গুৱাহাটী, 22 আগষ্ট: বৰ্তমান সময়ত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা খুব তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে । ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধাৰাৰ যিবোৰ মূল কাৰণ আছে তাৰে ভিতৰত এটা অন্যতম হৈছে খাদ্যাভ্যাস ।
![Can diabetes patients eat rice? Let's find out from Diabetologist Dr Nasimur Riaz](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-08-2024/doctoradvice_22082024133314_2208f_1724313794_451.jpg)
সেয়ে দৈনন্দিন খাদ্য তালিকাত অৰ্থাৎ পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰলৈ যি সমূহ খাদ্য গ্ৰহণ কৰা যায়, সেই খাদ্যসমূহ নিৰ্বাচন কৰোঁতে যিবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে সেয়া নকৰিলেই ভিন্ন ধৰণৰ সমস্যাই দেখা দিয়াৰ আশংকা থাকে । সাধাৰণতে আমি, বিশেষকৈ অসমীয়াসকলে প্ৰধান খাদ্য হিচাপে ভাত খোৱা দেখা যায় । কিয়নো ভাত হৈছে পুষ্টিকৰ সুষম আহাৰ । সেয়েহে আমি সকলোৱে কম - বেছি পৰিমাণে হ’লেও তিনি সাজ ভাত খাও ।
কিন্তু কিছুমান লোকে ডায়েবেটিছত আক্ৰান্ত হোৱা বুলি জানিলে ভাত খোৱাটোৱেই বাদ দিয়াৰ দৰে হয় আৰু ভাতৰ বিপৰীতে তেওঁলোকে পেটভৰ্তি কৰি ৰুটি খায় ।
কিন্তু সেইসকল ব্যক্তিয়ে এই বিষয়ে জ্ঞাত নহয় যে ভাত নোখোৱাকৈ বেছিকৈ ৰুটি খালেও কাৰ্বহাইড্ৰেট প্ৰায় সমানেই শৰীৰে লাভ কৰে । কিছুমানে আকৌ উদৰ পুৰাই উখহা চাউলৰ ভাত খায় । এতিয়া কথা হ'ল এনে ৰোগীয়ে দিনটোত তিনি সাজ ভাত খাব পাৰে জানো ? খালেও কিমান পৰিমাণে খাব পাৰে ? এই বিষয়ে জনাটো আৱশ্যক ।
চাউলৰ পুষ্টিমূল্য কিমান ?
ডায়েবেটল'জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে কয় যে, চাউলৰ পুষ্টিমূল্য অপৰিসীম । চাউলত ১৫ বিধ ভিটামিন আৰু খনিজ লৱণ পোৱা যায় । প্ৰ'টিন, কাৰ্বহাইড্ৰেট আদিৰ উপৰিও শক্তি আদি গমতকৈ তুলনামূলকভাৱে চাউলত বেছি থাকে । অৱশ্যে চাউলত থকা লাইছিন নামৰ প্ৰ'টিনবিধ গমত থকা এইবিধ উপাদানতকৈ বেছি উন্নত ।
তদুপৰি ভাতত কম পৰিমাণে থায়ামিন পোৱা যায় । এগৰাকী পৰিশ্ৰমী লোকৰ বাবে যিমান কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিনৰ প্রয়োজন সেয়া নিতৌ গ্ৰহণ কৰা ভাতৰ পৰাই লাভ কৰিব পাৰি । ভাতত কম-বেছি পৰিমাণে থাকে ছ'ডিয়াম আৰু চৰ্বি । আনহাতে ভাতত ক’লেষ্টেৰল নাথাকে ।
ডায়েবেটিছত আক্ৰান্ত মানেই ভাত খাবলৈ এৰি নিদিব
ডায়েবেটিছ হোৱা বুলি জানিলে বহুতে আকৌ ভাত শব্দটো শুনিলেই চিন্তাত পৰিবলৈ আৰম্ভ কৰে । পিছে ভয় খোৱাৰ কোনো কাৰণ নাই । মাথো কি চাউল খাইছে আৰু কিমান পৰিমাণে গ্ৰহণ কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ কথা । চাউল ভেদে পুষ্টিমূল্য বেলেগ বেলেগ হয় । এগৰাকী আক্ৰান্ত লোকে কিমান ভাত খাব লাগে সেই বিষয়ে এজন চিকিৎসকৰ লগতে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত । ডায়েবেটিচ হ'লে যে ভাত খাব নোৱাৰি সেয়া কোনো কথা নাই । মাথোঁ কিমান ভাত খাব লাগে সেই বিষয়ে জানিব লাগে ।
ডায়েবেটিছ ৰোগীৰ বাবে বগা নে বাদামী চাউল ভাল ?
সাধাৰণতে বগা আৰু বাদামী চাউল যাক ব্ৰাউন ৰাইচ বুলিও কয় ই বজাৰত বেছিকৈ পোৱা যায় । বাদামী চাউল বেছিকৈ খাব নে বগা চাউল খাব সেই বিষয়ে প্ৰায়ভাগ লোকে খোকোজাত পৰা দেখা যায় । এইখিনিতে এটা কথা স্পষ্ট কৈ উল্লেখ কৰিব লাগিব যে, বগাই হওক বা বাদামী চাউল নহওঁক কিয় ,ভাত খোৱাৰ সময়ত সকলোৱে মনত ৰখা উচিত যে নিদিষ্ট পৰিমাণতকৈ অধিক খাব নালাগে । বগা চাউলৰ তুলনাত বাদামী চাউলত বেছি পৰিমাণে ভিটামিন, ফাইবাৰ আৰু খনিজ লৱণ আদি থাকে ।
ভাত কিয় উপকাৰী ?
১) ভাত সহজে হজম হয়
২) ভাতৰ পুষ্টিমূল্য বেছি
৩) ভাতক সাধাৰণতে নন-এলাৰ্জিক বুলি গণ্য কৰা হয়
৪) ভাতত প্ৰচুৰ পৰিমাণে থিয়াচিন, আইৰণ, ফাইবাৰ আদি উপযুক্ত পৰিমাণে থাকে
৫) ইয়াত কম পৰিমাণে ছ'ডিয়াম থাকে বাবে উচ্চ ৰক্তচাপত আক্ৰান্তই খোৱাটো বাধা নাই
৬) কম পৰিমাণে ক'লেষ্টৰল থাকে বাবে বিশেষ আতংকিত হোৱাৰ কাৰণ নাই