ETV Bharat / health

২০৪০ চনত আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব এই ৰোগে - BREAST CANCER - BREAST CANCER

BREAST CANCER: স্বাস্থ্য আলোচনী লেন্সেটত শেহতীয়াকৈ প্ৰকাশিত হৈছে এক ভয়ংকৰ তথ্য ৷ ২০৪০ লৈ এই ৰোগৰ ফলত বছৰি ১ নিযুত লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰতিবেদনত স্পষ্ট কৰা হৈছে ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

will become even more deadly by 2040, more than 6 lakh women will die in 5 years
২০৪০ চনত আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব এই ৰোগে (IMAGE SOURCE: FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:35 PM IST

স্তনৰ কৰ্কট ৰোগে সমগ্ৰ পৃথিৱীতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ২০৪০ৰ ভিতৰত এই ৰোগত প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ৷ হয়, 'লেন্সেট'ৰ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে ৷ প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০১৬ৰ পৰা ২০২০লৈ এই ৫ বছৰত প্ৰায় ৭.৮ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৬ লাখ ৮৫ হাজাৰ মহিলাৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷

বিশ্বব্যাপী স্তন কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ২০৪০ চনলৈ ৩ নিযুততকৈ অধিক হ'ব, যাৰ ফলত নিম্ন আৰু মধ্য আয়ৰ দেশবোৰ প্ৰভাৱিত হ'ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ তদুপৰি, ২০৪০ লৈ এই ৰোগৰ ফলত বছৰি ১ নিযুত লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

'লেন্সেট'ৰ এই প্ৰতিবেদনত এনে কিছুমান প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ মাজত যোগাযোগ উন্নত কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিয়ে জীৱনৰ মানদণ্ড, শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ লগতে জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ভাৰতীয় মহিলাসকলৰ মাজত স্তনৰ কৰ্কট ৰোগ হৈছে আটাইতকৈ সচৰাচৰ ধৰা পৰা কৰ্কট ৰোগ ৷ প্ৰতি বছৰে প্ৰায় ১.৫ৰ পৰা ২ লাখ মহিলা এই ৰোগত নতুনকৈ আক্ৰান্ত হয় ৷ কিন্তু আচৰিত কথা এয়ে যে, বেছিভাগ মহিলাই আৰম্ভণিতে নাজানে যে তেওঁলোকে স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ প্ৰায় ৭০ শতাংশ মহিলাই এই ৰোগত আক্ৰান্ত হোৱাৰ বহু দেৰিকৈ চিকিৎসকৰ ওচৰলৈ যায় ৷

স্তনৰ কৰ্কট লক্ষণ কি ?

  • স্তনৰ বিষ
  • স্তনৰ পৰা পানী বা স্ৰাৱ ওলোৱা
  • স্তনবৃন্ত বাহিৰৰ সলনি স্তনৰ ভিতৰত ডুব যায়
  • স্তনত চোকোৰা চোকোৰাকৈ খজুৱতি হোৱা
  • স্তনৰ আকাৰৰ পৰিৱৰ্তনো হৈছে এই ৰোগৰ লক্ষণ

কেনেদৰে নিজকে সুৰক্ষিত কৰিব ?

চিকিৎসকৰ মতে, মহিলাসকলে প্ৰতি ছয় মাহত তেওঁলোকৰ তেজ পৰীক্ষা কৰাব লাগে ৷ ই শৰীৰৰ পৰিৱৰ্তনবোৰ চিনাক্ত কৰাত সহায় কৰে ৷ তদুপৰি, গৰ্ভধাৰণৰ আগতে আৰু পিছত স্বাস্থ্য পৰীক্ষা কৰাটোও খুব দৰকাৰী ৷ যদি মহিলাসকলে প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰে, তেনেহ'লে সঠিক চিকিৎসা কৰি তেওঁলোকৰ স্তন ৰক্ষা কৰিব পাৰে ৷

লগতে পঢ়ক: স্তন কেন্সাৰৰ কাৰণ কি ? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.