ETV Bharat / health

প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে ৰোগ নিৰাময়ত চমৎকাৰী ভূমিকা তুলসীৰ গুটিৰ - Basil Seeds Benefits - BASIL SEEDS BENEFITS

Basil Seeds Benefits: তুলসীৰ গুটি স্বাস্থ্যৰ বাবে কোনো মূল্যবান বনৌষধিতকৈ কম নহয় । ইয়াত থকা আঁহ আৰু আইৰন স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । ইয়াৰ অন্য উপকাৰিতাসমূহ জানিবলৈ অধিক পঢ়ক...

Basil seeds are effective in increasing the immune system and curing many diseases
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পৰা এইসমূহ ৰোগ নিৰাময় কৰালৈকে ফলপ্ৰসূ তুলসীৰ গুটি (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 1:13 PM IST

কেৱল ধৰ্মীয় কাৰণতে নহয়, আয়ুৰ্বেদত তুলসীক বিভিন্ন গুণৰ উৎস বুলি গণ্য কৰা হয় ৷​ ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগ নিৰাময় কৰিব পাৰি ৷ আপুনি জানেনে যে, তুলসীৰ পাত কেৱল আমাৰ স্বাস্থ্যৰ বাবেই উপকাৰী হোৱাই নহয়, ইয়াৰ গুটিও স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷​​​​​ তুলসীৰ গুটিত আঁহ, প্ৰ’টিন আৰু আইৰন বৃহৎ পৰিমাণে পোৱা যায়​ ৷​​ সঠিকভাৱে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰ লাভ কৰিব পাৰে ৷​ তুলসীৰ গুটি কোনবোৰ সমস্যাত ফলপ্ৰসূ জানো আহক-

এই সমস্যাবোৰত তুলসীৰ গুটি ফলপ্ৰসূ:

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে: তুলসীৰ গুটিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰটোক বহুতো ৰোগ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰ বাবে আপুনি তুলসীৰ গুটিৰ কাঢ়া তৈয়াৰ কৰি পান কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে ৷​

পাচন ক্ষমতা বৃদ্ধি পাব: যদি আপোনাৰ পেটৰ সৈতে জড়িত সমস্যা যেনে- এচিডিটি আৰু গেছৰ সমস্যাত ভূগি আছে, তেন্তে তুলসীৰ গুটি আপোনাৰ বাবে উপকাৰী ৷ ১ চামুচ তুলসীৰ গুটি এগিলাচ পানীত দি গুটিখিনি ফুলি উঠাৰ পিছত খালে হজম শক্তি উন্নত হয় ৷

ওজন হ্ৰাস কৰে: যিসকলে ওজন বৃদ্ধি হোৱাৰ বাবে চিন্তিত, তেওঁলোকৰ বাবে তুলসীৰ গুটি খুবেই উপকাৰী ৷ দৰাচলতে ই আঁহযুক্ত আৰু ইয়াত কেলৰিৰ পৰিমাণ তেনেই কম ৷​​​ এনে পৰিস্থিতিত এই গুটি খালে দীৰ্ঘসময়লৈকে ভোক অনুভৱ নহয় ৷ যাৰ ফলত আপোনাৰ ওজন ক্ৰমান্বয়ে হ্ৰাস পাব ৷​​​​​

কোষ্ঠকাঠিন্যৰ পৰা সকাহ: তুলসীৰ গুটিত থকা আঁহে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা তৎক্ষণাত সকাহ দিয়ে ৷​​​ ইয়াৰ সেৱন পেটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷​ ইয়াক সেৱন কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয় ৷ এনে পৰিস্থিতিত যদি পুৱা পেট পৰিষ্কাৰ নহয়, তেন্তে নিশ্চিতভাৱে তুলসীৰ গুটি সেৱন কৰক ৷​​

শৰ্কৰা নিয়ন্ত্ৰণ কৰে: ডায়েবেটিছ ৰোগীৰ বাবে তুলসীৰ গুটি খুবেই উপকাৰী ৷ ইয়াক সেৱন কৰিলে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ হয় ৷ লগতে ইয়াত থকা বহুতো পুষ্টিকৰ তথা খনিজ পদাৰ্থ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷

লগতে পঢ়ক: মা লক্ষ্মীৰ আশীৰ্বাদ পাব বিচাৰে নেকি ? তেন্তে ঘৰৰ এই দিশত ৰোপণ কৰক তুলসী - 𝐓𝐮𝐥𝐬𝐢 𝐏𝐥𝐚𝐧𝐭 𝐕𝐚𝐬𝐭𝐮

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.