ETV Bharat / health

সঁচাকৈয়ে ব্ৰকলিয়ে কেন্সাৰৰ আশংকা হ্ৰাস কৰিব পাৰেনে ? কি কয় গৱেষণাই - Cancer Treatment Diet - CANCER TREATMENT DIET

Cancer Treatment Diet: কেন্সাৰ হৈছে এনে এক মাৰাত্মক ৰোগ যাৰ ফলত প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয় । এনে পৰিস্থিতিত সোনকালে আৰোগ্য লাভৰ বাবে কেৱল ঔষধেই নহয়, স্বাস্থ্যসন্মত খাদ্যৰো প্ৰয়োজন হয় । এনে ক্ষেত্ৰত আপোনাক ব্ৰকলিয়ে যথেষ্ট সহায় কৰিব পাৰে কিন্তু কেনেকৈ জানো আহক-

Broccoli can significantly lower cancer risks: research
সঁচাকৈয়ে ব্ৰকলিয়ে কেন্সাৰৰ আশংকা হ্ৰাস কৰিব পাৰেনে ? কি কয় গৱেষণাই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 24, 2024, 1:00 PM IST

কৰ্কট ৰোগ এনে এক মাৰাত্মক ৰোগ, যাৰ ফলত প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয় ৷ WHOৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰতি ষষ্ঠ মৃত্যুৰ কাৰণ হৈছে কৰ্কট ৰোগ ৷ এনে পৰিস্থিতিত প্ৰতিৰোধ আৰু আৰোগ্য লাভৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷

যদিও কেন্সাৰ টিউমাৰ দূৰ কৰিবলৈ কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিৰ দৰে চিকিৎসাৰ প্ৰয়োজন হয়, তথাপিও কেতিয়াবা ইয়াৰ পিচতো টিউমাৰ বিয়পি থাকে ৷ এনে পৰিস্থিতিত বহু গৱেষণাত ইয়াৰ দ্ৰুতভাৱে আৰোগ্য লাভৰ বাবে খাদ্যাভ্যাস প্ৰয়োজনীয় বুলি কোৱা হৈছে ৷ এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক এনে এবিধ খাদ্যৰ বিষয়ে ক’বলৈ ওলাইছো যিয়ে ৭৫ শতাংশ টিউমাৰ আঁতৰোৱাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷

এই লক্ষণৰ দ্বাৰা জানক কেন্সাৰৰ গোট গঠন হৈছে নে নাই

আক্ৰান্ত অংগসমূহৰ ওপৰত নিৰ্ভৰ কৰি কেন্সাৰৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে । কিন্তু কিছুমান লক্ষণ সাধাৰণতে সকলো ধৰণৰ কেন্সাৰত দেখা যায় । ইয়াৰ ভিতৰত মল-মূত্ৰ ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন, সোনকালে ভাল নোহোৱা ঘাঁ, ৰক্তক্ষৰণ বা স্ৰাৱ, গোট গঠন, বদহজম, গিলিবলৈ অসুবিধা, উফি বা তিলৰ ৰং আৰু আকৃতিৰ পৰিৱৰ্তন, ধাৰাবাহিক কাহ, মাত বহা অন্তৰ্ভুক্ত ।

এই পাচলি বিধ কৰ্কট ৰোগৰ ক্ষেত্ৰত কোনো ঔষধতকৈ কম নহয়

এন চি বি আইৰ প্ৰতিবেদন অনুসৰি কৰ্কট ৰোগত ব্ৰকলি খোৱাটো অতি উপকাৰী ৷ ইয়াৰ দ্বাৰা টিউমাৰৰ বৃদ্ধি ৭৫ শতাংশ হ্ৰাস কৰিব পৰা যায় ৷ ব্ৰকলিত ছালফ’ৰাফেন নামৰ ফাইটোকেমিকেল থাকে, যিয়ে কেন্সাৰ কোষৰ গঠনতো বাধা দিয়ে ৷

ব্ৰকলি খোৱাৰ অন্যান্য উপকাৰিতা

খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিলে হজম শক্তি, হৃদযন্ত্ৰ, হাড়, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, কেন্সাৰকে ধৰি অষ্টিঅ’আৰ্থাইটিছৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি নহয় ৷ অৱশ্যে গৰ্ভাৱস্থাত খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় ৷

https://pubmed.ncbi.nlm.nih.gov/20388854/

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC8508555/

লগতে পঢ়ক: ফুলকবি নে ব্ৰকলি কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উত্তম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.