্ৰত কৰ্কট কোষবোৰ ধ্বংস কৰাৰ এই অন্তৰ্নিহিত ক্ষমতা পৰ্যাপ্ত নহয় ৷ যাৰ ফলত কৰ্কট ৰোগ বৃদ্ধি হয় আৰু বিয়পে ৷ ইমিউনোথেৰাপীয়ে ১৫ টা কৰ্কট ৰোগৰ চিকিৎসা কৰিব পাৰে ৷ ইয়াৰ ভিতৰত হাঁওফাঁও, ছাল, বৃক্ক আৰু মূত্ৰাশয় কৰ্কট অন্যতম ৷

লগতে পঢ়ক: মৃত্যুদূত বুলি ভবা কৰ্কট ৰোগ এতিয়া ধৰা পেলাব পাৰিব ৭ বছৰ পূৰ্বেই - Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.