ETV Bharat / health

মানসিক চাপ যথেষ্ট বৃদ্ধি পাইছে ? তেন্তে এয়া লওক উপায় - Stress Management - STRESS MANAGEMENT

Stress Remedy: সচৰাচৰ জীৱনত এনেকুৱা হয় যে আমি বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়, যাৰ ফলত আমাৰ মানসিক চাপ বৃদ্ধি পায়, যি আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰেই ভাল নহয় ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক এনে কোনবোৰ উপায় আছে যাৰ দ্বাৰা আমি ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰো ৷

Are you experiencing excessive stress? These exercises can help
মানসিক চাপ যথেষ্ট বৃদ্ধি পাইছে ? তেন্তে এয়া লওক উপায় (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 4:55 PM IST

কামৰ হেঁচা বা আন ব্যক্তিগত তথা পাৰিবাৰিক কাৰণসমূহৰ বাবে সাম্প্ৰতিক সময়ত অধিকাংশ লোকেই যথেষ্ট মানসিক চাপ আৰু উদ্বেগৰ ভুক্তভোগী হয় ৷ ইয়াৰ ফলত ব্যক্তিৰ নিজৰ জীৱনশৈলীতো নেতিবাচক প্ৰভাৱ পৰে ৷ মানসিক চাপৰ বাবে মগজুৱে ভালদৰে কাম কৰিব নোৱাৰে ৷

ফোনত, ছ’চিয়েল মিডিয়াত ঘণ্টাৰ পিচত ঘণ্টা সময় কটালে, গতানুগতিক জীৱনৰ প্ৰভাৱ আদি কাৰণৰ লগতে প্ৰকৃতিৰ পৰা বাঢ়ি অহা দূৰত্বৰ ফলতো মানুহে মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ এনে অৱসাদৰ পৰাই লাহে লাহে আৰম্ভ হয় বহুতো শাৰীৰিক আৰু মানসিক সমস্যা ৷

যেতিয়া আমি মানসিক অৱসাদ অনুভৱ কৰো, তেতিয়াই আমাৰ মাজত এলাহৰ ভাৱ আহে আৰু মানসিক স্বাস্থ্যও প্ৰভাৱিত হয় ৷ ইয়াৰ বাবেই দৈনন্দিন জীৱনতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত কিছুমান অভ্যাস মানি চলিব পাৰে, যি আপোনাক মানসিকভাৱে সবল আৰু সক্ৰিয় কৰি ৰাখিব ৷ এই অভ্যাসবোৰৰ বিষয়ে জানো আহক…

ৱৰ্ক আউট

যদি আপুনি নিজকে মানসিকভাৱে সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে দিনটোত কমেও এঘণ্টা সময় ৱৰ্ক আউট কৰক ৷ আপুনি সাঁতোৰা, দৌৰা, জগিং আৰু নৃত্যৰ দৰে কাম কৰিব পাৰে ৷ এনে কাৰ্যৰ দ্বাৰা আপোনাৰ শৰীৰটোও সুস্থ হৈ থাকিব ৷

খাদ্যাভাসৰ যতন

আপোনাৰ দৈনন্দিন খাদ্যাভ্যাস যিমান পাৰি স্বাস্থ্যকৰ কৰি ৰাখিবলৈ চেষ্টা কৰক ৷ খাদ্যত মছলা আৰু নিমখ কম ব্যৱহাৰ কৰক ৷ কেফেইন আৰু মদ্যপান পৰিহাৰ কৰিবলৈ আৰম্ভ কৰক ৷ খাদ্যতালিকাত অধিক পৰিমাণে ফল-মূল, শাক-পাচলি আৰু বাদাম জাতীয় খাদ্য বস্তু অন্তৰ্ভুক্ত কৰক ৷

যোগাসন

যদি আপুনি নিজকে মানসিকভাৱে সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে যোগাসন কৰিবলৈ আৰম্ভ কৰক ৷ লগতে যিবোৰ কামে আপোনাক সুখী কৰে, সেই কামবোৰ অধিক পৰিমাণে কৰক ৷ এনে কামে আপোনাৰ মানসিক চাপ পৰিচালনা কৰিব ৷ ইয়াৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব ৷

জিৰণি

আমাৰ মনটোৱে কেতিয়াও চিন্তা কৰিবলৈ বন্ধ নকৰে ৷ এনে পৰিস্থিতিত মনকো জিৰণিৰ প্ৰয়োজন হয় ৷ সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিচত অন্ততঃ এঘণ্টাৰ বিৰতি লওক ৷ সেই সময়ত একো কথা নাভাবিব ৷ প্ৰাকৃতিক পৰিৱেশত বা নিৰ্জন কোনো স্থানত মন শান্ত কৰি কিছু সময় বহক বা জিৰণি লওক ৷ ইয়াৰ লগতে সদায় ৮ ঘণ্টাকৈ শোৱাটো নিশ্চিত কৰক ৷

লগতে পঢ়ক: এনে কি বস্তু আছে যাক খালে টেনচন দূৰ হয় ? আজি জানি লওক - Foods to Relieve Stress

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.