ETV Bharat / health

ঔষধি বুলি জনাজাত নিমৰ পৰাও হয় পাৰ্শ্বক্ৰিয়া ! কি কয় বিশেষজ্ঞই জানি লওক - health benifits of neem

Health benifits of Neem leaves: নিম বহু শতিকা ধৰি স্বাস্থ্য লাভালাভৰ বাবে ব্যৱহাৰ হৈ আহিছে ৷ বহুলোকে দাঁত পৰিষ্কাৰ কৰিবলৈ নিম ব্যৱহাৰ কৰে । আয়ুৰ্বেদিক বিশেষজ্ঞসকলে কয় যে ইয়াৰ বহুতো ঔষধি গুণ আছে ৷ যদি আপুনি আয়ুৰ্বেদিক বিশেষজ্ঞ/চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিমৰ পাত, ফুল, বীজ, বাকলি, শাখা সম্পৰ্কীয় বস্তু দৈনিক খাই, তেনেহ'লে আশ্চৰ্যজনক ফলাফল শৰীৰত দেখিবলৈ পাব ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:31 PM IST

azadirachta indica simply known as neem is very useful for healthy life know some health benifits
নিমৰ উপকাৰিতা (ETV Bharat)

পৰিৱৰ্তিত জীৱনশৈলী, খাদ্যাভ্যাস, মানসিক চাপ আদি বহু কাৰণত আজিকালি স্বাস্থ্যজনিত সমস্যা বাঢ়িছে । বিশেষজ্ঞসকলে কয় যে নিমৰ লগত জড়িত বস্তুবোৰে ঔষধৰ দৰে কাম কৰে । নিমৰ এন্টি-ইনফ্লেমেটৰী, এন্টি-হাইপাৰগ্লাইচেমিক, এন্টি-আলচাৰ, এন্টি-মেলেৰিয়া, এন্টি-ফাংগল, এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল, এন্টি-অক্সিডেন্ট, এন্টি-মিউটেজেনিক, এন্টি-কাৰচিনোজেনিক গুণ আছে । নিমত ভিটামিন এ, চি, কেৰটিনয়ড, অলিক, লিন’লিক আদি যৌগ থাকে ।

যকৃতৰ স্বাস্থ্য আৰু কোষ্ঠকাঠিন্যৰ সমস্যা :

বিশেষজ্ঞসকলে কয় যে পুৱা নিমপাত খালে যকৃত সুস্থ হৈ থাকে । নিমৰ প্ৰদাহ নিবাৰণকাৰী গুণে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা অক্সিডেটিভ চাপ হ্ৰাস কৰি যকৃতক সুস্থ কৰি ৰাখে । ইয়াৰ উপৰিও নিমপাতে তেজ বিশুদ্ধ কৰি তেজৰ পৰা অশুদ্ধি আঁতৰাই পেলায় । দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে কোষ্ঠকাঠিন্যত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু বিশেষজ্ঞসকলে কয় যে এই সমস্যাত ভুগি থকা লোকসকলৰ বাবে নিমে ঔষধৰ দৰে কাম কৰে । কোৱা হয় যে নিমপাতত থকা আঁহে মলত্যাগ ভাল কৰে আৰু লগতে পেট ফুলাৰ সমস্যাৰ পৰাও সকাহ দিয়ে ।

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ :

বিশেষজ্ঞসকলে কয় যে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত নিমে এক অলৌকিক ঔষধৰ দৰে কাম কৰে । কোৱা হয় যে যদি আপুনি দৈনিক নিমপাত বা নিমপাতৰ গুৰি খাই, তেনেহ'লে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস হয় । 2009 চনত "ফাইট’থেৰাপী ৰিচাৰ্ছ" আলোচনীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছিল যে ডায়েবেটিচত ভুগি থকা লোকসকল, যিসকলে 12 সপ্তাহৰ বাবে দৈনিক 2 গ্ৰাম নিম পাউডাৰ গ্ৰহণ কৰিছিল, নিমে তেওঁলোকৰ ৰক্ত শৰ্কৰাৰ (এফ বি এছ), এইচ বি এ1চি স্তৰ আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ যথেষ্ট হ্ৰাস কৰিছিল । এই গৱেষণাত বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ফাৰ্মাক’লজীৰ অধ্যাপক ড০ চি.কে. ৰাজে অংশগ্ৰহণ কৰিছিল ।

অন্ত্ৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰে :

বিশেষজ্ঞসকলে কয় যে খালী পেটত নিম খালে অন্ত্ৰৰ তন্ত্ৰ সুস্থ হৈ থকাৰ লগতে খাদ্যনলী ৰোগ সৃষ্টিকাৰী জীৱাণুৰ পৰা সুৰক্ষিত হৈ থাকে । পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে বহু লোক অন্ত্ৰৰ সংক্ৰমণত ভুগিছে । খালী পেটতে নিমৰ পাত খালে এই সমস্যাৰ পৰা সকাহ আৰু সুৰক্ষা লাভ কৰিব পাৰি ।

দাঁতৰ আলুৰ সমস্যাৰ বাবে উপকাৰী :

বিশেষজ্ঞসকলে কয় যে দাঁতৰ আলু ফুলা, দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱা আৰু উশাহৰ দুৰ্গন্ধত ভুগি থকা লোকসকলে নিম চোবাই খালে উপকৃত হ'ব পাৰে । 2015 চনত "জাৰ্নেল অফ ক্লিনিকেল পিৰিয়ডণ্টোলজী"ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, গৱেষকসকলে দেখিছিল যে নিম চোবাওঁতাসকলৰ ক্ষেত্ৰত দাঁতৰ আলু ফুলা আৰু ৰক্তক্ষৰণ যথেষ্ট হ্ৰাস পাইছিল ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি :

বিশেষজ্ঞসকলে কয় যে নিমৰ ৰস খালে আৰু নিয়মিতভাৱে সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । ইয়াৰ উপৰিও কোৱা হয় যে ইয়াত থকা পুষ্টিকৰ পদাৰ্থই চৰ্দি আৰু কাহৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

পাৰ্শ্বক্ৰিয়া হ'ব পাৰে : কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে নিমৰ পৰা পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ ভাষ্য অনুসৰি নিম ঔষধি কিন্তু নিশ্চিত কৰিব যে দৈনিক যাতে 5 ৰ পৰা 6 খিলা পাতহে খায় ৷

লগতে পঢ়ক : আপোনাৰ স্বাস্থ্যৰ বাবে নৰসিংহৰ পাত কিমান উপকাৰী জানো আহক - Curry Leaves

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.