ETV Bharat / health

জিভাই দিব আপোনাৰ স্বাস্থ্যৰ বতৰা...নিমিষতে ধৰা পেলাব মাৰাত্মক ৰোগ - AI Predicts Disease

author img

By ETV Bharat Health Team

Published : Sep 3, 2024, 5:28 PM IST

Artificial Intelligence Predicts Disease: শতিকা পূৰ্বে এনে বহু চিকিৎসক আছিল যিয়ে মানুহৰ মুখ, হাত, জিভা চাইয়েই যিকোনো ৰোগ ধৰা পেলাইছিল বৰ্তমানৰ আধুনিক সমাজৰ বাবে সেয়া যেন এক অতীত হৈ পৰিছে কিন্তু আমি যদি কও সেই পুৰণি চিকিৎসা পুনৰ আমাৰ মাজলৈ ঘূৰি আহিছে....

Artificial intelligence predicts tongue disease with 96 percent accuracy
জিভাই দিব আপোনাৰ স্বাস্থ্যৰ বতৰা...নিমিষতে ধৰা পেলাব মাৰাত্মক ৰোগ (FREEPIK)

আপুনি কেতিয়াবা ভাবিছেনে যদি কোনোবাই আপোনাৰ ফালে চাই আৰু কৈ দিয়ে আপুনি অসুস্থ? শতিকা পূৰ্বে এয়া সম্ভৱ আছিল, যেতিয়া মহান চিকিৎসকসকলে এজন ব্যক্তিৰ নাড়ী, মুখ বা জিভা চাই সেই ব্যক্তিজন কি ৰোগত আক্ৰান্ত হৈছে সেই কথা ক’ব পাৰিছিল ৷ তাৰ পিচত সময় সলনি হ’বলৈ ধৰিলে ৷ মানুহে লাহে লাহে আধুনিকতাৰ পিনে ঢাল খাবলৈ ধৰিলে ৷ সমাজখন দিনক দিনে বিকশিত হ’বলৈ ধৰিলে, তাৰ লগে লগে আমাৰ চৌপাশৰ বস্তুবোৰো ক্ৰমান্বয়ে সলনি হৈ পৰিল ৷ এই বিকাশৰ দৌৰত যদি আমি কিবা হেৰুৱালোঁ, তেন্তে সেয়া আছিল আমাৰ প্ৰাচীন চিকিৎসা পদ্ধতি ৷

কিন্তু এতিয়া এনে চিকিৎসা পদ্ধতি পুনৰ আমাৰ জীৱনলৈ ঘূৰি আহিবলৈ গৈ আছে, য’ত এজন ব্যক্তিৰ জিভা চাই এটা যন্ত্ৰই কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে তেওঁৰ ৰোগবোৰ সঠিকভাৱে নিৰ্ণয় কৰিব ৷ ইয়াৰ দ্বাৰা ৰোগ আগতীয়াকৈ ধৰা পেলোৱাই নহয়, সঘনাই তেজ পৰীক্ষা কৰিবলগীয়া হোৱাৰ পৰাও ৰক্ষা পৰিব ৷ ইৰাকৰ মধ্য কাৰিকৰী বিশ্ববিদ্যালয়ৰ গৱেষকৰ গৱেষণাৰ বাবেই এইটো সম্ভৱ হ’বলৈ গৈ আছে ৷

বিকশিত হ’ল এআই মডেল

শেহতীয়াকৈ ইৰাকৰ মধ্য কাৰিকৰী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে জিভাৰ ছবিৰ পৰা ৯৮ শতাংশ সঠিকতাৰে ৰোগ ধৰা পেলাব পৰা এআই মডেল প্ৰস্তুত কৰিছে ৷ এই প্ৰযুক্তিয়ে জিভাৰ ফটোখন বাস্তৱ সময়ত বিশ্লেষণ কৰি দ্ৰুত আৰু সঠিক ফলাফল দিয়ে ৷ যদি এই প্ৰযুক্তি সম্পূৰ্ণ সফল হয়, তেন্তে ৰোগ ধৰা পেলোৱাটো মাথো কেইমিনিটমানৰ কথা হৈ পৰিব ৷

জিভাৰ ৰং আৰু টেক্সচাৰে ধৰা পেলাব ৰোগ

এই কৌশলৰ ভেটি প্ৰাচীন চীনা চিকিৎসা পদ্ধতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, য’ত চিকিৎসকে জিভাৰ ৰং আৰু গঠনৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰিছিল ৷ আধুনিক বিজ্ঞানে এই প্ৰাচীন জ্ঞানক উন্নত এআই মডেলৰ সৈতে সংযুক্ত কৰি আৰু অধিক ফলপ্ৰসূ কৰি তুলিছে ৷ দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয় আৰু ইৰাকৰ মধ্য কাৰিকৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে একেলগে এই এআই মডেল প্ৰস্তুত কৰিছিল, যিটো ৫,২৬০খন জিভাৰ ছবিৰ পৰীক্ষা কৰা হৈছিল ৷ এই ছবিবোৰ বিভিন্ন ৰোগৰ লেবেলৰ দ্বাৰা বিশ্লেষণ কৰা হৈছিল ৷

ডায়েবেটিছ-কেন্সাৰ ৰোগীৰ জিভা

গৱেষণাৰ পৰা দেখা গৈছে যে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ জিভা প্ৰায়ে হালধীয়া হয়, আনহাতে কেন্সাৰ ৰোগীৰ জিভা বেঙুনীয়া ৰঙৰ হয় আৰু ইয়াৰ ওপৰত ডাঠ তৰপ থাকে ৷ তীব্ৰ ষ্ট্ৰোকত আক্ৰান্ত লোকৰ জিভাৰ ৰং ৰঙা আৰু অদ্ভুত আকৃতিৰ হোৱা দেখা গৈছে৷ এনে ছবি বিশ্লেষণ কৰিবলৈ এ আই মডেলক প্ৰশিক্ষণ দিয়া হৈছে, গতিকে ই ৰোগৰ দ্ৰুত আৰু সঠিকভাৱে ধৰা পেলাব পাৰে ৷ জিভাত যিবোৰ ৰোগৰ লক্ষণ স্পষ্টভাৱে ধৰা নপৰে, সেইবোৰ ৰোগ চিনাক্ত কৰিবলৈ এই প্ৰযুক্তিয়ে সক্ষম ৷

ফোনৰ কেমেৰাৰ জৰিয়তেও জানিব পাৰিব

এই প্ৰযুক্তিয়ে কেৱল সঠিক তথ্য প্ৰদান কৰাই নহয় বৰঞ্চ ইয়াক সাধাৰণ স্মাৰ্টফোন কেমেৰাৰ সহায়তো ৰূপায়ণ কৰিব পৰা যাব ৷ ইয়াৰ দ্বাৰা এই প্ৰযুক্তি দুৰ্গম অঞ্চলতো উপযোগী হ’ব পাৰে, য’ত পৰম্পৰাগত চিকিৎসাৰ সুবিধা উপলব্ধ নহয় ৷ প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলোৱাৰ পৰা আৰম্ভ কৰি এই প্ৰযুক্তিৰ দ্বাৰা ফলপ্ৰসূ চিকিৎসা সম্ভৱ হ’ব পাৰে লগতে বহুতো মহামাৰীৰ দৰে পৰিস্থিতিত তাৎক্ষণিক চিকিৎসা গ্ৰহণ কৰিব পৰা যাব ৷

লগতে পঢ়ক: কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান: সম্ভাৱনা আৰু প্ৰত্যাহ্বান - Rise of Artificial Intelligence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.