ETV Bharat / health

এই পদ্ধতিৰে জানিব পাৰি এগৰাকী ব্যক্তিৰ সঠিক বয়স

হাড় পৰীক্ষাৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বয়স কেনেকৈ নিৰ্ণয় কৰা হয় ? বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত এই পদ্ধতি কিদৰে ব্যৱহাৰ কৰা হৈছিল জানো আহক-

author img

By ETV Bharat Health Team

Published : Oct 14, 2024, 11:58 AM IST

Baba Siddiqui murder: What Is Bone Ossification Test ?
এই পদ্ধতিৰে জানিব পাৰি এগৰাকী ব্যক্তিৰ সঠিক বয়স (ETV Bharat)

মুম্বাইৰ ৰাজনীতিবিদ বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ ৩জন অভিযুক্তক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰে এজন অভিযুক্ত ধৰ্মৰাজ কাশ্যপে নিজকে নাবালক বুলি দাবী কৰে ৷ ইয়াৰ তদন্তৰ বাবে আদালতে অভিযুক্তৰ হাড়ৰ অস্থিকৰণ পৰীক্ষাৰ নিৰ্দেশ দিছিল ৷ এই পৰীক্ষাৰ পিছত নিশ্চিত হ’ল যে অভিযুক্ত ধৰ্মৰাজ নাবালক নহয় ৷ কিন্তু হাড়ৰ অস্থিকৰণ পৰীক্ষা দৰাচলতে হয় কি যাৰ দ্বাৰা এগৰাকী ব্যক্তিৰ প্ৰকৃত বয়স ধৰা পেলাব পাৰি ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে এই বিষয়ে জানো আহক-

হাড়ৰ অস্থিকৰণ পৰীক্ষা কি ?

Bone Ossification হৈছে এনে এক চিকিৎসা পদ্ধতি য’ত হাড় বিশ্লেষণ কৰি ব্যক্তিৰ বয়স জানিব পৰা যায় ৷ এই পৰীক্ষাত শৰীৰৰ কিছুমান হাড় যেনে ক্লেভিকল, ষ্টেৰনাম আৰু পেলভিছৰ এক্স-ৰে লোৱা হয়, যাতে আমাৰ হাড়ৰ বৃদ্ধিৰ মাত্ৰা ধৰা পেলাব পাৰি ৷ এই হাড়বোৰ বাছি লোৱা হয় কাৰণ বয়স বৃদ্ধিৰ লগে লগে ইহঁতৰ আকৃতিৰ আটাইতকৈ আচৰিত পৰিৱৰ্তন ঘটে ৷

যিহেতু মানুহৰ বিকাশৰ পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান হাড় কঠিন হৈ পৰে আৰু ইটোৱে সিটোৰ লগত সংযোজন হয়, সেয়েহে হাড় বয়স চিনাক্তকৰণৰ এক উপায় হ’ব পাৰে ৷ বাবা ছিদ্দিকী হত্যাকাণ্ডৰ অভিযুক্ত ধৰ্মৰাজ কাশ্যপৰ গোচৰতো হাড়ৰ অস্থিকৰণ পৰীক্ষাৰ সহায় লোৱা হৈছিল ৷ ভাৰতীয় আদালতে প্ৰায়ে এই পৰীক্ষাৰ আশ্ৰয় লয়, কিন্তু কেতিয়াবা এই পদ্ধতিক বয়স নিৰ্ণয়ৰ বাবে সম্পূৰ্ণ নিখুঁত বুলি গণ্য কৰা নহয় ৷

এই পৰীক্ষা খেলুৱৈৰ বাবে ব্যৱহাৰ কৰা হয়

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে খেলুৱৈসকলে নিজৰ কম বয়সৰ কথা উল্লেখ কৰি ১৭ বছৰ অনুৰ্ধ বা ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰে, এনে পৰিস্থিতিত হাড়ৰ অস্থিকৰণ পৰীক্ষাই তেওঁলোকৰ প্ৰকৃত বয়স ফাদিল কৰিব পাৰে ৷ সেয়ে এতিয়া যদি কোনোবাই তেওঁৰ বয়স লুকুৱাবলৈ চেষ্টা কৰে তেন্তে ক্ৰীড়া কৰ্তৃপক্ষৰ পৰা তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

https://www.ncbi.nlm.nih.gov/books/NBK539718/

লগতে পঢ়ক: বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণৈ গেঙৰ: আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ এটা অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.